Sixth ocean discovered underground:ভূগৰ্ভৰ অভ্যন্তৰত আবিষ্কাৰ ষষ্ঠ মহাসাগৰ !

পৃথিৱীৰ খোলাৰ গভীৰত নীলা শিলৰ মাজত বন্দী ইয়াৰ পানী, অন্তঃসলিলা হৈ বৈ আছে উপৰিপৃষ্ঠৰ পৰা সাতশ কিলোমিটাৰ অভ্যন্তৰত

ossan

Sixth ocean discovered underground:

ভুগোলৰ কিতাপত পৃথিবীৰ পাঁচখন মহাসাগৰৰ কথা পোৱা যায়। শেহতীয়াভাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাংশ বিজ্ঞানীয়ে পৃথিবীৰ ষষ্ঠখন মহাসাগৰ আৱিষ্কাৰ কৰিছে। নর্থৱেষ্টার্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে পৃথিৱীৰ উপৰিপৃষ্ঠৰ পৰা সাতশ কিলোমিটাৰ অভ্যন্তৰত এখন বিশাল মহাসাগৰৰ অৱস্থিতি উদ্ধাৰ কৰিছে।

এই মহাসাগৰ ইমানেই বিশাল যে প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ আৰু দক্ষিণ মেৰু মহাসাগৰ- এই পাঁচখন মহাসাগৰ একেলগ কৰিলেও সদ্য আবিষ্কৃত মহাসাগৰখনৰ সমান নহয়। এই পাঁচখন মহাসাগৰ একেলগ কৰি পোৱা জোখতকৈও তিনিগুণ বৃহৎ এই মহাসাগৰ।

নৰ্থৱেষ্ট্রর্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ মতে, সদ্যআবিষ্কৃত এই মহাসাগৰ ভু-গৰ্ভৰ অভ্যন্তৰত থকা এক ডাঠ স্তৰত অৱস্থিত। ১০ এই স্তৰ ঘাইকৈ শিলেৰে গঠিত। মহাসাগৰখন সমগ্র আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতলৰ অভ্যন্তৰৰে বৈ আছে। ইয়াৰ ঢৌৱে পৃথিৱীৰ উপৰিভাগত প্ৰৱেশ কৰিব পাৰে। গতিকে এই ভূগর্ভস্থ মহাসাগৰৰ ঢৌৰ পৰা পৃথিৱীৰ অভ্যন্তৰৰ গঠনৰ বিষয়ে মূল্যবান তথ্য আহৰণ কৰিব পাৰি বুলি বিজ্ঞানীসকলে সদৰী কৰিছে। ভূগর্ভস্থ এই মহাসাগৰৰ ঢৌ বিশ্লেষণ কৰি ইতিমধ্যে পাঁচ শতাধিক ভূমিকম্পৰ বিষয়ে অধ্যয়নো বিজ্ঞানীসকলে কৰিছে।

এই মহাসাগৰ আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ মতে, ইয়াৰ পানী পৃথিৱীৰ খোলাটোৰ গভীৰতাত থকা এক ধৰণৰ নীলা শিলৰ মাজত বন্দী হৈ আছে। এই মহাসাগৰ আৱিষ্কাৰে এটা সূত্র শুদ্ধ বুলিও প্রতিপন্ন কৰিছে। এই সূত্ৰৰ মতে,পৃথিৱীৰ মহাসাগৰকেইখন ধূমকেতুৰ প্ৰভাৱত নহয়, বৰঞ্চ পৃথিৱীৰ অভ্যন্তৰৰ পৰাহে সৃষ্টি হৈছে। তদুপৰি এই মহাসাগৰ আৱিষ্কাৰে পৃথিৱীৰ উপৰিভাগত থকা পাঁচখন মহাসাগৰৰ বিগত লক্ষ লক্ষ বছৰ আকাৰ-আকৃতিৰ ব্যাখ্যা কৰাতো সহায় কৰিব বুলিও বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে।

আনহাতে, পৃথিৱীৰ অভ্যন্তৰ আৰু ইয়াৰ উপৰিভাগৰ মাজৰ যোগাযোগ জটিল হোৱাটোক এই সদ্যআৱিষ্কৃত মহাসাগৰে ইংগিত কৰা বুলি বিজ্ঞানীসকলে ব্যাখ্যা কৰিছে। অৱশ্যে সাগৰ বা মহাসাগৰ বুলি ক’লে যি ধাৰণা মনলৈ আহে, সেই পৰম্পৰাগত ধাৰণা এই সদ্যআৱিষ্কৃত মহাসাগৰখনৰ ক্ষেত্ৰত প্রযোজ্য নহয়।

দৰাচলতে এই মহাসাগৰ এটা জলাশয়ৰ দৰেহে। ইয়াৰ পানী স্ফটিক আকাৰৰ অণু সদৃশ। এনে অণু আকৃতিত কম ঠাইতে বিপুল পৰিমাণৰ পানী জমা কৰি ৰাখিব পাৰি। বিজ্ঞানীসকলৰ বিশ্বাস হ’ল যে এনেদৰে স্ফটিক আকাৰত থকা পানীয়ে মহাসাগৰখনৰ স্থিৰতা ধৰি ৰখাত মুখ্য ভূমিকা পালন কৰিছে। অৱশ্যে পৃথিৱীৰ উপৰিভাগত পানী এনে অৱস্থাত পোৱা হ’লে কেৱল পর্বতসমূহহে দৃশ্যমান হ’লহেঁতেন।

একাংশ বিজ্ঞানীৰ মতে, অন্তঃসলিলা হৈ থকা এই মহাসাগৰে ভূমিকম্প সম্পৰ্কীয় অধ্যয়নত সমগ্র বিশ্ববাসীক সহায় কৰিব। একেদৰে পৃথিৱীৰ উত্তপ্ত অভ্যন্তৰৰ অধ্যয়নতো এই সুপ্ত মহাসাগৰে সহায় কৰিব বুলি বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে।

Exit mobile version