Important documents sent through DTDC disappeared along the way:ডিটিডিচিৰ জৰিয়তে প্ৰেৰণ কৰা গুৰুত্বপূৰ্ণ নথি আদবাটতে অন্তর্ধান হ’ল

dtch 4

Important documents sent through DTDC disappeared along the way:

দেশজুৰি দ্রুতগতিত সামগ্ৰী সৰবৰাহৰ দাবী কৰি অহা ডিটিডিচিৰ দায়িত্বজ্ঞানহীন কাণ্ড-কাৰখানাই অতিষ্ঠ কৰি তোলাই নহয়, বিপদৰ মুখলৈ ঠেলি দিছে বহু গ্রাহকক। এনে বিভিন্ন অভিযোগ বহু সময়ত উত্থাপন হৈ আহিছে।

শেহতীয়াভাৱে মহানগৰীৰ বাসিন্দা বিমল সেন ডেকাই বিদেশৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে এক সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে দিল্লীৰ পার্শ্বৱর্তী গুৰগাঁৱলৈ যোৱা তেওঁৰ কন্যালৈ এক অতি জৰুৰী নথি প্ৰেৰণ কৰিছিল ডিটিডিচি এক্সপ্ৰেছ লিমিটেডৰ জৰিয়তে।

২৪ ঘণ্টাৰ ভিতৰতে এই নথি নির্দিষ্ট ঠিকনাত আদায় দিব বুলি কোৱা কোম্পানীটোৱে ইয়াৰ বাবে দুগুণ পৰিমাণৰ মূল্যও আদায় কৰে; অথচ ৬০ ঘণ্টা উকলাৰ পাছতো এই জৰুৰী নথি লাভ নকৰিলে। যোৱা ১৭ ছেপ্টেম্বৰতে এই নথি গুৱাহাটীৰ পৰা গুৰগাঁৱৰ ঠিকনালৈ প্ৰেৰণ কৰা হৈছিল। ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো প্ৰেৰণ কৰা ঠিকনাত ডিটিডিচিয়ে নথি প্রদান নকৰাত অসহায় হৈছে গ্রাহকজন।

কিয়নো এই নথি অবিহনে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পৰা তেওঁৰ কন্যা বঞ্চিত হ’ব। ডিটিডিচিৰ তৰফৰ পৰা এই সন্দৰ্ভত জানিবলৈ অথবা এই গুৰুত্বপূৰ্ণ নথি ক’লৈ গ’ল এই সম্পৰ্কে উত্তৰ দিবলৈ কোনো নাই, প্রয়োজনীয় নথিখিনি হেৰাল নে আন কিবা কাৰণ আছে সেই বিষয়ে উত্তৰ দিয়াটো দূৰৰ কথা। ফোন কৰিলেও কাৰ্যালয়ত ফোন ৰিচিভ নকৰে অথবা বিষয়টো এৰাই চলিছে। এই ক্ষেত্ৰত কি কৰিব কোনো পথ বিচাবি পেৱা নাই ভুক্তভোগী গ্রাহকজনে।

তথ্য অনুসৰি চলিত বৰ্ষত ডেৰাডুনৰ ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে চলিত বর্ষত দুটা পাৰ্চেলৰ ক্ষতিসাধন হোৱাৰ বাবে ডিটিডিচিয়ে ১০ হেজাৰ টকা ক্ষতিপূৰণ আদায় দিবলৈ নির্দেশ দিয়ে। আৰম্ভণিতে জিলা ফ’ৰামে ডিটিডিচিক ২৫ হেজাৰ টকা জৰিমনা আদায় দিবলৈ কৈছিল। এই ক্ষেত্ৰত হৰিদ্বাৰৰ বাসিন্দা নীতিশ শর্মাই ২০১৯ত ডিটিডিচিৰ পৰা সন্তোষজনক সঁহাৰি লাভ নকৰাত জিলা উপভোক্তা আয়োগৰ শৰণাপন্ন হয়। এই জিলা আয়োগে আৰম্ভণিতে ডিটিডিচিক হেৰুওৱা সামগ্ৰীৰ বাবে ২৫ হেজাৰ টকা আদায় দিব কোৱাৰ লগতে গোচৰৰ বিনিময়ত হোৱা ব্যয় পাঁচ হেজাৰ টকা আদায় দিবলৈ নির্দেশ দিয়ে।

মনকৰিবলগীয়া যে এই লোকজনে সামগ্রী প্ৰেৰণৰ কিছুদিনৰ পাছত খবৰ লোৱাত তেওঁক জনোৱা হৈছিল যে পাৰ্চেলটো হেৰাই গৈছে। জিলা উপায়ুক্তই ডিটিডিচিক ৩০,১২০ টকা আদায় দিবলৈ কয়। এইদৰে বিভিন্নজনৰ মূৰত মাধমাৰ শোধাই ঠগ-প্রবঞ্চনাৰ বিভিন্ন অভিযোগ আছে। শেহতীয়াভাৱে মহানগৰীত উত্থাপিত অভিযোগ সন্দর্ভত এই সিদ্ধান্ত ডিটিডিচিৰ কৰ্তৃপক্ষই কোনো উত্তৰ দিয়া নাই।

Exit mobile version