Drinking water crisis in Dighalipukhuri:খোৱা পানীখিনিয়েই যদি যোগান ধৰিব নোৱাৰে, কি স্মার্ট চিটি বনাব !

১০-১৫ দিনে পানী নাই মহানগৰীৰ দীঘলীপুখুৰীৰ বৃহত্তৰ অঞ্চলত

dighali

Drinking water crisis in Dighalipukhuri:

ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ নামত চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি আহিছে যদিও এইখন অসমত এতিয়াও এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত স্বয়ং গুৱাহাটীতে আজিকোপতি খোৱাপানীৰ নাটনি দূৰ কৰিবলৈ সক্ষম – নহ’ল কোনো এখন চৰকাৰ। অৱশ্যে প্ৰতিখন চৰকাৰে নাগৰিকক ২৪ ঘণ্টাই বিশুদ্ধ খোৱপানী যোগানৰ নামত আশ্বাসৰ ওপৰত আশ্বাস প্রদান কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত এই সমস্যাৰ পৰা সমাধান নাপালে নাগৰিকসকলে।

তাৰ মাজতে এইবাৰ দীঘলীপুখুৰীৰ বৃহত্তৰ অঞ্চলৰ নাগৰিকে যোৱা ১০-১৫ দিন এটুপি খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া বিষয়টোৱে চৰকাৰৰ খোৱাপানী যোগানৰ ব্যৰ্থতাৰ ফোঁপোলা স্বৰূপটো পুনৰ উদঙাই দিলে।

উল্লেখ্য যে গুৱাহাটীৰ মাজমজিয়াত তথা দীঘলীপুখুৰী পাৰৰ বৃহত্তৰ অঞ্চলটোত যোৱা ১০-১৫ দিনে খোৱাপানীৰ তীব্র সংকটে দেখা দিছে। এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি অঞ্চলবাসীয়ে সম্প্রতি হাবাথুৰি খাবলগীয়া হৈছে। এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমকে ধৰি সংশ্লিষ্ট পক্ষৰ লগত অঞ্চলবাসীয়ে বাৰম্বাৰ যোগাযোগ অব্যাহত ৰাখিছে যদি জনতাৰ চৰকাৰৰ বিষয়া-প্রতিনিধিয়ে এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে।

সংশ্লিষ্ট কর্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই সমস্যা সমাধানত মনোযোগ তথা গুৰুত্ব প্ৰদান নকৰাত এতিয়া এটুপি খোৱাপানীৰ চিন্তাই অঞ্চলবাসীৰ টোপনি হৰিছে। তাৰ মাজতে অঞ্চলবাসীয়ে এটুপি খোৱাপানী যদি যোগান ধৰিব নোৱাৰে, কি স্মার্ট চিটি বনাব বুলি চৰকাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে।

উল্লেখ্য যে নাগৰিকক খোৱাপানী যোগান ধৰাটো এখন কল্যাণকামী চৰকাৰৰ নৈতিক কৰ্তব্য তথা মূল দায়িত্ব। এই কৰ্তব্য পালনৰ প্ৰতিশ্রুতি প্রদান কৰি বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকে ধৰি অন্যান্য নির্বাচনসমূহত বিজেপিয়ে মহানগৰবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্রুতি প্রদান কৰি আহিছিল; কিন্তু শাসনৰ গাদী লাভ কৰাৰ পাছত ৰাইজৰ সমস্যাক লৈ সংশ্লিষ্ট পক্ষসমূহ চিন্তিত নহয় বুলি অঞ্চলবাসীয়ে ক্ষোভ প্রকাশ কৰি প্ৰথমে গুৱাহাটীবাসীক খোৱাপানী যোগান নিশ্চিত কৰিবলৈ দাবী জনায়।

এই ক্ষেত্রত ভুক্তভোগী তথা দীঘলীপুখুৰীৰ স্থানীয় বাসিন্দা পল্লৱ শর্মাই কয়, ‘আজি কমেও ১০-১৫ দিন হ’ল, দীঘলীপুখুৰী পাৰৰ অঞ্চলত পানী নাই। মানুহৰ হাহাকাৰ অৱস্থা। গুৱাহাটীৰ মাজমজিয়াতে যদি এনেকুৱা অৱস্থা, বাকী অঞ্চলৰ কি হ’ব! বহু অভিযোগ দিয়া হ’ল পৌৰ নিগমে বিষয়টো গুৰুত্ব তথা মনোযোগ দিয়া নাই। অঞ্চলবাসীয়ে লাগি লাগি মানুহ আনিলে; কিন্তু অনাৰ পাছত বিভিন্ন অজুহাত। ১০-১৫ দিনে সমস্যাটো সমাধানত কাৰোৱে গুৰুত্ব নাই।’ লগতে তেওঁ কয়, ‘২৪ ঘণ্টাই পানী যোগানৰ কথা কৈছিল; কিন্তু বাস্তৱত শূন্য।

পানীৰ কাৰণে ৰাতি টোপনি নোহোৱা অৱস্থা হৈছে। হেজাৰ হেজাৰ টকা গৈছে পানী ক্রয়ৰ নামত। কিমান দিন পানী ক্রয় কৰি খাব? মুঠতে কোনো ফালৰ পৰা সঁহাৰি পোৱা নাই। ১০-১৫ দিন যুঁজ দি থাকিবলগীয়া হৈছে’ উল্লেখ্য যে অঞ্চলবাসীক গুৱাহাটী পৌৰ নিগমে পানী যোগান ধৰি আহিছিল। এই সন্দর্ভত শর্মাই কয়, ‘বহু বছৰৰ পৰা গুৱাহাটী গৌৰ নিগমে পানী দি আছিল। পাণবজাৰৰ পৰা পানী পাই আছিলো। হঠাৎ বৃহত্তৰ অঞ্চলটোত পানী যোগান বন্ধ হৈ পৰিল।

তেওঁলোকে কয় যে মেচিন বেয়া হৈছে। লাগি লাগি আজিও মানুহ অনা হৈছে; কিন্তু তেওঁলোকে কয় যে খন্দাৰ অনুমতি নাই।’ পানীৰ অবিহনে মানুহৰ কি অৱস্থা হয়, সেয়া কাৰোৱে চিন্তা নাই বুলি তেওঁ মন্তব্য কৰি পুনৰ কয়, ‘জলব’ৰ্ডৰ পানী কেতিয়াবা নৱেম্বৰত, কেতিয়াবা ডিচেম্বৰত আহিব বুলি কয়। এতিয়া নৱেম্বৰ-ডিচেম্বৰলৈ মানুহে পানী নোখোৱাকৈ থাকিব নেকি? বহু অভিযোগ দিয়া হৈছে কাৰো গা লৰা নাই। গুৱাহাটীৰ মাজমজিয়াতে যদি এনেকুৱা, কি স্মার্ট চিটি বনাব ? কোনো ফালে উপায় নাইকিয়া হৈছে।’

উল্লেখ্য যে গুৱাহাটীবাসীয়ে কেতিয়া বিশুদ্ধ খোৱাপানী লাভ কৰিব, সময়ে সময়ে সংবাদমেল পাতি কথা চহকী বিভাগীয় মন্ত্রী অংশোক সিংহলে দীঘলীয়া বর্ণনা দি আহিছে যদিও মন্ত্ৰীজনৰ মিথ্যাচাৰ বাৰে বাৰে উদঙাই দি আহিছে এনেধৰণৰ ঘটনাই; কিন্তু এই গুৰুতৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰকৃততে দায়িত্ব ল’ব কোনে ? আজিৰ দিনত ই এক কোটিটকীয়া প্রশ্ন। নে পানী যোগান আঁচনিসমূহ সোণৰ কণী পৰা হাঁহলৈ পর্যবসিত হোৱাৰ বাবেই আজিও এই সমস্যা ওলমাই ৰখা হৈছে?

Exit mobile version