‘Netri” Book Launch:নাৰী কেডাৰৰৰ সংগ্ৰামী কাহিনীৰে উন্মোচন জুৰী বৰা বৰগোহাঞিৰ ‘নেত্রী

netri 1

‘Netri” Book Launch:

অসমৰ ইতিহাসত সংঘর্ষ আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ এক দীর্ঘ অধ্যায় আছে। এই ইতিহাসে অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনক প্রভাবিত কৰাৰ লগতে এক পৃথক চেতনাৰ জন্ম দিলে। বিচ্ছিন্নতাবাদী সশস্ত্র সংগ্রামে ৰাজনৈতিক-সামাজিক জীৱনৰ গতি সলনি কৰিছে। আনহাতে এই বিপ্লৱৰ ইতিহাসৰ নেৰেটিভত পুৰুষ কেডাৰসকলক যোদ্ধা, সিদ্ধান্ত গ্রহণ কৰোতা হিচাপে প্রতিষ্ঠা কৰা হ’ল। অথবা স্বীকৃত হ’ল কেবল পুৰুষ বা পুৰুষ কেডাৰৰ ত্যাগ।

যিবোৰ ইতিহাস বা গ্রন্থ লিখা হ’ল সেইবোৰতো সেই কথাকে প্রতিষ্ঠা কৰা হ’ল। অর্থাৎ এই ক্ষেত্ৰখনত পুৰুষৰ অৱদানকহে গুৰুত্ব দিয়া হ’ল। একেসময়তে সেই স-শস্ত্র সংগ্রাম, বিপ্লৱ বা যুঁজখনত একাংশ নাৰী কেডাৰো সক্রিয় ভাবে জড়িত আছিল। সাংগঠনিক কাম-কাজত প্রত্যক্ষ ভাবে জড়িত নাথাকি বহু নাৰীয়ে পৰোক্ষভাৱে সাংগঠনিক প্রক্রিয়াত অংশ ল’লে। পৰৱৰ্তী সময়ত এই নাৰী কেডাৰসকলে বিভিন্ন সময়ত ৰাষ্ট্ৰ-বাহিনীৰ দ্বাৰা নিৰ্যাতিতা হোৱাই নহয় সামাজিক জীৱনতো নানা যাতনাৰ সমুখীন হ’ল।

ভূটানৰ অপাৰেশ্যন অল ক্লিয়েৰৰ পিছত বহু নাৰী কেডাৰ ঘূৰি অহিবলৈ বাধ্য হ’ল। সামাজিক জীৱনলৈ প্রত্যাবর্তন তেওঁলোকৰ বাবে প্রত্যাহ্বান হৈ পৰিল। সেনাৰ আক্ৰমণত অথবা অৰণ্য, পাহাৰত স্বামী, সন্তানক হেৰুৱাই এইসকল নাৰী সম্পূর্ণ নিস্বঃ হৈ পৰিল। সর্বস্ব হেৰুৱাই ঘূৰি অহা নাৰী কেডাৰসকলৰ বাবে পৰৱৰ্তী সময়ৰ জীৱন, জীৱিকা সহজ নাছিল। শূন্য হাতেৰে জীয়াই থকাৰ সংগ্রাম এখনত অৱতীর্ণ হ’ব লগা হোৱাই নহয় সামাজিক জীৱনত বাধা আৰু সন্দেহৰ মুখামুখী হ’ল।

একেসময়তে বহু প্রাক্তন সতীর্থই কটোৱা বিলাসী জীৱনৰ পৰিৱৰ্তে এইসকলে কটাই আহিছে সীমাহীন সংগ্রামপূর্ণ জীৱন। এই কষ্ট আৰু সংগ্রাম পৰৱৰ্তী প্রজন্মলৈও গ’ল। বিদ্রোহী সাহিত্যত এই বিষয় লৈ যিবোৰ সাহিত্য ৰচনা কৰা হ’ল তাত এইসকল নাৰীৰ বিষয়ে বৰ বিশেষ আলোচনা নহ’ল। ফলত এইসকল নাৰী আন্ধাৰত ৰৈ গ’ল। কিন্তু এই নাৰীসকলক বাদ দি সংগ্রামখনৰ ইতিহাস সম্পূর্ণ হ’ব নোৱাৰে। বৰ্তমান প্রান্তীয় ইতিহাসৰ যথেষ্ট গুৰুত্ব আছে আৰু বহু লেখকে প্রান্তীয় আৰু নিম্নবর্গৰ সমাজখনক লৈ সাহিত্য ৰচনাত মনোযোগ দিছে।

এই ইতিহাসকে সমল হিচাপে লৈ দীর্ঘদিনে উপন্যাস লিখিছে জুৰী বৰা বৰগোহাঞিয়ে। ‘নেত্রী’ও তাৰ ব্যতিক্রম নহয়। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে আজি পাঠকৰ বাবে উন্মোচন কৰি আগবঢ়াই দিয়া তেওঁৰ নৱতম উপন্যাস ‘নেত্রী’য়ে অসমৰ স-শস্ত্র সংগ্রামৰ আঁৰত ৰৈ যোৱা নাৰী কেডাৰৰ কথা পোহৰলৈ আনিছে। লগতে অসম তথা ভাৰতত নিষিদ্ধ ঘোষিত সংগঠনটো ভূটান পাহাৰৰ পৰা বিতাড়িত হোৱা ভয়ানক পৰিবেশ পৰিস্থিতিক পাঠকৰ চকুৰ আগত তুলি ধৰিছে।

সম্ভ্রান্ত প্রকাশন গোষ্ঠী বনলতা’ই এই উপন্যাসখন প্রকাশ কৰিছে। লেখিকাৰ ইয়াৰ পূৰ্বে প্ৰকাশ পাইছিল ‘কেম’ক্লেজ’ নামৰ এখন উপন্যাস। ‘কেম’ব্লেজ’ক বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই-এ ‘নির্মম সময়ৰ দলিল’ বুলি মত ব্যক্ত কৰিছিল। ‘নেত্রী’ ইতিপূর্বে প্রকাশিত ‘কেম’ফ্লেজ’ৰ চিকুৱেল। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে জনোৱা মতে ‘নেত্রী কেম’ফ্রেজ’ৰ সম্পূর্ণ চিকুয়েন্স নহয় যদিও ‘কেম’ফ্রেজ’ৰ দুটামান চৰিত্ৰ ‘নেত্রী’ উপন্যাসলৈ আহিছে।

ঔপন্যাসিক গৰাকীয়ে মত প্রকাশ কৰি কৈছে ‘সংগ্ৰামৰ যিটো আন্ধাৰ দিশ সেইটো নানা যাতনা আৰু ক্লেশেৰে ভৰা। সেয়া নিৰৱতাত হেৰাই যোৱাটো উচিত নহয়। সেয়ে হ’লে সমাজৰ একাংশ ব্যক্তিৰ প্ৰতি অন্যায় হ’ব। এইখিনি কথা মুক্তভাৱে উন্মোচন কৰাই মোৰ লক্ষ্য। কেম ‘ব্লেজৰ মাজেৰে প্ৰকাশ পোৱা সামাজিক সত্য কিছুমান গাঢ় ৰূপত ‘নেত্রী’ৰ মাজেৰে প্ৰকাশ পাইছে।

পাঠকে এইখন উপন্যাসৰ মাজেৰে কিছু নির্মম, কঠোৰ বাস্তৱক উপলব্ধি কৰিব পাৰিব।’ লেখিকাই বিশ্বাস কৰে যিবোৰ মানুহৰ কাহিনী ইতিহাসত লিখা নহয় সেইসকলৰ কাহিনী উপন্যাসতে লিখিব লাগিব, কাৰণ উপন্যাস সামজিক ইতিহাসৰ এটা গুৰুত্বপূর্ণ অংশ।

Exit mobile version