Assam’s record heatwave vows to return:গ্ৰীস্মপ্ৰবাহৰ গ্রাসত অসম: গুৱাহাটী সহ ৰাজ্যৰ অধিকাংশ জিলাত ৪০ ডিগ্ৰীলৈ উঠিল পাৰাস্তম্ভ

দেওবাৰে ৪১ ডিগ্রীলৈ উঠিব পাৰে পাৰাস্তম্ভ

heat

Assam’s record heatwave vows to return:

শীতৰ আগমনৰ প্ৰাকক্ষণত ৰাজ্যত অব্যাহত আছে গ্ৰীস্মপ্ৰবাহ ৷ উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলা সহ অধিকাংশ জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা ৭-৩০ বজাৰ আৰম্ভ কৰি ১২-৩০ ভিতৰত শেষ কৰাৰ নিৰ্দেশনা দিছে সংশ্লিষ্ট জিলা প্ৰশাসনে ৷

আনহাতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রই ইতিমধ্যে জাৰি কৰা সতৰ্কতা অনুসৰি অসমত অব্যাহত থকা আবতৰীয়া উষ্ণতাৰ প্রকোপ হ্রাস হ’ব পৰাকৈ অন্ততঃ অহা ২৫ ছেপ্টেম্বৰলৈ বংগোপসাগৰত কোনো পৰিঘটনাৰ সম্ভাৱনা ক্ষীণ।

যাৰ বাবে আজি আৰু দেওবাৰে দিনৰ ভাগত সর্বোচ্চ তাপমাত্ৰাৰ পৰিমাণ কমেও ৪০ ডিগ্রী চেলছিয়াছ হৈ থাকিব। দেওবাৰে আকাশ সামান্য ডাৱৰীয়া হ’ব পাৰে আৰু তাৰ ফলত তাপমাত্ৰাৰ পৰিমাণো ৩৭ ডিগ্রী চেলছিয়াছলৈহে নামিব পাৰে। ডাৱৰৰ কাৰণেই ২৩, ২৪ আৰু ২৫ ছেপ্টেম্বৰত তাপমাত্ৰাৰ পৰিমাণ হ’ব পাৰে ৩৬ ডিগ্রী চেলছিয়াছ।

কেন্দ্ৰটোৰ তথ্য অনুসৰি, অসমত তাপমাত্ৰাৰ পৰিমাণ হ্রাস কৰাত মূল ভূমিকা লোৱা দক্ষিণ-পশ্চিম জলবায়ু সম্প্রতি যথেষ্ট দুর্বল অৱস্থাত আছে। বতাহৰ গতি বেগো নিম্ন হৈ আছে। বংগোপসাগৰতো এই পর্যন্ত জলবায়ুকেন্দ্রিক কোনো প্রভাৱ পৰিলক্ষিত হোৱা নাই। এই কাৰণ কেইটাৰ ওপৰঞ্চি অসমৰ আকাশ বর্তমান সম্পূর্ণ স্বচ্ছ

ইপিনে, আজি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, ৰাজ্যখনত আজিব তাপমাত্রা আছিল স্বাভাৱিকতকৈ যথেষ্ট বেছি। গুৱাহাটীত আজি উষ্ণতাৰ সৰ্বোচ্চ পৰিমাণ আছিল ৪০ডিগ্রী চেলছিয়াছ। এই পৰিমাণ স্বাভাৱিকতকৈ ৫.৬ ডিগ্রী চেলছিয়াছ অধিক।

উল্লেখ্য যে চলিত বর্ষটোত এই পর্যন্ত যোৱা ২৭ জুলাইৰ দিনটো সর্বাধিক উষ্ণতাৰ আছিল। সেইদিনা উষ্ণতাৰ সৰ্বোচ্চ পৰিমাণ আছিল ৩৮.১ ডিগ্রী চেলছিয়াছ। জুলাইত সেই পৰিমাণ প্রায় স্বাভাৱিক আছিল।

তাৰ বিপৰীতে ছেপ্টেম্বৰত প্রায় সমান পৰিমাণৰ উষ্ণতাই ভৱিষ্যতৰ অতি ভয়াৱহ দিনৰ যে ইংগিত দিছে সেয়া ধুৰুপ। এইটোও ঠিক যে গুৱাহাটীৰ দৰে মহানগৰৰ উষ্ণতাৰ বিপৰীতে ৰাজ্যৰ সৰু সৰু চহৰ-নগৰ আনকি গ্রামাঞ্চলতো আজি গৰমৰ প্রকোপ অত্যধিক হৈ ৰয়।

অধিকাংশ জিলাতে দিনৰ ভাগত উষ্ণতাৰ মাত্রা ৩৯-৪০ ডিগ্রী চেলছিয়াছৰ ভিতৰতে থাকে। মানৱসৃষ্ট বিশ্বজোৰা জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতা এনেদৰেই পৰিলক্ষিত হৈছে।

Exit mobile version