Union ports Minister Sarbananda Sonowal Visit Mumbai:
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা অভিলাষী ‘ক্রুজ ভাৰত মিছন’ মুকলি কৰে। দেশত ক্ৰুজ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লক্ষ্যৰে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে দেশৰ ক্ৰুজ পৰ্যটনক বৃহৎ পৰিসৰলৈ আগুৱাই নিয়া।
পাঁচ বছৰৰ ভিতৰত অৰ্থাৎ ২০২৯ চনৰ ভিতৰত ক্ৰুজ যাত্ৰীৰ যাতায়াত দুগুণ কৰি দেশৰ ক্রুজ পৰ্যটন উদ্যোগক এক নতুন গতি দিয়াৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি সর্বানন্দ সোণোৱালে উল্লেখ কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰেও এই অনুষ্ঠানত সোণোৱালৰ সৈতে যোগদান কৰে। সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত ক্রুজ জাহাজ ‘এম্ৰেছ’ৰ পৰা উক্ত অভিযানৰ শুভাৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ ক্ৰুজ পৰ্যটনৰ এক আগশাৰীৰ প্রাণকেন্দ্র হিচাপে পৰিগণিত কৰা। ক্ৰুজ ইণ্ডিয়া মিছন তিনিটা প্রাণকেন্দ্ৰ হিচাপে পৰিগণিত কৰা। ক্ৰুজ ইণ্ডিয়া মিছন তিনিটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব। প্রথম পর্যায়ত অধ্যয়ন, মাষ্টাৰ প্লেনিং আৰু চুবুৰীয়া দেশবোৰৰ সৈতে ক্রুজ মিত্রতা ত্বৰান্বিতকৰণত গুৰুত্ব দিয়া হ’ব। ই ক্ৰুজ বৰ্তনীসমূহৰ সুযোগ- সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে বিদ্যমান ক্রুজ টার্মিনেল, মেৰিনা আৰু গন্তব্য স্থানসমূহৰ আধুনিকীকৰণ কৰাত সহায় কৰিব।
প্রথম পৰ্যায়ত সাগৰীয় ক্রুজ যাত্ৰীৰ সংখ্যা ৫ লাখৰ পৰা তৃতীয় পর্যায়ত ১০ লাখলৈ বৃদ্ধি কৰা হ’ব, যাৰ ফলত সাগৰীয় ক্রুজ কল ১২৫ৰ পৰা ৫০০লৈ বৃদ্ধি হ’ব। গংগা, ব্রহ্মপুত্রকে ধৰি নদী ক্রুজ যাত্ৰীৰ সংখ্যা প্রথম পৰ্যায়ত ৫ লাখৰ পৰা তৃতীয় পর্যায়ত ১৫ লাখলৈ বৃদ্ধি হ’ব। আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ সংখ্যা প্রথম পৰ্যায়ত ২ৰ পৰা তৃতীয় পৰ্যায়ত ১০লৈ সম্প্ৰসাৰিত হ’ব আৰু নদী ক্রুজ টার্মিনেলৰ সংখ্যা ৫০ৰ পৰা ১০০লৈ বৃদ্ধি হ’ব। একেদৰে, মেৰিনাবোৰ ৫লৈ বৃদ্ধি হ’ব, আৰু সামগ্রিকভাৱে নিযুক্তিৰ সংখ্যা ১ লাখৰ পৰা ৪ লাখলৈ বৃদ্ধি হ’ব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ভাৰতৰ ক্রুজ খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ‘ক্রুজ ভাৰত মিছন’ হৈছে এক গুৰুত্বপূৰ্ণ মুহূর্ত। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতবৰ্ষৰ নীল অৰ্থনীতিৰ প্ৰচুৰ সুযোগ-সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ আমাৰ চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ । আমাৰ দেশৰ ক্রুজৰ অপৰিসীম সুযোগ-সম্ভাৱনা পূৰ্বতে অন্বেষণ কৰা হোৱা নাছিল। এই দূৰদৰ্শী অভিযানৰ জৰিয়তে আমাৰ সামুদ্রিক দৃশ্যপটৰ নতুন পৰিৱৰ্তন হ’ব আৰু ক্রুজ পৰ্যটনৰ জৰিয়তে ভাৰতৰ বিশাল উপকূল আৰু জলপথৰ সম্ভাৱনা অধিক তৃৰান্বিত হ’ব। আন্তঃগাঁথনি উন্নয়ন পৰ্যটকৰ বাবে অধিক ত্বৰান্বিত হ’ব।
আন্তঃগাঁথনি উন্নয়ন, পৰ্যটকৰ বাবে ক্রুজ অভিজ্ঞতা বৃদ্ধিৰে তিনিটা পৰ্যায়ত এই অভিযানৰ অধীনত বিশ্বমানৰ আন্তঃগাঁথনি বিকাশ কৰা হ’ব আৰু ক্রুজ পর্যটন তথা সামুদ্রিক বাণিজ্যৰ বিকাশ সাধন কৰা হ’ব। এই পদক্ষেপে বন্দৰ, ক্রুজ লাইন, জাহাজ অপাৰেটৰ, ট্যুৰ অপাৰেটৰ, সেৱা প্ৰদানকাৰী আৰু স্থানীয় ৰাইজকে ধৰি সকলো অংশীদাৰৰ বাবে সামগ্রিক বিকাশ সুনিশ্চিত কৰিব। ভাৰতৰ ঐতিহ্য-সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্র্যৰ বিশ্বব্যাপী প্ৰচাৰ-প্ৰসাৰৰ বাবে ক্রুজ বৰ্তনী প্ৰস্তুত কৰা হ’ব। তিনিটা মুখ্য খণ্ড- মহাসাগৰ আৰু হাৰ্বাৰ ক্রুজ, নদী আৰু দ্বীপ ক্রুজ, দ্বীপ ক্রুজক সামৰি তিনিটা পৰ্যায়ত এই মিছন ৰূপায়িত হ’ব ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বতো আমাৰ চৰকাৰে অভিনৱ ব্যৱস্থা গ্রহণ কৰি আহিছে, যাৰ ফলত ২০১৪ চনৰ পৰা ক্রুজ খণ্ডত ৪০০% যাত্ৰীৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। ‘ক্রুজ ভাৰত মিছন’এ ২০২৪ চনত ২৫৪ৰ পৰা ২০৩০ চনলৈ ৫০০ আৰু ২০৪৭ চনৰ ভিতৰত ১,১০০লৈ ক্রুজ কলৰ পৰিমাণ বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰিব। আমি ২০২৪ চনত ৪.৬ লাখৰ পৰা ২০৪৭ চনৰ ভিতৰত ৫০ লাখলৈ যাত্রী বৃদ্ধিৰ আশা কৰিছোঁ। এই অভিযানৰ লক্ষ্য হৈছে এই সময়ছোৱাত ক্রুজ খণ্ডত ৪ লাখ নিযুক্তি সৃষ্টি কৰা,” সৰ্বানন্দ সোণোৱালে লগতে কয়।
ৰাষ্ট্ৰীয় ক্রুজ আন্তঃগাঁথনি মাষ্টাৰপ্লেন ২০৪৭ৰ সূচনা কৰাটোও ইয়াৰ অন্যতম লক্ষ্য। ইণ্ডিয়ান প’র্টছ এছ’চিয়েচন (আইপিএ)ৰ অধীনত এটা ক্রুজ-কেন্দ্রিক এছপিভি স্থাপন কৰা আৰু ক্রুজ উন্নয়ন পুঁজি স্থাপন কৰাটোও ইয়াৰ ভিতৰত অন্তর্ভুক্ত আছে। ক্রুজ ভাৰত মিছনে কেৱল ভাৰতৰ ক্রুজ পর্যটন খণ্ডক উন্নত কৰাই নহয়, লগতে নতুন প্ৰজন্মৰ বাবে বহু সুযোগো সৃষ্টি কৰিব।
আজিৰ অনুষ্ঠানটোত ক্রুজ উদ্যোগৰ গুৰুত্বপূৰ্ণ নেতাসকল, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নার্ভেকাৰ, ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন, কৰ্ডেলিয়া ক্রুজৰ মুখ্য কাৰ্যবাহী বিষয়া যুৰগেন বেইলোম প্রমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷