‘Sadhinata andolanot asom aru tejedhua dhekiajuli’ Book Release:
আজি ঐতিহাসিক ২০ ছেপ্টেম্বৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আজিৰ দিনটো চিৰদিন চিৰকাল স্মৰণীয় হৈ ৰ’ব। বিশেষকৈ স্বাধীনতা আন্দোলনৰ ইতিহাসত অসমৰ ঢেকিয়াজুলি আৰু গহপুৰত নৃশংস ব্ৰিটিছে চলোৱা অত্যাচাৰৰ কথা অসমবাসীৰ লগতে দেশবাসীয়ে কৃতজ্ঞতাৰে স্মৰণ কৰিব। ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলিত ব্ৰিটিছে কৰা নৰসংহাৰৰ সমস্ত কথা ঢেকিয়াজুলি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি হিৰণ্য বৰাই স্বাধীনতা আন্দোলনত অসম আৰু তেজে ধোৱা ঢেকিয়াজুলি শীৰ্ষক এখন গ্ৰন্থত আটকধুনীয়াকৈ লিপিবদ্ধ কৰিছে।
এই গ্ৰন্থ খন স্বাধীনতা আন্দোলনৰ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এক অমূল্য সম্পদ হিচাবে বিবেচিত হৈছে। আজি ঐতিহাসিক ২০ ছেপ্টেম্বৰৰ দিনটোতে ঢেকিয়াজুলি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম ৰাজ্যিক শাখাৰ সভাপতি হিৰণ্য বৰাই তেওঁৰ স্বাধীনতা আন্দোলনত অসম আৰু তেজে ধোৱা ঢেকিয়াজুলি অমূল্য গ্ৰন্থখন উন্মোচন কৰা হয়। আজিৰ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসমৰ যুৱ শাখাৰ সভাপতি প্ৰভু সোণাৰকে ধৰি ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত ঢেকিয়াজুলিৰ গণহত্যা সম্পৰ্কীয় এখন আটক ধুনীয়া সংগীতালক্ষ্যও পৰিবেশন কৰা হয়। স্থানীয় সাংস্কৃতিক প্ৰতিভাধৰ যুৱক-যুৱতীসকলৰ অভিনয়ে সকলোৰে মন পুলকিত কৰি তোলে। ভাষণ প্ৰসংগত প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম ৰাজ্যিক শাখাৰ সভাপতি হিৰণ্য বৰাই ঢেকিয়াজুলিয়েই তেওঁৰ ৰাজনৈতিক জীৱনৰ জন্মস্থান বুলি অভিহিত কৰে।
ঢেকিয়াজুলিবাসীৰ মৰম আৰু সমৰ্থনৰ বাবেই তেওঁ তিনিবাৰকৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল। সেই কথাও বৰাই শ্ৰদ্ধাৰে স্মৰণ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত ঢেকিয়াজুলি, চতিয়া, ন-দুৱাৰকে ধৰি সমগ্ৰ অসমৰ শত সহস্ৰজনে কৰা ত্যাগৰ কথাও তেওঁ স্মৰণ কৰে। আজিৰ এই সভাত উপস্থিত থকা সহস্রাধিক লোকে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনটোত ঢেকিয়াজুলি থানাত ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছ আৰক্ষীৰ গুলীত প্ৰাণাহুতি দিয়া ১১ গৰাকী শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰে।
ঢেকিয়াজুলি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিৰণ্য বৰাৰ স্বাধীনতা আন্দোলনত অসম আৰু তেজে ধোৱা ঢেকিয়াজুলি গ্ৰন্থ খনত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনটোৰ লগতে স্বাধীনতা আন্দোলনত অসমৰ অংশগ্ৰহণৰ নানান পূৰ্বে অপ্ৰকাশিত তথ্য সন্নিবিষ্ট হৈছে।