Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Where is the salvation of such anarchy? এনে অৰাজকতাৰ পৰিত্ৰাণ কেনি?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
August 26, 2024
in Uncategorized
Reading Time: 5 mins read
0
Amrit Brikshya Andolan Launched in Assam Today:ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল অমৃত বৃক্ষ আন্দোলন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

Where is the path to get rid of the prevailing anarchy? এনে অৰাজকতাৰ পৰিত্ৰাণ কেনি?

# প্রাঞ্জলসেন ডেকা

সম্প্রতি অসমত উদ্ভৱ হোৱা অৰাজক পৰিস্থিতিয়ে সাধাৰণ নাগৰিকক উদ্বিগ্ন আৰু হতাশ কৰি তুলিছে। অসমত যে সদায়ে শান্তি বিৰাজ কৰি আহিছে, সি নিশ্চয় নহয়; কিন্তু সম্প্রতি পৰিস্থিতি দিনে দিনে অধিক জটিল হৈ পৰা দেখিহে ৰাইজ ভীতিগ্রস্ত হৈছে। এনে পৰিবেশে বহুতকে অগপ চৰকাৰৰ কার্যকাললৈ মনত পেলাই দিছে। ১৯৯৬ ত প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰলৈ চৰকাৰ গঠনৰ পাছতে অসমবাসীয়ে পূর্বে কেতিয়াও নোহোৱা কেতবোৰ অভিজ্ঞতাৰ সম্মুখীন হ’বলগীয়া হৈছিল।

ADVERTISEMENT

চৰকাৰখনৰ ছমাহো পূর্ণ নৌহওঁতেই চৌদিশে পৰিস্থিতি শোচনীয় হ’বলৈ ধৰাৰ সমান্তৰালভাৱে অসমবাসীৰ মাজত ক্ষোভৰ উদ্‌দ্গীবণ ঘটিবলৈ আৰম্ভ কৰিছিল। এফালে বিভিন্ন উগ্রপন্থী সংগঠনৰ নির্বিচাৰ হত্যালীলা আৰু আনফালে তাৰ প্রত্যুত্তৰ দিবলৈ গুপ্তঘাতক বাহিনীৰ তাণ্ডৱ। যিকোনো লোক ঘৰৰ পৰা ওলাই গ’লে উভতি অহাৰ ক্ষেত্ৰত সৃষ্টি হৈছিল চৰম অনিশ্চয়তাৰ।

আর্থিক তথা প্রশাসনিক পৰিচালনাৰ ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী ব্যৱস্থাত নিয়ন্ত্রণহীনতা আৰু মাহৰ পাছত মাহ ধৰি চৰকাৰী কৰ্মচাৰীৰ দৰমহা বন্ধ হৈছিল। প্ৰতিটো বিভাগতে লেকামহীন দুর্নীতি-ভ্ৰষ্ট্ৰচাৰ, চৰকাৰী নিয়োগ প্ৰক্ৰিয়াৰ নামত মুকলি বজাৰ, সংবাদ মাধ্যমৰ ওপৰত আক্রমণ, কেন্দ্ৰৰ অনুদান আত্মসাতৰ উদ্দেশ্যে এবাৰলৈও পঞ্চায়ত নির্বাচন অনুষ্ঠিত নকৰি ক্ষমতাৰ বিকেন্দ্ৰিকৰণৰ ধাৰণাক মযিমূৰ কৰা, বিধানসভাক গুৰুত্বহীন কৰাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে এনে ধৰণৰ নৈৰাজ্যৰ সৃষ্টি কৰা হৈছিল যে দীর্ঘকাল ধৰি ৰাজ্যখন অৰাজকতাৰ গ্ৰাসত বুৰ গৈছিল। সর্বোপৰি চৰকাৰৰ মুৰব্বীসকলৰ ব্যভিচাৰ, পত্নী-পৰিয়ালৰ দৌৰাত্মা তথা অবৈধ পৰিণয়ে কেনে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেয়া অসমবাসীয়ে পাহৰিব নোৱাৰে।

চৰকাৰৰ মুৰব্বীসকলৰ চৰম দুর্নীতি-ভ্ৰষ্ট্ৰচাৰ তথা দুষ্কাৰ্যৰ পৰিণতিতে এনে অৰাজকতাৰ সৃষ্টি হোৱাৰ লগতে ৰাইজৰ ক্ষোভে জ্বালামুখী ৰূপ ধাৰণ কৰিছিল। ৰাজ্যবাসীৰ চৰম অপ্রিয়ভাজন হৈ পৰিছিল চৰকাৰ। ১৯৮৫ ত অসমবাসীৰ অভূতপূর্ব আশা-আকাংক্ষা সত্ত্বেও অনভিজ্ঞতাৰ বাবে মুখ থেকেচা খোৱাৰ পাছত ১৯৯৬ ত দ্বিতীয়বাৰলৈ ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ দিছিল ভোটাৰে; কিন্তু অসম আৰু অসমবাসীৰ উন্নতিৰ হকে কাম কৰাৰ পৰিৱর্তে লুটপাটতহে নামি সেইখন চৰকাৰে কাললৈ কুখ্যাতি ৰাখি থৈ গ’ল।

তাৰ আঢ়ৈ দশকৰ পাছত পৰিস্থিতি ভিন্ন হ’লেও পুনৰ অনাজক পৰিবেশৰ আগজাননীয়ে কেতবোৰ গুৰুতৰ প্রশ্নৰো অৱতাৰণা কৰিছে। তদানীন্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত আৰু আজিৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত যে বিস্তৰ পার্থক্য আছে তাত নিশ্চয় বহুতৰে দ্বিমত নাই। অৱশ্যে তেওঁলোকৰ তুলনা কৰাটো এই লেখাৰ উদ্দেশ্যও নহয়। প্রথমখন তৰুণ গগৈ চৰকাৰৰ পৰা একেৰাহে প্রায় দুই দশক ৰাজ্য চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰূপে কার্যনির্বাহ কৰাৰ পাছত মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱা ড:শৰ্মা অসমৰ এজন শক্তিশালী ৰাজনৈতিক নেতাৰূপেই পৰিচিত হৈ আহিছে।

শেহতীয়াভাবে আনকি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উত্তৰসৰি বিজেপি নেতাসকলৰ ভিতৰত তেওঁৰ নামো বিভিন্নজনে উল্লেখ কৰিছে। ৰাজনৈতিক তৎপৰতা তথা বিভিন্ন বিষয়ত দাঙি ধৰা বক্তব্যৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত তেওঁ পৰিচিত নেতা। তদুপৰি প্ৰশাসনিক তথা ৰাজনৈতিক ক্ষেত্রত তেওঁ এজন দক্ষ নেতা বুলিয়েই সমর্থকসকলে দাবী কৰি আহিছে। ইতিহাসে নিশ্চয় তেওঁৰ ৰাজনৈতিক কার্যকালৰ উচিত মূল্যায়ন কৰিব; কিন্তু তেনে এজন নেতাৰ মুখ্যমন্ত্রীত্বৰ কালছোৱাত এনেদৰে ৰাজ্যত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাটোহে চিন্তনীয়।

চৰকাৰখনৰ কাৰ্যকলাপে ৰাইজৰ মাজত ক্ষোভ-অসন্তুষ্টি দিনে দিনে বৃদ্ধি কৰাটো অতি লক্ষ্যণীয় হৈ উঠিছে। অৱশ্যে প্রত্যাশিতভাৱেই চৰকাৰৰ মুৰব্বী সকলে নির্বাচনত জয়লাভৰ প্ৰসংগৰে তেনে ক্ষোত-অসন্তুষ্টিক আওকাণ কৰি আহিছে; কিন্তু এইবাৰ যেন নির্বাচনী জয়েও চৰকাৰক সুখী কৰিব পৰা নাই। সদ্যসমাপ্ত লোকসভা নির্বাচনত মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ শাসকীয় মর্চাই পূর্বতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে যদিও সেই ফলাফলে মুখ্যমন্ত্রীলৈ ইতিবাচক ইংগিত কঢ়িয়াই আনিব নোৱাৰিলে যেন ধাৰণা হয়।

সামগ্রিক পৰিবেশলৈ লক্ষ্য কৰিলে ধাৰণা হয় যেন বিজেপি এই নির্বাচনত পৰাজিতহে হ’ল! বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত কংগ্রেছৰ জয়ে মুখ্যমন্ত্রীক অস্থিৰ কৰি তোলাটো ৰাজ্যবাসীৰ দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই। ৰজা অস্থিৰ হ’লে ৰাজ্য অৰাজকতাৰগ্রাসত পৰাটোৱে স্বাভাবিক। মুখ্যমন্ত্রী ড: শর্মাই শিক্ষার্থী-মহিলা-আর্থিকভাবে অনগ্রসৰ আদিকে ধৰি সমাজৰ বিভিন্ন গোটৰ বাবে বিভিন্ন অভিলাষী আঁচনি ঘোষণা আৰু ৰূপায়ণ কৰি আহিছে।

দীর্ঘদিন ধৰি কোনো চৰকাৰে হাত দিবলৈ সাহস নকৰা কে’বাটাও ক্ষেত্ৰত তেওঁ কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। তেনেদৰেই বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ বিশ্বাসভাজন হোৱা হেতুকে বিভিন্ন গুরুত্বপূর্ণ দলীয় দায়িত্ব লাভ কৰিছে। এনে এজন অভিজ্ঞ, শক্তিশালী, বিত্তশালী নেতাৰ শাসনে তিনি বছৰ অতিক্রম নৌকৰোতেই ৰাজ্যবাসীৰ বিৰাগভাজন হ’বলৈ ধৰাটো তাৎপর্যপূর্ণ।

দৰাচলতে চৰকাৰী দাবীৰ বিপৰীতে ৰাজ্যবাসীৰ মাজত দীর্ঘদিন ধৰি ক্ষোভ-অসন্তুষ্টিয়ে গঢ় লৈ উঠিছে। লোকসভা নির্বাচনৰ ফলাফলৰ পাছত ইয়াৰ অধিক বহিঃপ্রকাশ ঘটিবলৈ লোৱাৰ উপৰি ই গুৰুতৰ ৰূপ গ্রহণ কৰিছে। এই চৰকাৰে ৰাজ্যত যিকোনো প্রতিবাদী আন্দোলনক বিৰত ৰাখিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে। শান্তিপূর্ণ প্রতিবাদ তথা আন্দোলনৰ কাৰ্যসূচী গণতান্ত্রিক শাসন ব্যবস্থাৰ এক অবিচ্ছেদ্য অংগ।

এনে কার্যসূচীয়ে গণতন্ত্রৰ সজীবতাকে প্রমাণ কৰে। এনে কাৰ্যসূচী গ্ৰহণ কৰা দল-সংগঠনসমূহে বিভিন্ন বিষয়ত নিজস্ব মতামত তথা দাবী-অসন্তুষ্টি দাঙি ধৰে। আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হোৱাটোৱে নিশ্চয়কৈ সংশ্লিষ্টসকলৰ সমস্যাসমূহ সমাধান হোৱাটো নুবুজায়। এক সুস্থ গণতান্ত্রিক পৰস্পবাক মযিমূৰ কৰাৰ লগতে জ্বলন্ত বিষয়বোৰ গপ দি ৰখাৰ অপচেষ্টৰ বাহিৰে ই আন একো নহয়। ফলস্বৰূপে ৰাজ্যত প্রতিবাদী আন্দোলনৰ কাৰ্যসূচী বন্ধ কৰিবলৈ বৰ্তমানৰ চৰকাৰে যিমানেই প্রচেষ্টা চলাইছে, সিমানেই ইয়াৰ প্রকোপ সম্প্রতি বৃদ্ধি পাইছে; কাৰণ ৰাইজৰ সমস্যাবোৰতো সমাধান হোৱাই নাই, বৰঞ্চ জটিলহে হৈছে।

অবশেষত এনে প্রচেষ্টাই চৰকাৰখনৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াভাবে শিৱসাগৰত ৰাইজৰ স্বতঃস্ফূর্ত আন্দোলনৰ কাৰ্যসূচীক আদৰণি জনাই এয়া সমগ্ৰ অসমৰ বাবে এক দৃষ্টন্ত হোৱা উচিত বুলি স্বয়ং মুখ্যমন্ত্রীয়ে মন্তব্য কৰিবলৈ বাধ্য হৈছে। শিৱসাগৰত এই বৃহৎ প্রতিবাদী কার্যসূচী একাংশ ব্যৱসায়ীৰ দুষ্কাৰ্যৰ বিৰুদ্ধে চৰকাৰী কৰ্তৃপক্ষৰ ব্যৱস্থা গ্রহণত ব্যর্থতাৰ প্রতিবাদকল্পেহে সূত্রপাত হৈছিল।

অসমৰে মাৰোৱাৰী সম্প্রদায়ৰ সেই ব্যবসায়ীচামৰ বিৰুদ্ধে আন্দোলনে সামগ্রিকভাবে ‘অনা-অসমীয়া’ সম্প্রদায়সমূহক সামৰি ল’লে। অসমৰ এই সম্প্রদায়সমূহ যে বিজেপিৰেই ভোটবেংক সেই কথা নিশ্চয় দলৰ নেতৃত্বৰ অৱগত নোহোৱা নহয়। মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ পাছত পূব অসমৰ প্ৰতিখন জিলাতে ‘বহিৰাগত অনা-অসমীয়া’ৰ বিৰুদ্ধে বিভিন্ন সংগঠন ঐক্যবদ্ধ হৈ কার্যসূচী গ্রহণ কৰা পৰিলক্ষিত হৈছে। ফলস্বৰূপে আগন্তুক দিনত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে। পৰিস্থিতি নিয়ন্ত্রণত চৰকাৰৰ ব্যৰ্থতাৰ

পৰিণতিতে অসম এনেদৰে জ্বালামুখী হ’বলৈ ধৰিছে। এনে ধৰদ্ৰ আগ্রাসী অভিযানৰ কুফল ইতিপূর্বে একাধিকবাৰ অসমে ভোগ কৰিছে। তদুপৰি অসমৰ লক্ষ লক্ষ যুৱক-যুৱতী বহিঃৰাজ্যত কৰ্মৰত হৈ থকাৰ কথাটো এৰাই চলাটোও সমীচীন নহ’ব নিশ্চিয়। লোকসভা নির্বাচনৰ ফলাফলৰ পাছতে ইছলামধর্মীসকলৰ প্রতি মুখ্যমন্ত্রীৰ বিদ্বেষপূর্ণ বক্তব্যই সচেতন যিকোনো লোককে মনোকষ্ট দিছে।

২০০১ৰ পৰা ড° শৰ্মাই চৰকাৰত কার্যনির্বাহ কৰি অহাৰ লগতে বিগত তিনি বছৰ ধৰি বাজ্যৰ মুখ্যমন্ত্রীৰূপে ক্ষমতাৰ বাঘজৰী ধৰি আহিছে। বিগত সময়ছোৱাত তেওঁ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রীৰূপেও দায়িত্ব পালন কৰিছিল। এই আঢ়ৈ দশক কালছোৱাত তেওঁৰ চৰকাৰে কিমানজন অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ কৰিলে তাৰ হিচাপ দাঙি ধৰা বাঞ্ছনীয়।

অলপতে তেওঁ নিজেই স্বীকাৰ কৰিছে যে এজনো বাংলাদেশী মূলৰ লোকক চৰকাৰে ওভতাই পঠিয়াব নোৱাৰে। যদি সিয়েই হয়, তাৰ অর্থ এয়েই যে অসমত থকা সেই সকলো লোককে ভাৰতীয়ৰূপে স্বীকৃতি প্রদান কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত কোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে ধর্মৰ ভিত্তিত প্ৰৰোচনামূলক বক্তব্য গ্রহণযোগ্য হ’ব পাৰেনে? মুখ্যমন্ত্ৰীৰ এনেবোৰ ভাষ্যই প্রকৃততে তেওঁৰ হতাশা আৰু অস্থিৰতাকে প্রকট কৰিছে।

আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনত যাতে কোনো বৃহৎ অঘটনৰ সম্মুখীন হ’বলগা নহয়, তাৰ বাবে ৰাজ্যত সম্পূর্ণৰূপে ধর্মীয় মেৰুকৰণ কৰাটোৱে যে এনে স্থিতিৰ মূল লক্ষ্য, সেয়া আৰু অসমবাসীয়ে নুবুজাকৈ থকা নাই। ৰাজনৈতিক পণ্ডিতে কৈ গৈছে যে কৌশল সেয়াহে, যাক সাধাৰণ লোকে বুজিব নোৱাৰে আৰু তেনে কৌশলেহে সাফল্য কঢ়িয়াই আনিব পাৰে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ কেতিয়াবা ইছলামধর্মী আৰু কেতিয়াবা মিঞা বিদ্বেষৰ আঁৰ কাৰণ ৰাজ্যবাসীৰ বোধগম্য নোহোৱাকৈ থকা নাই।

আনহাতে, গুৱাহাটীৰ কৃত্রিম বানৰ বাবে ইউএছটিএম নামৰ শৈক্ষিক প্রতিষ্ঠানটোৰ ‘ফ্লাড জেহাদ’ক জগৰীয়া কৰি মুখ্যমন্ত্রীয়ে এক নতুন বিতৰ্কৰ সূত্রপাত ঘটাইছে। তেওঁ লগতে কৈছে যে ইউএছটিএম এটা বৃহৎ কেলেংকাৰিৰ কেন্দ্ৰ। স্বয়ং মুখ্যমন্ত্রী এজনে এনে এটা কেলেংকাৰিৰ বিষয়ে অৱগত হোৱাৰ পাছত তাৰ বিৰুদ্ধে উপযুক্ত তদন্তৰ ব্যৱস্থা কৰাটোহে যুগুত। যদি তাকেই কৰা নহয়, তেন্তে ৰাইজৰ মনত এই সন্দেহ দৃঢ় নহ’বনে যে কোনো ন্যস্ত স্বার্থ পূৰণৰ উদ্দেশ্যেহে এইদৰে শৈক্ষিক প্রতিষ্ঠানটোৰ বিৰুদ্ধে বিষোদগাৰ কৰা হৈছে।

লক্ষ্যণীয়ভাবে মুখ্যমন্ত্ৰীৰ প্ৰতিটো পদক্ষেপ তথা ভাষ্যকে সমর্থন আগবঢ়াই অহা একাংশ সংবাদ মাধ্যম আৰু পক্ষই এই বিতর্কত ইউএছটিএমৰ সপক্ষেহে বিভিন্ন যুক্তি দাঙি ধৰিছে। এই প্রসংগতে এটি অসহজ প্রশ্ন সোধা বাবেই এজন যুৱ সাংবাদিকক মুখ্যমন্ত্ৰীয়ে ধৰ্মৰ ভিত্তিত তুচ্ছ-তাচ্ছিল্য কৰা কাৰ্যই বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। তেওঁ আনকি এইদৰেও কটাক্ষ কৰে যে অসমৰ ভৱিষ্যতৰ সম্পর্কত এতিয়া শ্বাহ আলম (প্রশ্নকর্তা সাংবাদিক) আৰু মহিবুল (মেহবুবুল) হককহে সুধিব লাগিব। এজন খিলঞ্জীয়া গৰিয়া যুৱ সাংবাদিকৰ অসমৰ ভৱিষ্যতৰ সম্পৰ্কত জড়িত হোৱাৰ অধিকাৰ মুখ্যমন্ত্রীয়ে কাঢ়ি নিছে নেকি সেই কথা স্পষ্ট কৰি দিয়াটো বাঞ্ছনীয়।

একেদৰে ইউএছটিএমৰ কৰ্ণধাৰ মেহবুবুল হকক অসমৰ ভৱিষ্যতৰ স’তে জড়িত হোৱাত মুখ্যমন্ত্রীয়ে বাধা দিব পাৰিব নেকি তাকো জানিবলৈ অসমৰ ৰাইজ উৎসুক। সাংবাদিকজনক আক্রমণ কৰিবলৈ গৈ মুখ্যমন্ত্রীয়ে ইউএছটিএমৰ বিজ্ঞাপনৰ আশাতে একাংশ সংবাদ মাধ্যমে এনেদৰে শৈক্ষিক প্রতিষ্ঠানটোক সমর্থন আগবঢ়াইছে নেকি বুলিও প্রশ্ন কৰে;

অথচ এই কথা সকলোৰে সম্মুখত স্পষ্ট হৈ আছে যে উক্ত ইউএছটিএমৰ সৰ্বাধিক বিজ্ঞাপন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত সংবাদ সংস্থাই লাভ কৰি আহিছে। এনে ধৰণৰ অবাঞ্ছিত বিতর্কই ব্যক্তিগত স্বার্থপূৰণ কৰিলেও বহু সময়ত বুমেৰাং হোৱাৰো দৃষ্টান্ত কম নহয়।

দৰাচলতে অসম আৰু অসমবাসীৰ মৌলিক বিষয়সমূহ ছুই যাব পৰাকৈ এই চৰকাৰ সফল হ’ব পৰা নাই। বহুল চৰকাৰী প্ৰচাৰ আৰু আকাশলংঘী দাবী কৰা হৈছে যদিও সেই অনুপাতে ৰাইজ উপকৃত হ’ব পৰা নাই। ৰাজ্যত সকলো ধৰণৰ বেআইনী কার্যকলাপে এই সময়ছোৱাত নতুন পর্যায়ত উপনীত হৈছে। নিত্য প্রয়োজনীয় প্রতিবিধ সামগ্ৰীৰে ভয়াৱহ মূল্যবৃদ্ধিয়ে জনজীৱন অতিষ্ঠ কৰি তুলিছে, অথচ এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে নিৰ্বিকাৰ।

বৰঞ্চ চৰকাৰী পৃষ্ঠপোষকতাত অব্যাহত থকা অবৈধ ছিণ্ডিকেট সমূহেই মূল্যবৃদ্ধিৰ অন্যতম প্রধান কাৰণৰূপে চিহ্নিত হৈছে, অর্থাৎ চৰকাৰৰ বৰমূৰীয়াসকলেই ছিণ্ডিকেটৰ জৰিয়তে মূল্যবৃদ্ধিত অৰিহণা যোগাই আহিছে। এহেজাৰ টকা উৎকোচ আদায় কৰা নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি দুর্নীতিবিৰোধী শ্ল’গান দিয়া হৈছে যদিও প্রতিটো পর্যায়ত, প্রতিটো ক্ষেত্রত দুর্নীতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অধিকাংশ দুর্নীতিগ্রস্তই চৰকাৰৰ শীৰ্ষ মহলৰ পৃষ্ঠপোষকতা লাভ কৰি লুণ্ঠনৰ অশ্বমেধৰ ঘোঁৰা মেলি দিছে।

নিষিদ্ধ ড্রাগছৰ বিৰুদ্ধে অবিৰত অভিযানৰ প্ৰচাৰ চলোৱা হৈছে যদিও গাঁৱে-ভূঞে, নগৰে-চহৰে ড্ৰাগছৰ প্রচলনে অভাৱনীয় পর্যায় পাইছে। একাংশ অভিযুক্তক তথাকথিত ‘এনকাউণ্টাৰ’ কৰি অপৰাধৰ বিৰুদ্ধে কঠোৰতা প্রদর্শন কৰাৰ সময়তে প্রতিদিনে একাধিক নৃশংস অপৰাধৰ ঘটনাই ৰাজ্য কঁপাই গৈছে। মহিলাৰ বিৰুদ্ধে অপৰাধে কেনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, তাক আৰু আজি ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। প্ৰতিটো ক্ষেত্ৰতে এনেদৰে চৰকাৰৰ অপশাসনৰ কুফল ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে।

অৰাজকতাৰ এনে পৰিৱেশৰ পৰা ৰাজ্যবাসীক উদ্ধাৰ কৰিবলৈ চৰকাৰে নিষ্ঠাৰে কোনো পদক্ষেপ গ্রহণ কৰা নাই। সদিচ্ছাৰ বিপৰীতে উদ্দেশ্যপ্রণোদিত ব্যৱস্থাৰে যে এনে পৰিস্থিতিৰ মোকাবিলা সম্ভৱপৰ নহয়, সেই কথা চৰকাৰৰ মুৰব্বীসকলৰ যিমান সোনকালে বোধগম্য হয় সিমানে মংগল।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AnarchyAssamLatest Situationpranjal sen dekaspl Articls
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ
Uncategorized

TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
Uncategorized

Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
Uncategorized

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d