শাৰী শাৰীকৈ ৰখি আছে আফগান যুদ্ধবিমান । তাৰেই এখনক ভাল কামত লগালে তালিবানসকলে । এখন যুদ্ধবিমানৰ পাখিত ৰচি লগাই দোলিছে তেওঁলোকে । তাৰপাছত তাতে আনন্দত দোলিবলৈ লয় । এজনে দোলিছে আন এজনে দোলাই দিছে আৰু বাকী কেইজনে থিয় হৈ উপভোগ কৰিছে । বৃহস্পতিবাৰে এজন সাংবাদিকৰ কেমেৰাত তেনেকুৱাই এটা ভিডিঅ’ ধৰা পৰে ।
আদিত্য ৰাজ কৌল নামে সাংবাদিকজনে ভিডিঅ’টো নিজৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰাৰ লগতে ভাইৰেলো কৰে । বন্দুক লৈ থকা তালিবানসকলৰ এনে ছবি সচৰাচৰ দৃষ্টিগোচৰ নহয় ।
যুদ্ধবিমানবোৰ আফগান বায়ু সেনাৰ এএন৩২ । কিছু বছৰ পূৰ্বে অবসৰ লৈছে । তাৰ পাছৰ পৰা এই এয়াৰফিল্ডত এনেদৰেই পৰি আছে ।
Taliban terrorists making good use of the erstwhile Afghan Airforce aircraft. pic.twitter.com/g9ZpFOq4lF
— Aditya Raj Kaul (@AdityaRajKaul) September 9, 2021
সাংবাদিকৰ এই ভিডিঅ’ৰ তলত নানা মন্তব্য আহিছে । কোনো কোনোৱে তালিবানসকলক চিম্পাঞ্জিৰ স’তে তুলনা কৰিছে । কোনো কোনোৱে আকৌ তেওঁলোকৰ প্রতি সহানুভূতিৰে লিখিছে, ‘তেওঁলোকে শৈশৱ পোৱা নাই, সৰুকালতেই হাতত বন্দুক ধৰাই দিয়া হৈছিল ।’ আন এজনে সকললোকে সাৱধান কৰি লিখিছে, ‘তেওঁলোকক লৈ হাস্যকৰ মন্তব্য কৰাৰ আগতে এবাৰ ভাবি চাওক । কাৰণ যিয়ে দোলিছে তেৱেঁই হয়তো ভৱিষ্যতৰ মন্ত্রী ।’





























