Eviction operation will also be conducted on term lease land in Kasutali tribal belt: কচুতলিৰ জনজাতি বেষ্টনীৰ ম্যাদী পট্টাৰ মাটিতো চলিব উচ্ছেদ অভিযান

ধনৰ বিনিময়ত জনজাতি বেষ্টনীত সংস্থাপিত কৰা দালাল চক্ৰৰ আত্মগোপন, একাংশ অ-জনজাতিৰ হাতত এশ বছৰ পুৰণি নথি

kasutali 1

Eviction operation will also be conducted on term lease land in Kasutali tribal belt:

অবৈধভাৱে কচুতলি জনজাতি আবেষ্টনীৰ ভূমি অ-জনজাতি লোকৰ নামত অসাধু চক্ৰই ম্যাদী কৰাৰ তথ্য পোহৰলৈ আহিছে। এনেদৰে ম্যাদী কৰা মাটিতো উচ্ছেদ অভিযান চলোৱাৰ আঁচনি লৈছে চৰকাৰ-প্রশাসনে।

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা দক্ষিণ কামৰূপ জনজাতি বেষ্টনীৰ অধীনস্থ সোণাপুৰ পথাৰ, কচুতলি পথাৰ আৰু গোমৰীয়া পথাৰত অলপতে প্রশাসনে উচ্ছেদ চলায়। এই উচ্ছেদ অভিযান চাৰিদিন শান্তিপূর্ণভাৱে চলে যদিও যোৱা ১২ ছেপ্টেম্বৰত একাংশ বেদখলকাৰী আৰু আৰক্ষী-প্ৰশাসনৰ লোকৰ মাজত ৰক্তক্ষয়ী সংঘাতৰ সূত্রপাত হয়। ফলত তিনিজনকৈ লোকে প্রাণ হেৰুৱাবলগীয়া হোৱাৰ উপৰি এগৰাকী নাবালিকাসহ ২০ জনতকৈ অধিক লোক আহত হয়।

পাছদিনা কামৰূপ মহানগৰ জিলা প্রশাসনে এক জাননীযোগে দক্ষিণ কামৰূপ জনজাতি বেষ্টনীৰ উল্লিখিত অঞ্চলত ম্যাদী আৰু একচনা পট্টাৰ মাটিত বাস কৰি থকা লোকসকলক তিনিদিনৰ ভিতৰত আঁতৰি যাবলৈ নির্দেশ দিয়ে। এই জাননীৰ পাছতে জনজাতি বেষ্টনীত স্থায়ীভাবে বাসৰ যোগ্যতা নথকা বহু হেজাৰ লোকে স্বেচ্ছাই নিজৰ ঘৰ- দুৱাৰ ভাঙি আঁতৰি যায়।

আনহাতে, সূত্রই প্রকাশ কৰা মতে, সোণাপুৰ পথাৰ আৰক্ষীৰ কচুতলি পথাৰ ৰাজহ গাঁৱত বাস কৰা একাংশ লোকৰ ১৯২৩-২৭ ৰে ভূমি বন্দবস্তিৰ নথিপত্র আছে। অর্থাৎ ১৯৫০ত জনজাতি খণ্ড-বেষ্টনী গঠন হোৱাৰ পূৰ্বৰে নথিপত্র এইসকল লোকৰ হাতত আছে। এনে লোকসকল জনজাতি বেষ্টনী বা খণ্ডত বসবাসৰ যোগ্য আৰু তেওঁলোকক উচ্ছেদ কৰা নহয় বুলি সূত্রই সদৰী কৰিছে। তথাপি সমগ্র বিষয় তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

আনহাতে, বৰবিলাত একাংশ বাঙালী সম্প্ৰদায়ৰ লোকে জনজাতি বেষ্টনীত বসবাস কৰি থকা সত্ত্বেও তেওঁলোকক কিয় উচ্ছেদ কৰা নাই বুলি বিভিন্ন পক্ষই প্রশ্ন কৰিছে। এই সম্পর্কত এক সূত্রই কয় যে বৰবিলত বাস কৰি থকা লোকসকল অনুসূচিত জাতি সম্প্রদায়ৰ লোক। জনজাতি আবেষ্টনীত অনুসূচিত জাতি লোকৰ বাস কৰাৰ চৰকাৰী যোগ্যতা আছে।

ইপিনে, কচুতলিৰ এক নম্বৰ খণ্ডৰ পাৰগোমাৰ একচনীয়া ভূমিত বেদখলকাৰীৰ ৯৫টা বাসগৃহ প্রশাসনে উচ্ছেদৰ বাবে চিনাক্ত কৰিছে। ইতিমধ্যে মঙলবাৰে প্রশাসনে এই গৃহসমূহত ৰঙা ফলক আঁৰি দিছে। ইতিমধ্যে এই গৃহসমূহৰ গৰাকীসকল আঁতৰি গৈছে। কেৱল ঘৰৰ অৱশিষ্টহে পৰি আছে।

লক্ষ্যণীয় যে প্রশাসনৰ ধাৰাবাহিক উচ্ছেদ অভিযান আৰু উচ্ছেদৰ সময়ত সংঘটিত ৰক্তক্ষয়ী ঘটনাৰ পাছৰে পৰা জনজাতি বেষ্টনীত ধনৰ বিনিময়ত খহনীয়াগ্ৰস্ত চৰাঞ্চলৰ লোকক বাস কৰিবলৈ সুবিধা দিয়া দালাল চক্রটোৱে আত্মগোপন কৰিছে। শীঘ্ৰে এই দালাল চক্রক উৎখাত কৰিবলৈ স্থানীয় ৰাইজে প্রশাসনক দাবী জনাইছে। ইপিনে, অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত প্রশাসনে দিনে-নিশাই নিৰাপত্তা বাহিনী নিয়োগ কৰি ৰাখিছে।

Exit mobile version