Stone smuggling to Bangladesh:বাংলাদেশলৈ শিলৰ চোৰাং সৰবৰাহ

চকুমুদা কুলিৰ ভাওত কোকোৰাঝাৰ-ধুবুনীৰ বন আৰু পৰিবহণ বিভাগ, দৈনিক লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে, দিছপুৰৰ পৃষ্ঠপোষকতাত আনোৱাৰ-সঞ্জয়-লতিফ বাহিনীয়ে চলাইছে মুকলি লুণ্ঠনৰাজ

stone

Stone smuggling to Bangladesh:

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তত দৈনিক লাখ-লাখ টকাৰ ৰাজহ হেৰুৱাইছে বন বিভাগৰ লগতে পৰিবহণ বিভাগে। ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ পৰিবহণ বিভাগ, ধুবুৰী, কচুগাঁও আৰু পর্বতঝোৰা বন সংমণ্ডল বিষয়াৰ জ্ঞাতসাৰে শিল-বালিৰ এই অবৈধ বেহা তথা ছিণ্ডিকেট চলি আহিছে। ৰাজ্য চৰকাৰৰ এজন শক্তিশালী মন্ত্রীৰ নাম লৈ এই ছিণ্ডিকেট চক্রই অবৈধ ধন সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে।

দীর্ঘদিন ধৰি ৰাজহ ফাকিৰে বাংলাদেশলৈ শিল সৰবৰাহ হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে যদিও নির্দিষ্ট বিভাগৰ কোনো সক্রিয়তা নাই। বৰঞ্চ অসম-বংগ সীমান্তৰ সোণকোষ নদীৰ উপৰি বিভিন্ন স্থানত অবৈধভাবে খনন কৰা শিল-বালি ৰাজহ ফাকিৰে বাংলাদেশলৈ সৰবৰাহ হৈ থকা ঘটনাত হাত উজান দিছে পৰিবহন আৰু বন বিভাগে। উল্লেখ্য যে অসম-বংগ সীমান্তৰ সোণকোষ নদীৰ লগতে মহকুমাৰ বিভিন্ন অঞ্চলত দিনে- নিশাই সম্পূর্ণ অবৈধভাবে শিল-বালি খনন কৰি দৈনিক শশ ডাম্পাৰযোগে ধুবুৰী জিলা হৈ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশলৈ সৰবৰাহ কৰা হয়। প্ৰতিখন ডাম্পাৰত পৰিবহণ বিভাগৰ দ্বাৰা নিৰ্ধাৰিত পৰিমাণতকৈ অতিৰিক্ত বোজা কঢ়িয়াই বাংলাদেশলৈ প্রতিদিনেই সৰবৰাহ কৰা হয় অবৈধভাবে খনন কৰা শিল- বালি।

প্রতিখন ডাম্পাৰত প্রায় ৩০ৰ পৰা ৪০ ঘন মিটাৰ (চিএম) শিল সৰবৰাহত বৃহৎ ছিণ্ডিকেট চক্র জড়িত হৈ আছে। দিছপুৰৰ পৃষ্ঠপোষকতাত ছিণ্ডিকেট চক্রটোরে প্রতিখন ডাম্পাৰত নির্দিষ্ট পৰিমাণৰ সলনি নামমাত্র দুই চিএম শিলৰ চালান যোগান ধৰি থকাত ৰাজ্য চৰকাৰে প্ৰতিটো ডাম্পাৰৰ পৰাই বুজন পৰিমাণে ৰাজহ হেৰুৱাবলগীয়া হৈছে। সকলো জানিও অসমৰ শিল বহিঃৰাষ্ট্ৰলৈ সৰবৰাহ কৰি থকা প্রক্রিয়াত হাত উজান দিছে পৰিবহণ আৰু বন বিভাগে।

কোকৰাঝাৰ জিলাৰ কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ বিভিন্ন ৰেঞ্জ আৰু পৰ্বতঝোৰা বন সংমণ্ডলৰ গুমা ৰেঞ্জৰ অঞ্চলত থকা বন বিভাগৰ বিষয়া- কৰ্মচাৰীসকলে কিন্তু ডাম্পাৰসমূহ তালাচী কৰি কৰায়ত্ত কৰা পৰিলক্ষিত হোৱা নাই; কিছুদিন পূর্বে বন বিভাগৰ উপৰি কোকৰাঝাৰ মটৰ পৰিবহণ বিভাগ অধিক কঠোৰ আছিল যদিও হঠাৎ চকু মুদা কুলিৰ ভাও লোৱাত তেওঁলোকৰ যে ছিণ্ডিকেট চক্ৰৰে গোপন বুজাবুজি আছে সেয়া স্পষ্ট হৈ পৰিছে।

অতিৰিক্ত বোজা কঢ়িয়াই নিয়া ডাম্পাৰৰ ক্ষেত্ৰত নিশ্চুপ কোকৰাঝাৰ আৰু ধুবুৰী পৰিবহণ বিভাগ। তথ্য মতে, গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ হৈ ধুবুৰীলৈকে চলাচল কৰা পথৰ গ্রাহামপুৰলৈকে কোকৰাঝাৰ জিলা প্রশাসন তথা জিলা পৰিবহণ বিভাগৰ অধীন হোৱাৰ উপৰি হাতীধুৰা অঞ্চলৰ পৰা ধুবুৰী জিলা প্রশাসন আৰু পৰিবহণ বিভাগৰ অধীন; কিন্তু তাৎপর্যপূর্ণভাবে কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলা প্রশাসনে অতিৰিক্ত বোজা কঢ়িয়াই চলাচল কৰা ডাম্পাৰৰ ক্ষেত্ৰত আজিলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি দুয়োটা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে সচেতন মহলে।

অভিযোগ মতে, বিশাল ক্ষমতাৰ অধিকাৰী শিলৰ ছিণ্ডিকেট চক্রটোরে পূর্বতে প্ৰতিখন ডাম্পাৰৰ পৰা নিৰ্ধাৰণ কৰা ৭,৫০০ টকাৰ পাছত ৮,৫০০ টকা আৰু শেহতীয়াকৈ ৯,৫০০ টকা নিৰ্ধাৰণ কৰিছে। ছিণ্ডিকেট চক্ৰৰ হাতত এই বিশাল ধনৰাশি প্রদান কৰিলেহে ডাম্পাৰসমূহ ধুবুৰীলৈ যাত্রা কৰিবলৈ অনুমতি পায়। ইয়াৰ ব্যতিৰেকে যদি কোনো শিলভর্তি ডাম্পাৰ যাত্ৰা আৰম্ভ কৰে, তেন্তে যাত্রাপথতে বন বিভাগ আৰু পৰিবহণ বিভাগৰ হাতত জব্দ হয়।

উল্লেখ্য যে ছিণ্ডিকেট চক্রক ধন দিবলৈ অনিচ্ছুক আছিল ডাম্পাৰৰ মালিকসকল, কিন্তু ডাম্পাৰসমূহ ছিণ্ডিকেট চক্ৰৰ বিৰোধিতা কৰিলে চলাচলত বাধা আহে। এনেকৈ যোৱা কিছুদিনৰ পৰা ডাম্পাৰসমূহৰ যাতায়াত বন্ধ আছিল যদিও বর্তমান ৯,৫০০ টকা আদায় দি চলাচল আৰম্ভ কৰিছে। সূত্ৰত প্রকাশ যে ঋণ লৈ ডাম্পাৰ ক্ৰয় কৰা ডাম্পাৰৰ মালিকসকলে ডাম্পাৰৰ মাহিলি কিস্তি দিবলৈ অপাৰগ হয়।

সেয়ে উপায়ান্তৰ হৈ ছিণ্ডিকেট চক্ৰৰ ওচৰত হাৰ মানিলে শিলৰ বেপাৰী তথা ডাম্পাৰৰ মালিকসকলে। অভিযোগ মতে, ৰাজনৈতিক ক্ষমতাপুষ্ট ছিণ্ডিকেট চক্রটোরে বন বিভাগৰ উপৰি কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ পৰিবহণসহ অন্যান্য বিভাগক মেনেজ কৰি ছিণ্ডিকেটৰ জৰিয়তে ৰাজহ ফাকিবে দৈনন্দিন লাখ-লাখ টকা সংগ্ৰহ কৰি আছে। কোকৰাঝাৰ আৰু ধুবুৰী জিলা প্রশাসনে ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আজিলৈ কোনো পদক্ষেপ গ্রহণ নকৰাত ছিণ্ডিকেট চক্র অধিক সক্রিয় হৈ পৰিছে।

অকল তাকে নহয়, বন বিভাগে প্রতিখন ডাম্পাৰৰ চালান পৰীক্ষা কৰিব লাগে যদিও সেয়া নকৰি কাৰ্যালয়ত বহি নিজৰ দায়িত্ব-কর্তব্য পালন কৰি আহিছে বুলি আন এক অভিযোগ উঠিছে। বন বিভাগৰ এনে নির্লিপ্ত ভূমিকাত ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্য দিনক দিনে বৃদ্ধি পাইছে। আনহাতে, সূত্রত প্রকাশ যে প্রতিখন ডাম্পাৰৰ পৰা ছিণ্ডিকেটৰ নামত সংগৃহীত ধন গৈ জমা হয় সঞ্জয়, আনোৱাৰ আৰু লতিফৰ হাতত। এই তিনিজনৰ উপৰি আৰু ন-১০ জন এই ছিণ্ডিকেট চক্ৰৰ স’তে জড়িত হৈ আছে। এই ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্য প্ৰতিৰোধ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়াই হ’ব লক্ষ্যণীয়।

Exit mobile version