Citizens meeting’ organized by Sachetan Nagarik Manch in Nagaon:ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নগাঁৱত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত’ নাগৰিক সভা’

kasutali 77

Citizens meeting’ organized by Sachetan Nagarik Manch in Nagaon:

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নগাঁৱত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত অলপতে এখন ‘ নাগৰিক সভা ‘অনুষ্ঠিত হয় ৷নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিৰ সচেতন নাগৰিক মঞ্চৰ স্থায়ী সভাগৃহত অনুষ্ঠিত হয়। অৱসৰ প্ৰাপ্ত অধ্যাপক মজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত সোণাপুৰৰ কচুতলিৰ বৰ্বৰ,অমানৱীয় উচ্ছেদ কাৰ্যৰ ফলত ৩ জন সাধাৰণ মানুহৰ মৃত্যু ঘটা আৰু ৪০ জন লোক আহত হোৱা ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে এই ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে ।

ইয়াৰ উপৰিও বিকল্প ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰখা, নিহত আৰু আহত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া, ম্যাদী পট্টাৰ মাটিত উচ্ছেদ বন্ধ ৰখা, বীৰ লাচিত সেনাৰ নেতা শৃঙ্খল চলিহাই এ,কে৪৭ ৰাইফল বিচৰাৰ লগতে এক বিশেষ জনগোষ্ঠীক ভয়-ভাবুকি দিয়া কাৰ্যক গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে শংঙ্খলক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে আইন অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে সভাই অহা ২৯ ছেপ্তেম্বৰত দিনৰ ১০ বজাত নগাঁও জিলা সাহিত্য সভা কমলাদেৱী টোডী ভৱনত এখন চিন্তন বৈঠক পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাৰ অন্তত সচেতন নাগৰিক মঞ্চ, নগাঁওৰ মুখ্য আহবায়ক প্ৰাক্তন বিধায়ক তথা অধ্যাপক মুজিবুৰ ৰহমানৰ নেতৃত্বত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি বিশেষকৈ উচ্ছেদ আৰু অসামাজিক কাৰ্যকলাপ আদিৰ সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰা হয় আৰু মঞ্চৰ সভাত গ্ৰহণ কৰা প্ৰস্তাৱলী বিহিত ব্যৱস্থা গ্ৰহণাৰ্থে দাখিল কৰা হয়।

আয়ুক্ত গৰাকীক সাক্ষাৎ কৰা প্ৰতিনিধি সকলৰ ভিতৰত মুখ্য আহবায়ক অধ্যাপক মুজিবুৰ ৰহমানৰ উপৰিও যুটীয়া মুখ্য আহবায়ক মজিবুৰ ৰহমান (প্ৰাক্তন বিধায়ক,ৰূপহীহাট),সমন্বয়ক ফজলুল হক মৰল,চৰকাৰ গিয়াছুদ্দিন আহমেদ, ইক্ৰামুল হুদা,অধিবক্তা নুৰুল আমিন,আব্দুৰ ৰফিক উপস্থিত থাকে ।

Exit mobile version