Many families left the tribal blalt and block in Kasutali:জনজাতীয় বেষ্টনী এৰিলে বহু পৰিয়ালে

কচুতলি ত্যাগ কৰাৰ আজি অন্তিম দিন, সোণাপুৰৰ পৰা পুৱাৰ পৰা শ শ বাহনৰ দীঘলীয়া শাৰী, ঘৰ-দুৱাৰ এৰি অস্থাৱৰ সা-সম্পত্তি লৈ স্বেচ্ছাই আঁতৰি গ'ল

kasutali

Many families left the tribal blalt and block in Kasutali:

চেপা উত্তেজনাৰ মাজতে প্ৰশাসনৰ নির্দেশনা সাৰোগত কৰি অৱশেষত টালি-টোপোলা বান্ধি জনজাতীয় বেষ্টনী সোণাপুৰৰ কচুতলি- বাৰঘৰীয়া অঞ্চল ত্যাগ কৰিছে বেদখলকাৰী পৰিয়ালসমূহে। আজি অঞ্চলটো খালী কৰি দিয়াৰ অন্তিম দিন।

সেয়েহে দেওবাৰে পুৱাৰ পৰা অঞ্চলটোৰ লোকসকলে পাৰ্যমানে নিজৰ সা-সম্পত্তি সুৰক্ষিত কৰাৰ লক্ষ্যৰে য’ত যি পাৰে টালি-টোপোলা বন্ধাত ব্যস্ত হৈ পৰে। ফলত প্রায় ছয়-সাত কিলোমিটাৰ পথৰ কাষত মাথোঁ টালি-টোপোলা তথা ঘৰৰ আচবাবৰ দ’ম দেখা গ’ল। তদুপৰি তেওঁলোকৰ পদূলিয়ে পদূলিয়ে শ শ বাহনৰ দীঘলীয়া শাৰী। বহু সপোন লৈ সজা গৃহটোত কোনেও যদি বিষাদ মন লৈ হাতুৰিৰ কোব মাৰিছে, কোনোৱে পদূলিমুখত ৰৈ ঘৰখনলৈ চাই দুগালে চকুলো নিগৰাইছে। কণ কণ শিশুসকল দুই-এপদ সামগ্রী কঢ়িওৱাত ব্যস্ত হৈ পৰে। দেওবাৰৰ দিনটোত এয়াই কচুতলিৰ বাস্তৱ ছবি।

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা দক্ষিণ কামৰূপ জনজাতীয় বেষ্টনীৰ অধীনৰ কচুতলি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্রশাসনে চলোৱা উচ্ছেদৰ মাজতে যোৱা ১২ ছেপ্টেম্বৰত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত সংশ্লিষ্ট অঞ্চল খালী কৰি দিবলৈ প্রশাসনে তিনি দিনৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে। ইতিমধ্যে এই সময়সীমাৰ দুটা দিন উকলি যোৱাৰ পাছত কাইলৈ অন্তিম দিন। ইয়াৰ পাছতো পুনৰ প্রশাসনে অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ফলত আজিৰ দিনটোত বহু পৰিয়ালে সা-সম্পত্তিলৈ সংশ্লিষ্ট অঞ্চল স্বেচ্ছাই ত্যাগ কৰা দেখিবলৈ পোৱা গ’ল।

সোণাপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কচুতলি সংযোগী প্রায় ছয়-সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োকাষে আজি কেৱল মালবাহী বাহনৰ দীঘলীয়া শাৰী দেখা গ’ল। বহু পৰিয়ালে আজি সা-সম্পত্তি বাহনত তুলি কোনোৱে নগাঁও অভিমুখে আৰু আন কোনোৱে গুৱাহাটী অভিমুখে যাত্ৰা কৰে। প্রায় ছয়-সাতশ বাণিজ্যিক মালবাহী সৰু-বৰ বাহন আজি অঞ্চলটোত ঠাহ খাই পৰে; কিন্তু তেওঁলোকৰ গন্তব্যস্থান ক’ত স্পষ্টকে প্রকাশ কৰাৰ পৰা বিৰত থাকে।

ইপিনে, আজিৰ দিনটোতো কচুতলি অঞ্চলৰ প্ৰৱেশ পথত আৰক্ষীৰ লগতে স্থানীয় দল-সংগঠনৰ সদস্যসকলক দেখিবলৈ পোৱা গ’ল। সংশ্লিষ্ট পথৰে আগবাঢ়ি যোৱা বাহনসমূহক সোধপোছ কৰিহে আৰক্ষীয়ে যাবলৈ অনুমতি প্রদান কৰা দৃষ্টিগোচৰ হয়। অৱশ্যে দেওবাৰৰ দিনটোতো বিশেষকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতা সংশ্লিষ্ট অঞ্চললৈ বুলি যোৱা নাছিল যদিও বাধা দিবলৈ সষ্টম হৈ আছিল স্থানীয় দল-সংগঠনৰ লগতে বিজেপিৰ সদস্যসকল।

উল্লেখ্য যে দক্ষিণ কামৰূপ জনজাতি বেষ্টনীৰ অধীনৰ সোণাপুৰ পথাৰ,কচুতলিৰ ম্যাদী আৰু একচনা পট্টাত বাস কৰি অহা লোকসকলক তিনি দিনৰ ভিতৰত সংশ্লিষ্ট স্থান খালী কৰিবলৈ প্রশাসনে নির্দেশ জাৰি কৰিছে। সোণাপুৰ ৰাজহ চক্ৰৰ পাণবাৰী মৌজাৰ অন্তৰ্গত সোণাপুৰ পথাৰৰ ম্যাদী পট্টা একৰ পৰা ২০২ লৈ আৰু একচনা পট্টা একৰ পৰা ৮৭লৈ বাস কৰা লোকসকলৰ ভূমি সংক্রান্তীয় নথিপত্র পুনৰীক্ষণৰ বাবে চক্ৰ বিষয়াৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি ম্যাদী পট্টা থকা একাংশ লোকো জনজাতি বেষ্টনীত বসবাসৰ বাবে অযোগ্য বুলি জাননীত উল্লেখ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জাননী লাভ কৰা পৰিয়ালসমূহে সংশ্লিষ্ট স্থানত তেওঁলোকৰ বাস কৰা যোগ্যতা নাই বুলি গণ্য কৰি আজিৰে পৰা স্বেচ্ছাই সেই স্থান ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে।

#ধন লৈ সংস্থাপিত কৰোৱা-আঁচনিৰ সুবিধা দিয়া দালালসকল জালত পৰিবনে?

কচুতলি উচ্ছেদ কাণ্ডই ৰাজহ বিভাগত সংঘটিত আন এক ভয়ংকৰ দুৰ্নীতি পোহৰলৈ অনাৰ সম্ভাৱনা আছে। বিশেষকৈ প্রশাসনে উচ্ছেদ চলোৱা অঞ্চলটোত বহু পৰিয়ালৰ ম্যাদী পট্টা আছে। যিহেতু জনজাতীয় বেষ্টনীত নির্দিষ্ট শ্ৰেণীৰ লোকেহে মাটিৰ অধিকাৰ লাভ কৰে, তেনেস্থলত সংখ্যালঘু সম্প্ৰদায়ৰ তথা অসংৰক্ষিত শ্ৰেণীৰ লোকে কিদৰে মাটিৰ পট্টা লাভ কৰে, এই সময়ত ই এক কোটিটকীয়া প্রশ্নত পৰিণত হৈছে।

উল্লেখ্য যে অঞ্চলটোৰ বাৰঘৰীয়াত প্ৰায় পাঁচ বছৰ পূৰ্বে চাৰি লাখ টকাত ভূমি ক্ৰয় কৰি পকী গৃহ নিৰ্মাণ কৰে এটা পৰিয়ালে। সম্প্রতি পৰিয়ালটোৰ ঘৰ প্ৰশাসনে ভাঙি পেলাই যদিও গাতে লাগি থকা আন এটা পকী গৃহত প্রশাসনে উচ্ছেদ চলাবলৈ সক্ষম নহ’ল। কিয়নো সংশ্লিষ্ট বাসগৃহৰ গৰাকী তথা সংখ্যালঘু সম্প্ৰদায়ৰ লোকজনৰ মাটিৰ ম্যাদী পট্টা আছে। অভিযোগ উঠিছে যে বৃহৎ ধনৰ বিনিময়ত অঞ্চলটোত মাটিৰ পট্টা লাভ কৰিছিল বহু পৰিয়ালে।

বিশেষকৈ সোণাপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ো এই কাণ্ডত জড়িত থকা পূর্ণ সম্ভাৱনা আছে। আনহাতে, উচ্ছেদিত বহুকেইটা পৰিয়ালে সংশ্লিষ্ট স্থানত ৩০-৪০ বছৰ ধৰি বাসবাস কৰি আহিছে আৰু সকলো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে চাৰি-পাঁচ বছৰৰ পূর্বে অঞ্চলটোলৈ অহা পৰিয়ালে ভূমি নামজাৰিৰ নামত দালালক ধন আদায় দিয়াৰো কথা উল্লেখ কৰিছে।

উচ্ছেদিতসকলৰ স্পষ্ট মত যে তেওঁলোকে সংশ্লিষ্ট স্থানত ভূমি ক্ৰয় কৰি তাত বাস কৰিছে আৰু সকলো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰে। তেওঁলোকে মাটিৰ নথিপত্ৰ, চৰকাৰী আঁচনিৰ বাবে কে’বাজনো লোকক বৃহৎ পৰিমাণৰ ধন আদায় দিছিল। এতিয়া প্রশ্ন হ’ল মাটিৰ নামজাৰি, চৰকাৰী আঁচনি তথা সংস্থাপনৰ নামত উচ্ছেদিত লোকসকলৰ পৰা বৃহৎ ধন আদায় কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী তথা দালালসকলৰ বিৰুদ্ধে অভিযান চলিব নে নাই ?

# বৰপেটা-মায়ং-ধিং- সোণাপুৰৰ বুৰাবুৰী অভিমুখে উচ্ছেদিত পৰিয়াল

দেওবাৰে পুৱাৰ পৰা নিশা পৰ্যন্ত আৰু সোমবাৰে পুৱাৰ পৰা ব্যস্ত হৈ পৰে কচুতলি অঞ্চলৰ লোকসকল। কে’বা শতাধিক বাহনত পৰিয়ালসমূহে সা-সম্পত্তি টালি-টোপোলা বান্ধি সংশ্লিষ্ট স্থান ত্যাগ কৰে। অৱশ্যে তেওঁলোক কলৈ যাব স্পষ্টকৈ প্রকাশ নকৰিলেও বাহন চালকসকলে সদৰী কৰা অনুসৰি গৰিষ্ঠসংখ্যক পৰিয়ালৰ কোনোৱে যদি বৰপেটাৰ চৰলৈ, আন কোনোৱে ধিং, নগাঁও, মায়ং, মৈৰাবাৰী আৰু বুৰাবুৰী অঞ্চললৈ যাত্রা কৰিছে। সংশ্লিষ্ট স্থানত তেওঁলোকৰ মাটি আছে আৰু কাৰোবাৰ আত্মীয় আছে।

Exit mobile version