Unbelievable! Every resident in this Florida village owns a plane:আমেৰিকাৰ এখন গাঁৱত সকলো বাসিন্দাৰে আছে ব্যক্তিগত বিমান

গঞাই বজাৰ কৰিবলৈকো যায় বিমান চলাই

air 1

Unbelievable! Every resident in this Florida village owns a plane:

মানুহৰ ঘৰৰ বাহিৰত গাড়ী, বাইকৰ পার্কিং কৰাটো তেনেই সাধাৰণ কথা। মানুহৰ ঘৰ যিমানে বিশাল আৰু দামী হ’ব, সেই ঘৰৰ বাহিৰত নিশ্চিতভাৱে বিভিন্ন নামী- দামী যান-বাহন সুসজ্জিত হৈ থাকিব।

কিন্তু আপুনি কল্পনা কৰিব পাৰিব নে যে মানুহৰ বাসগৃহৰ সন্মুখত গাড়ী বা বাইক নহয়, পার্ক কৰা আছে বিমান। তাকো কোনো চহৰত নহয়, এক গ্রামাঞ্চলত মানুহৰ বাসগৃহৰ সন্মুখত ৰাখি থোৱা আছে এখনৰ পাছত আনখন বিমান।

হয়, আমেৰিকাৰ এক গ্রামাঞ্চলত বাস কৰা প্ৰতিটো পৰিয়ালে ব্যৱহাৰ কৰা ব্যক্তিগত বিমান। কেলিফ’ৰ্ণিয়াৰ এল ডৰেড’ কাউন্টিত কেমেৰ’ন এয়াৰপাৰ্ক গাঁৱত এই অবিশ্বাস্য দৃশ্য সকলোৱে প্রত্যক্ষ কৰি আহিছে। এই গাঁৱত মুঠ ১২৪ টা বাসগৃহ আছে। প্ৰতিটো বাসগৃহৰ সন্মুখত ৰখাই থোৱা আছে ক্ষুদ্র আকৃতিৰ ব্যক্তিগত বিমান

এই গাঁৱৰ বাসিন্দাই ক’ৰবালৈ গ’লে গাড়ীৰ পৰিৱৰ্তে ব্যৱহাৰ কৰে নিজৰ নিজে চলায়। আনকি কিবা খোৱা বস্তু কিনিবলৈ বজাৰলৈ যাব লগা হ’লেও ক্ষুদ্র বিমান। এই বিমান গাঁওবাসীয়ে গাঁওখনৰ বাসিন্দাই ব্যৱহাৰ কৰে ব্যক্তিগত বিমান।

আপুনি নিশ্চয় ভাবি অবাক হৈছে যে গ্রামাঞ্চলৰ বাসিন্দাই এইদৰে ব্যক্তিগত বিমান ক’ৰ পৰা লাভ কৰিলে ? দৰাচলতে এই গাঁওখন ১৯৬৩ ত স্থাপন কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাত বৈমানিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যুদ্ধৰ বাবে দেশখনত যথেষ্ট সংখ্যক এয়াৰফিল্ড নিৰ্মাণ কৰা হৈছিল।

যুদ্ধ সমাপ্তিৰ পাছত এইসমূহ এয়াৰফিল্ডক চৰকাৰে আবাসিক এয়াৰপাৰ্ক হিচাপে গঠন কৰিছিল। পৰৱৰ্তী সময়ত চৰকাৰে উক্ত অঞ্চলত অৱসৰপ্ৰাপ্ত বৈমানিকক বসবাসৰ অনুমতি দিছিল। এইদৰে কেলিফ’ৰ্নিয়াৰ কেমেৰ’ন এয়াৰপাৰ্কত বসবাস কৰা মুঠ ১২৪ টা পৰিয়ালে ব্যক্তিগত জেট বিমান ব্যৱহাৰ কৰি আহিছে।

এই গাঁৱৰ সৰহ সংখ্যক বাসিন্দা হৈছে অৱসৰপ্ৰাপ্ত বৈমানিক। তেওঁলোকে নিজে বিমান চলায়। এয়াৰফিল্ড হোৱা হেতুকে এই গাঁৱৰ পথত সহজে বিমানে উৰণ-অৱতৰণ কৰিব পাৰে।

Exit mobile version