AAASA protests demanding tribalization:
সদৌ অসম আদিবাসী ছাত্র সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তীব্র প্রতিবাদ সাব্যস্ত । জনজাতিকৰণৰ দাবীত ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ সন্মুখত আজি দুপৰীয়া উত্তাল প্ৰতিবাদ কৰে সংগঠনটোৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৷
সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডিগবৈ আঞ্চলিক, ফিল’বাৰী আঞ্চলিক, টঙনা আঞ্চলিক সমিতিৰ সহযোগত ৮৪ নং ডিগবৈ বিধান সভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ সন্মুখত ‘দুঘণ্টীয়া ঘৰ ঘেৰাওঁ কাৰ্য্যসূচী” ৰূপায়ণ কৰে ৷
উল্লেখ্য যে,সংগঠনটোৰ দাবী কেইটা হ’ল সংবিধানৰ ১২৫ নং সংশোধনী বিধেয়ক ২০১৯ অনুসৰি অসমৰ আদিবাসী সকলক জনজাতিকৰণন মর্যাদা প্রদান কৰা , সংবিধান ১২৫ নং সংশোধনী বিধেয়ক ২০১৯ অনুমৰি অসমৰ আদিবাসী সকলক উপগ্ৰহীয় স্বায়ত্ত্বশাসিত পৰিষদ(Satellite Autonomous Council) গঠন কৰা ,অসম ভূমি অধিগ্রহণ আইন ১৮৮৬ ৰ ১০ অধ্যায়ৰ মতে আদিবাসী সকলক ভূমিৰ পট্টা প্রদান কৰা আৰু অসমত বসবাস কৰা আদিবাসী লোকসকলৰ নিজ জাতি বা উপজাতিৰ নামেৰে জাতিগত প্রমাণ পত্র প্রদান কৰা।