Two youths were arrested for harboring Sumi Bora and Tarkik:
বহুচৰ্চিত ট্ৰেডিং গোচৰত অভিযুক্ত মষ্ট ওৱানটেড চুমি বৰা আৰু তাৰ্কিক বৰাক আশ্ৰয় দিয়াৰ অপৰাধত আৰক্ষীৰ জালত বোকাখাত দুই যুৱক ৷ বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক সোমবাৰে নিশা আটক কৰে বোকাখাত আৰক্ষীয়ে। ইতিমধ্যে আজি দুয়োকে নিয়া হৈছে ডিব্ৰুগড়লৈ ৷ দুয়োকে জেৰা চলাব চিআইডিৰ এছ আই টিৰ তদন্তকাৰী বিষয়াই ৷
ADVERTISEMENT
প্ৰাপ্ত খবৰ অনুসৰি যোৱা সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈ আছিল চুমি-তাৰ্কিকে। উদ্থাপিত অভিযোগ অনুসৰি চুমি-তাৰ্কিকক আত্মগোপন কৰাত সহযোগ কৰিছিল চন্দন নাথেও ৷ উল্লেখ্য যে, ২০১৬ চনৰ পৰাই তাৰ্কিকৰ ফটো গ্ৰাফী কৰ্মৰ সৈতে সহযোগী হিচাপে কাম কৰিছিল শোভনজ্যোতি কুৰ্মীয়ে।