Controversial RTI activist Dulal Bora was flown to Dibrugarh from Delhi:দিল্লীৰ পৰা বিমানেৰে ডিব্ৰুগড়লৈ অনা হ’ল কুখ্যাত আৰ টি আই কৰ্মী দুলাল বৰা

পশ্চিম দিল্লীৰ কালৰা হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে, কালৰা হাস্পতালত চিকিৎসক ৰূপে কৰ্মৰত হৈ আছে বৰাৰ জীয়ৰী

dulal bora new

Controversial RTI activist Dulal Bora was flown to Dibrugarh from Delhi:

দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা ট্ৰেনজিত জিম্মাত লৈ অসমলৈ লৈ অহা হ’ল কুখ্যাত  ৷ আৰ টি আই কৰ্মী দুলাল বৰাক
মঙলবাৰে নিশা গোপন খবৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে পশ্চিম দিল্লীৰ কৃতি নগৰৰ কাৰ্লা হাস্পতালত ভৰ্তি হৈ থকা অৱস্থাত বহু বিতৰ্কিত কুখ্যাত আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰে। বুধবাৰে বৰাক নিজৰ জিন্মাত ল’বৰ বাবে সোনাৰী আৰক্ষীৰ তিনিজনীয়া দল এটা দিল্লীত উপস্থিত হৈছিল আৰু আজি পুৱা ৬-৩০ বজাত ইণ্ডিগ’ বিমানেৰে দুলাল বৰাক ডিব্ৰুগড়লৈ অনা হয়। তাৰ পৰা পোনে পোনে তেঁওক আৰক্ষীয়ে চৰাইদেউলৈ নিয়াৰ কথা।

উল্লেখ্য যে চৰাইদেউ জিলাৰ বিজেপি নেতা তথা পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱজিত হাজৰিকাৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খাই পৰা পিছত আৰক্ষীৰ ৰোষত পৰে দুলাল বৰা। ১৮ ছেপ্তেম্বৰত দুলাল বৰাই গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ পশ্চিম দিল্লীৰ কৃতি নগৰৰ কাৰ্লা হাস্পতালত অসুস্থতাৰ ভাও ধৰি ভৰ্তি হৈছিল গৈ। কুখ্যাত ব্লেকমেইলাৰ দুলাল বৰা আৰক্ষীৰ জালৰ পৰা প্ৰকাশ কৰি প্ৰয়াত দেৱজিত বৰাৰ পৰিয়াল আৰু ৰাইজে সন্তুষ্টি প্রকাশ কৰিছে। হাজৰিকাৰ পত্নী মৌচুমী হাজৰিকাই ইয়াৰ বাবে মুখ্যমন্ত্রী আৰু অসম আৰক্ষীক ধন্যবাদ জনায়। অৱশ্যে একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা সাংবাদিক ৰফিক আহমেদক গুৱাহাটী উচ্চ ন্যায়ালয়ে আগতীয়া জামিন প্রদানক লৈ আক্ষেপ কৰে। মৌচুমী হাজৰিকাই কয়, ‘ৰফিককো গ্ৰেপ্তাৰ কৰি জেৰা চলালে মোৰ স্বামীৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিলহেঁতেন।

প্ৰধানকৈ চাৰিজন ব্যক্তিৰ অহৰহ মানসিক নির্যাতনৰ বাবে মোৰ স্বামীয়ে অকাল মৃত্যুক সাবটি ল’লে। তেওঁ এই ষড়যন্ত্রকাৰীৰ নাম লিখি থৈ গৈছে। সাংবাদিকতাৰ নামত ব্লেকমেইলিঙহে কৰা ৰফিক আহমেদে পলাই থকা অৱস্থাত কেনেকৈ আগতীয়া জামিন পালে তাকে লৈ আচৰিত হৈছো।’

উল্লেখ্য যে দুলাল বৰাৰ আগতীয়া জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে  নাকচ কৰাৰ বিপৰীতে ৰফিক আহমেদক সকাহ প্রদান কৰে। ইপিনে, পত্নীসহ দুলাল বৰাই দিল্লীত আত্মগোপন কৰা সন্দৰ্ভত পোহৰলৈ অহা তথ্য অনুসৰি গ্ৰেপ্তাৰ নিশ্চিত বুলি জানিয়েই অসমৰ পৰা পলায়ন কৰিছিল। যোৱা ১৮ ছেপ্টেম্বৰৰ বিয়লি ৪-৪৫ বজাত গুৱাহাটীৰ পৰা এয়াৰ ইন্ডিয়া এক্সপ্ৰেছৰ এখন বিমানেৰে পত্নীসহ দুলাল বৰাই দিল্লীলৈ উৰা মাৰিছিল। সন্ধিয়া ৭-১৫ বজাত দুয়ো দিল্লী বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পৰা চিকিৎসক জীয়ৰীয়ে দুয়োকে আগবঢ়াই নিছিল। দিল্লীৰ কীৰ্তি নগৰত বৰাৰ ঘৰ আছে। বিমানবন্দৰৰ পৰা ঘৰলৈ গৈ তাত তিনিটা নিশা কটাই ২১ ছেপ্টেম্বৰত কালনাৰ হাস্পতালত ভর্তি হয়। ভর্তি হোৱা হাস্পতালখনতে জীয়ৰী কৰ্মৰত হৈ আছে।

দিল্লীত দুলাল বৰা জালত পৰাৰ পাছতে বুধবাৰে পুৱা অসম আৰক্ষীৰ দুটা দলে গুৱাহাটীৰ দুঠাইত তালাচী অভিযান চলায়। অপৰাধ শাখাৰ আৰক্ষীৰ এটা দল দুভাগত বিভক্ত হৈ এটাই দুলাল বৰাৰ খানাপাৰা বাসগৃহত আৰু আনটো দলে বৰাৰ মালিকানাধীন মহানগৰীৰ গণেশগুৰিস্থিত এনই ভাৰত-২৪ নামৰ প’ৰ্টেলটোৰ কাৰ্যালয়ত অভিযান চলায়। আৰক্ষী সূত্ৰে জানিব পৰা মতে যিকোনো মুহূৰ্ততে চীল হ’ব পাৰে বৰাৰ এনই ভাৰত-২৪ নামৰ প’ৰ্টেলটোৰ কাৰ্যালয় ৷

আনহাতে,দুলাল বৰাৰ গ্ৰেপ্তাৰক লৈ ‘টাইপা’ৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই সন্তুষ্টি প্রকাশ কৰাৰ বিপৰীতে ৰফিক আহমেদে আগতীয়া জামিন লাভ কৰাটো দুর্ভাগ্যজনক তথা অসম আৰক্ষীৰ বাবে এয়া লজ্জাজনক বুলি মন্তব্য কৰে। হাতীমূৰীয়াই কয়, ‘অসম স্মার্ট আৰক্ষীয়ে সাংবাদিক ৰফিক আহমেদক গুৱাহাটীতে বাহৰ পাতি থকাৰ পাছতো কাৰ নিৰ্দেশত আটক নকৰিলে সেয়া ৰহস্যৰ বিষয়। স্মার্ট অসম আৰক্ষী আৰু পাব্লিক প্ৰচিকিউটৰসকলৰ দুৰ্বল ভূমিকাৰ বাবে ৰফিক আহমেদে জামিন লাভ কৰিবলৈ সক্ষম হ’ল।

আহমেদে গুৱাহাটীতে থাকি ম’বাইল ফোন ব্যৱহাৰ কৰি থকাৰ পাছতো স্মার্ট আৰক্ষীয়ে লোকেচন ট্রেক কৰি সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাটোৱে আৰক্ষীৰ এই ফোঁপোলা স্বৰূপ উদঙাই দিলে।’ প্রসংগক্রমে চৰাইদেউ তথা সোণাৰিত হোৱা চর্চা অনুসৰি গুৱাহাটীৰ এজন জ্যেষ্ঠ সাংবাদিকৰ ছত্ৰছায়াতে ৰফিক আহমেদে আত্মগোপন কৰি থাকে। সেইজন সাংবাদিকৰ পৰামৰ্শ মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ আবেদন জনাইছিল।

Exit mobile version