Pakistan to welcome India’s most wanted fugitive Zakir Naik:
ভাৰতে পলাতক ঘোষণা কৰা ম’ষ্ট ৱান্টেড অপৰাধী জাকিৰ নাইকক পাকিস্তানে আতিথ্য প্রদান কৰিব। জাকিৰক স্বাগতম জনাবলৈ সম্প্রতি পাকিস্তানৰ কৰাচীৰ পৰা আৰম্ভ কৰি লাহোৰ, ইছলামাবাদত ব্যাপক প্রস্তুতি চলোৱা হৈছে।
ADVERTISEMENT
এইসমূহ চহৰত সুসজ্জিত মঞ্চত সম্মানীয় অতিথি হিচাপে উপস্থিত থাকি জাকিৰে ঘৃণাভৰা ভাষণ ৰাখিব। উল্লেখ্য যে ইছলামিক তথাকথিত ধর্মীয় পণ্ডিত হিচাপে পৰিচিত জাকিৰে ভাৰত বিৰোধী ভাষণ দি পৰৱৰ্তী সময়ত ভাৰতৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল।
মালয়েছিয়াত আশ্রয় গ্রহণ কৰা জাকিৰক এইবাৰ পাকিস্তানে তিনিখন চহৰত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অন্ত্রতণ জনালে। অহা পাঁচৰ পৰা ২০ অক্টোবৰলৈকে কৰাচী, লাহোৰ আৰু ইছলামাবাদত জাকিৰে ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব।