SLRC Gd III-IV Recruitment Examination:তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু নিয়মাৱলী সন্দৰ্ভত সংবাদমেল

সংবাদমেল সম্বোধন ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ ৰমেশ জৈনৰ

ramesh join

SLRC Gd III-IV Recruitment Examination:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই কেতবোৰ কঠোৰ নিয়মাৱলীৰ মাজেৰে অনুষ্ঠিত হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ নিযুক্তি পৰীক্ষাতৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু নিয়মাৱলী সন্দৰ্ভত আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ ৰমেশ জৈনে কয় , সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আমি সাজু। ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ADRE পৰীক্ষা।

সেই অনুসৰি ১৫ ছেপ্টেম্বৰত পৰীক্ষাত অৱতীৰ্ণ হ’ব ১১,২৩,২০৪ প্রার্থী। আনহাতে ৰাজ্যৰ ২৮খন জিলাৰ প্ৰায় ২,৩০৫টা কেন্দ্রত অনুষ্ঠিত হ’ব পৰীক্ষা। ৪২৯টা স্পৰ্শকাতৰ কেন্দ্ৰ চিহ্নিত কৰি ইয়াৰ বাবে নিয়োগ কৰা হৈছে বিশেষ আৰক্ষী নিয়োগ।
জৈনে আৰু কয় যে,প্ৰাৰ্থী সকলে পৰীক্ষা কেন্দ্ৰত ২ ঘণ্টাৰ পূৰ্বেই উপস্থিত হ’ব লাগিব। আনহাতে প্ৰতিগৰাকী প্ৰাৰ্থী পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ নিলগৰ পৰা চলিব তালাচী। পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব ৷ প্ৰাৰ্থীয়ে পৰীক্ষা দিবলৈ আহোতে লগত আনিব পাৰিব মাত্ৰ এডিমিট কাৰ্ড ৷ একেদৰে লগত নিব পাৰিব নীলা বা ক’লা বল পেন, পেঞ্চিল, স্কেল, ইৰেজাৰ লগতে পৰিচয় পত্ৰ, এটিএম, ড্ৰাইভিং লাইচেন্স আৰু, নূন্যতম নগদ ধন ।

প্ৰাৰ্থীয়ে পৰীক্ষা গৃহলৈ নিব নোৱাৰিব কেতবোৰ সামগ্ৰী ৷ সামগ্ৰী সমূহ হ’ল ম’বাইল ফোন , যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ বা সংৰক্ষণ মাধ্যম ডিভাইচ যেনে স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰনিক পেন-স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ’ফোন বা কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা ইত্যাদি ৷

জৈনে আৰু কয় যে,পৰীক্ষা কেন্দ্ৰত চিচিটিভি কেমেৰা লগোৱা হৈছে ৷ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে কঠোৰস্থিতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ৰমেশ জৈনে কয়,নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা সকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব’। একেদৰে পৰীক্ষাক লৈ চ’ছিয়েল মিডিয়াত বিভ্রান্তিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে তাৎক্ষণিক ল’ব ব্যৱস্থা গ্ৰহণ কৰিব । এনে অপৰাধৰ স’তে জড়িত সকলৰ তিনি- চাৰি বছৰ জে’ল হোৱাৰ লগতে জৰিমনা হিচাপে ভৰিব লাগিব এক লাখৰ পৰা ১০ কোটি টকা।

উল্লেখযোগ্য এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে৷ পৰীক্ষাৰ ‘অ এম আৰ’ত চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ’বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ যদিহে অ এম আৰ’ ছীট এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব বুলি উল্লেখ কৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ ৰমেশ জৈনে ৷

Exit mobile version