Heroin Seized In Bokajan:প্ৰাক্তন উগ্ৰপন্থীৰ গাড়ীত নিষিদ্ধ হেৰইন জব্দ

গাড়ীত Press লিখি ড্ৰাগছৰ সৰবৰাহত জড়িত আছিল, খুলি লৈছিল নিজা পৰ্টেল চেনেল

bokajan 1

Heroin Seized In Bokajan:

আজি খটখটী থানাৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ বালিজান ৰানা বস্তিত আৰক্ষীৰ জালত পৰে মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে অভিযানত জব্দ কৰে এটা পেকেটত ভৰাই অনা নিষিদ্ধ হে’ৰইন ৷ ধৃত সৰবৰাহকাৰী কেইটা হল চাহিল মুণ্ডা,ৰোহিত ৰয় আৰু মহিলা চামচুল নেহাৰ ৷

ধৃত চাহিল মুণ্ডা আদিবসী উগ্ৰপন্থী সংগঠন আপলাৰ প্ৰাক্তন মুখ্য সেনাধ্যক্ষ আছিল আৰু ২০২৩ চনৰ ২ জুলাইত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷ উল্লেখ্য যে আত্মসমৰ্পণৰ পাছত মুণ্ডাই নিজাকৈ আই.বি.এন ২৪ নামৰ এটা নিউজ পৰ্টেল খুলি নিজৰ গাড়ীত প্ৰেছ লিখি আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনে চলাই আহিছিল ড্ৰাগছ সৰবৰাহৰ লগতে অন্যান্য অসামাজিক কৰ্ম ৷ আৰক্ষীয়ে ধৃত লোক কেইজনৰ পৰা পাঁচটা ম’বাইল ফোন ,সংবাদ মাধ্যমৰ এটা লগ’ আৰু এ.এছ.৩১-৪২৯১ নম্বৰৰ Spresso গাড়ী জব্দ কৰে ৷

Exit mobile version