India has the highest plastic pollution in the world with an annual production of 9.3 million tonnes:বছৰি উৎপাদন ৯.৩ নিযুত টন বিশ্বৰ সৰ্বাধিক প্লাষ্টিক প্ৰদূষণ ভাৰতত

ভয়াৱহ পৰিণতি অৱধাৰিত হৈছে, উদ্বেগজনক তথ্য,চেৰ পেলালে চীন-আমেৰিকা যুক্তৰাষ্ট্ৰক

harbage

India has the highest plastic pollution in the world with an annual production of 9.3 million tonnes:

ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৃথিৱীৰ পৰিৱেশ অতি ভয়াৱহ হৈ উঠাৰ আশংকা প্ৰৱল হৈছে। শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনক লৈ চিন্তাশীল সমাজ উদ্বিগ্ন হৈ উঠাৰ সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। অদূৰ ভৱিষ্যতে প্লাষ্টিক প্রদূষণে পৃথিৱীক গ্ৰাস কৰাৰ আশংকা প্রকট হৈছে। কাৰণ নিতৌ বৃদ্ধি পাইছে প্লাষ্টিক প্রদূষণ

লক্ষ্যণীয়ভাৱে এই ক্ষেত্রত ভাৰতৰ অৱস্থাও উদ্বেগজনক হৈছে। ভাৰতত প্ৰতি বছৰে ৯.৩ নিযুত টন অর্থাৎ ৯৩ লাখ টন প্লাষ্টিক প্রদূষক নির্গত হৈ আহিছে। কোনো কালে মাটিত জীণ নোযোৱা এই প্ৰদূষকসমূহে মাটি, পানী আৰু বায়ুৰ অবর্ণনীয় ক্ষতিসাধন কৰিছে। বিশ্বখ্যাত স্বাস্থ্য আলোচনী ‘নেচাৰ’ৰ এক শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি, প্ৰতি বছৰে ভাৰতত প্রায় ৫৮ লাখ টন প্লাষ্টিক দাহ কৰা হয়। প্লাষ্টিক দাহনৰ ফলত যে বায়ুৰ প্ৰচুৰ ক্ষতিসাধন হৈছে সেয়া কোৱা বাহুল্য মাথোঁ।

অকল সেয়াই নহয়, ভাৰতত প্ৰতি বছৰে মাটি, পানী আৰু বায়ুৰ স’তে আন বৃহৎ পৰিমাণৰ প্লাষ্টিক প্রদূষক মিহিলি হয়। এনে প্লাষ্টিক প্ৰদূষকৰ পৰিমাণ ৩৫ লাখ টন। ভৱিষ্যতৰ বাবে এনে অৱস্থা যে মুঠেই সুখকৰ নহ’ব সেয়া চিন্তাশীল লোকসকলে অনুধাৱন কৰিছে। ‘নেচাৰ’ আলোচনীৰ তথ্য অনুসৰি প্লাষ্টিকৰ প্ৰদূষকৰ সৃষ্টিৰ ক্ষেত্ৰত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনকো পিছ পেলাইছে। আলোচনীখনে প্রকাশ কৰা অনুসৰি ভাৰতত বছৰি ৯৩ লাখ টন প্লাষ্টিক প্ৰদূষক সৃষ্টি হোৱাৰ বিপৰীতে চীনত ২৮ লাখ টন প্লাষ্টিক প্রদূষকৰ সৃষ্টি হৈ আহিছে।

এই ক্ষেত্ৰত ভাৰতে ইণ্ডোনেছিয়া (৩৪ লাখ টন) আৰু নাইজেৰিয়া (৩৫ লাখ টন) কো পিছ পেলাইছে। এনেদৰে ভাৰতে বিশ্বৰ মুঠ প্লাষ্টিক প্ৰদূষকৰ ২০ শতাংশ উৎপাদন কৰিবলৈ লৈছে। আনহাতে, লীচ্ছ বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকৰ অধ্যয়ন অনুসৰি বছৰি বিশ্বত ২৫১ নিযুত টন অর্থাৎ ২৫ কোটি ১০ লাখ টন প্লাষ্টিক প্রদূষকৰ সৃষ্টি হয়। কাজেই পৃথিৱীখন যে এক ভয়াৱহ পৰিণতিৰ দিশে অগ্ৰসৰ হৈছে তাক লৈ সন্দেহৰ অৱকাশ নাই।

কাৰণ ইতিমধ্যে জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশ বা বতৰে অস্বাভাৱিক ৰূপ লৈছে। ইয়াৰ ফলত কেতবোৰ স্থানত অতিমাত্ৰা গৰম পৰিবলৈ লৈছে বা আন কেতবোৰ স্থানত অতিপাত বৰষুণ হ’বলৈ ধৰিছে। তদুপৰি বিভিন্ন বেমাৰ-আজাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। এই অৱস্থা অদূৰ ভৱিষ্যতে অধিক জটিল হোৱাৰ আশংকা আছে। বছৰি বিশ্বত উৎপাদন হোৱা ২৫ কোটি ১০ লাখ প্লাষ্টিকৰ আৱৰ্জনাই অলিম্পিকত ব্যৱহৃত ছুইমিং পুলৰ আকাৰৰ প্ৰায় দুই লাখ ছুইমিং পুল পুতি পেলাব পাৰিব।

গৱেষকসকলৰ মতে পৌৰ নিকায়-নিগমসমূহৰ কৰ্মীয়ে প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰে যদিও এইবোৰৰ ব্যৱস্থাপনা যথোচিতভাৱে কৰা নহয়। এইক্ষেত্ৰত আৱৰ্জনাৰ পুনৰ চক্ৰীকৰণৰ ব্যৱস্থা আছে যদিও সাধাৰণতে প্লাষ্টিকৰ আৱৰ্জনা মাটিত পুতি পেলোৱা হয়, কিন্তু এনে আৱৰ্জনা মাটিত জীণ নাযায়। তাৰ বিপৰীতে মাটি প্ৰদূষিতহে কৰে। আনকি এনে প্ৰদূষকে পৰিৱেশ তন্ত্রক ভাঙি পেলাব পাৰে।

আনহাতে, এনে প্রদূষক জুলাই দিলে বায়ুমণ্ডলৰ স’তে ক্ষতিকাৰক কাৰ্বন মন’ক্সাইড মিহলি হয়। এনে বায়ু সেৱন কৰাটো অতি বিপজ্জনক। কাৰণ এনে বায়ু সেৱনে মানুহক হৃদপিণ্ডৰ ৰোগ, শ্বাস-প্রশ্বাস ৰোগ, কর্কট, স্নায়ু বিসংগতি আদিত আক্রান্ত কৰিব পাৰে। গতিকে গৱেষকসকলে সময় থাকোতে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থাপনা নীতি গ্রহণ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

গৱেষকসকলে লগতে আঙুলিয়াই দিছে যে প্লাষ্টিকৰ আৱৰ্জনা নিৰ্গমনৰ মাত্ৰা ভাৰতকে ধৰি সমগ্ৰ দক্ষিণ এছিয়া, উপ-ছাহাৰা আফ্রিকা আৰু দক্ষিণ-পূব এছিয়াত সর্বাধিক। গৱেষকসকলৰ মতে, ব্যৱস্থাপনাৰ বাহিৰত হৈ যোৱা প্লাষ্টিক আৱৰ্জনাৰ পৰিমাণ বছৰি ২২.২ নিযুত টন হয়।

Exit mobile version