kasutali Eviction Incident Update:কচুতলিত ইউডিএফৰ বিধায়কৰ পিছত আজি কংগ্ৰেছৰ প্ৰতিনিধি দলক বাধা স্থানীয় দল-সংগঠনৰ

ট্ৰাইবেল সংঘ সহ বিভিন্ন জনজাতি দল- সংগঠনৰ প্ৰতিবাদ কাৰ্যসূচী, উচ্ছেদস্থলীত উপস্থিত শৃংখল চলিহা

jakir 1

kasutali Eviction Incident Update:

সোণাপুৰৰ জনজাতি আবেষ্টনীৰ কচুতলিত বৃহস্পতিবাৰে সংঘটিত ৰক্তক্ষয়ী পৰিস্থিতিক লৈ সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি আজিও উত্তেজনাময় হৈ আছে। এনে ক্ষেত্রত নতুনকৈ যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব নোৱাৰে, তাৰ বাবে জিলা প্রশাসন আৰু আৰক্ষীয়ে আজি স্পর্শকাতৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা যথেষ্ট বৃদ্ধি কৰে। ইয়াৰ মাজতে আজি দুপৰীয়া উপস্থিত হয় কংগ্ৰেছৰ প্ৰতিনিধি দল এটা জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰী সহ নজনীয়া সজাতি দল এটা। অৱশ্যে এই দলটোৱে সোণাপুৰ পথাৰ তথা কচুতলিত প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। স্থানীয় কে’বাটাও সংগঠনৰ কৰ্মকৰ্তাই দলটোক প্রৱেশত বাধা দিয়ে আৰু ইয়াকে লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

এনে বাধাৰ ফলত কংগ্ৰেছৰ বিধায়কৰ দলটো উভতিবলৈ বাধ্য হয়। দলটোত আছিল কংগ্ৰেছৰ সংখ্যালঘু বিধায়ক জাকিৰ হুছেইন শিকদাৰ,নুৰুল হুদা,ডা:আছিফ মহম্মদ নাজিৰ,মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ৷ দলটো উপস্থিত হোৱাৰ সময়তে ডিমৰীয়া জিলা জনজাতি সংঘ, কার্বি ছাত্র সন্থা, ট্রাইবেল যূথ লীগ, ডিমৰীয়া জনজাতীয় সংগঠনসমূহ সমন্বয়ৰক্ষী সমিতি আদিৰ কর্মকর্তাসকলে ‘কংগ্ৰেছ গ’ বেক’, ‘কংগ্ৰেছ হুঁচিয়াৰ’, ‘উচ্ছেদক লৈ সাম্প্রদায়িক ৰাজনীতি নচলিব’, ‘খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰক’ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে ৷

স্থানীয় ৰাইজ আৰু জনজাতীয় সংগঠনৰ কৰ্মী সকলে বিধায়কৰ দলটোক ঘেৰি ধৰে। ৰাইজ আৰু বিধায়ক দলটোৰ মাজত কথাৰ কটাকটি হয় ৷ ইয়াৰ ফলত পৰিস্থিতি উত্তেজনাময় হৈ পৰে ৷ অৱশ্যে উত্তেজনাপূর্ণ পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়। প্রায় এঘন্টা ধৰি চলা এই হুলস্থুলীয়া পৰিবেশৰ পাছত বিধায়কৰ দলটো উভতিবলৈ বাধ্য হয়।

আনহাতে আজি ডিগাৰু তিনিআলিত জনজাতি সংগঠন সমূহৰ তিনিদিনীয়া প্ৰতিবাদ কাৰ্যসূচীত অংশ ল’বলৈ শিৱসাগৰৰ পৰা আহি কচুতলিৰ উচ্ছেদস্থলীত উপস্থিত হয় বীৰ লাচিত সেনাৰ মুখ্য সাংগাঠনিক সম্পাদক শৃংখল চলিহাৰ ৷ চলিহাৰ হুংকাৰ উচ্ছেদক লৈ সংখ্যালঘু প্ৰীতি দল- সংগঠন আৰু ৰাজনীতি দলক সহ্য কৰা নহ’ব। ভূমিপুত্ৰ জনজাতি আবেষ্টনীৰ ভূমি অধিকাৰ কৰিবলৈ এই সকল বেদখলকাৰীয়ে সাহস পালে কাৰ পৰা ,আৰক্ষীয়ে যদি উচ্ছেদ কৰিবলৈ অপৰাগ তেন্তে আমাক দায়িত্ব দিয়ক ১৫ মিনিটৰ ভিতৰত ভূমিপুত্ৰৰ সহযোগত খালি কৰিম উল্লিখিত দখলিকৃত ভুমি ৷

আনহাতে, ট্রাইবেল য়ুথ লীগৰ নেতা ধীৰেন ইংতিয়ে কয় যে কচুতলিৰ ঘটনাক লৈ সকলো দল-সংগঠনে পাৰস্পৰিক বুজাবুজিৰে আগবঢ়া উচিত। ইয়াৰ বিপৰীতে সাম্প্রদায়িক বিষবাষ্প ছটিয়াব খোজা ৰাজনৈতিক দলে যাতে কোনো কাৰণতে উচ্ছেদ স্থলীত প্রবেশ নকৰে বুলি ইংতিয়ে সকীয়াই দিয়ে।

উল্লেখ্য যে শুক্ৰবাৰে কচুতলি উচ্ছেদস্থলীত এআইইউডিএফৰ বিধায়কৰ দল এটা প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। স্থানীয় কে’বাটাও সংগঠনৰ কৰ্মকৰ্তাই দলটোক প্রৱেশত বাধা দিছিল আৰু ইয়াকে লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এনে বাধাৰ ফলত বিধায়কৰ দলটো উভতিবলৈ বাধ্য হয়। দলটোত আছিল ধিঙৰ বিধায়ক আমিনুল ইছলাম সহ কে’বাজনো বিধায়ক – নেতা ৷

Exit mobile version