Guwahati Road Safety Week:মহানগৰীত ৰাজ্যিক পথ সুৰক্ষা সপ্তাহৰ আৰম্ভণি

পথ সুৰক্ষা সপ্তাহৰ ৰোড শ্ব'ৰ ফ্লেগ অৱ কৰে পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ

dto

Guwahati Road Safety Week:

আজিৰ পৰা ৰাজ্যজুৰি সপ্তাহযোৰা আৰম্ভ  পথ সুৰক্ষা সপ্তাহ ৷ ৰাজ্যৰ পৰিবহন বিভাগৰ উদ্যোগত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হৈছে এই পথ সুৰক্ষা সপ্তাহ।

৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ পথ সুৰক্ষা সপ্তাহ পালন কৰিব পৰিবহণ বিভাগে। সোমবাৰে মহানগৰীত পথ সুৰক্ষা সপ্তাহ উপলক্ষে আয়োজন কৰা ৰোড শ্ব’ৰ ফ্লেগ অৱ কৰে পৰিবহন মন্ত্ৰী কেশৱ মহন্তই ৷ মহন্তই পথ সুৰক্ষা সন্দৰ্ভত কয়,সকলো যানবাহন চালকে ৰাজপথত যানবাহন চলাওতে সকলো নিয়মনীতি মানি চলাৰ প্ৰয়োজন ৷ নিয়ম মানিলেহে দুৰ্ঘটনা ৰোধ হ’ব ৷ অনুষ্ঠানত উপস্থিত থাকে পৰিবহন আয়ুক্ত আদিল খান,সহ আয়ুক্ত গৌতম দাস সহ কে’বা গৰাকী বিষয়া উপস্থিত থাকে ৷

Exit mobile version