Zubeen Garg’s Roi Roi Binale:
মুক্তিৰ পূৰ্বে অভিলেখ জুবিন গাৰ্গৰ মানস পুত্ৰ ‘ৰৈ ৰৈ বিনালে ৷ গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ হলত পুৱাৰে পৰা টিকট ক্ৰয়ৰ বাবে শাৰী পাতিলে জুবিন অনুৰাগীয়ে ৷ যোৰহাটৰ চিনেমা হলত অন্য চিনেমা সমূহৰ দৰ্শনী বাতিল কৰি কেৱল চলিব ৰৈ ৰৈ বিনালে ৷ ৰাজ্যৰ প্ৰায়বোৰ চিনেমা হলত টিকটৰ বুকিঙ আৰম্ভৰ কিছু সময়ৰ ভিতৰতে আটাইকেইটা শ্ব’হাউছফুলৰ খবৰ আহিছে ।
আনহাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ দক্ষিণৰ জনপ্ৰিয় ছবি’কানতাৰা’কো চেৰ পেলালে ৷ ইপিনে মুম্বাইত বর্তমান যুদ্ধকালীন ব্যস্ততা টিম ‘ৰৈ ৰৈ বিনালে’ৰ ৷উল্লেখ্য যে,অসমৰ প্ৰতিটো চিনেমা হলৰ উপৰিও চুবুৰীয়া ৰাজ্য মণিপুৰ,অৰুণাচল আৰু মেঘালয় আৰু মণিপুৰত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে ৷ একেদৰে কলকাতা,মুম্বাই,কলকাতা সহ দক্ষিণতো মুক্তিৰ দিয়াৰ প্ৰস্তুতি চলাইছে টিম ‘ৰৈ ৰৈ বিনালে’ ৷
শেহতীয়া খবৰ অনুসৰি অসমৰ পৰিধি অতিক্ৰম কৰি দহ খন দেশটো মুক্তি দিয়াৰ পৰিকল্পনা ৰৈ বিনালে’ৰ প্ৰযোজনা গোষ্ঠীৰ ৷ উল্লেখ্য যে আজিয়ে মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে ৷ADVERTISEMENT




































