State BJP is planning to make major organizational changes soon:পুনৰ অসম আগমন ফণীন্দ্ৰ !

২০২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ, শীঘ্ৰে ৰাজ্যিক বিজেপিত ব্যাপক সাংগঠনিক সাল-সলনিৰ যো-জা

phanindra

State BJP is planning to make major organizational changes soon:

দেশজুৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি। বিগত লোকসভা নির্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভত ব্যর্থ হোৱাৰ উপৰি কে’বাখনো ৰাজ্য হেৰুৱাইছে বিজেপিয়ে। দললৈ অহা এনে প্রত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত নেতৃত্বই বিভিন্ন কৌশল ৰূপায়ণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনে কাৰণতে কে’বাখনো ৰাজ্যত ভিন ভিন স্তৰত সাংগঠনিক নেতৃত্বৰ সাল-সলনি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। অসম এনে ৰাজ্যৰ অন্যতম। অসমতো বিজেপি বিৰোধী পৰিৱেশ ক্রমে শক্তিশালী হৈছে। অথচ যিকেইখন ৰাজ্যৰ ওপৰত দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অধিকতৰ আস্থা আছে, তাৰ ভিতৰত অসম অন্যতম। ২০২৬ত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

এই নির্বাচনত বিজেপিৰ বাবে যাতে অসমত বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত নহয়, তাৰ প্ৰতি ৰাষ্ট্ৰীয় নেতৃত্ব এতিয়াৰে পৰা সচেষ্ট হৈছে। সেই সচেতনতাৰ অংশ হিচাপে ৰাজ্যিক বিজেপিত কিছু সাল-সলনিৰ পোষকতা কৰা হৈছে। সেই অনুসৰিয়ে দলৰ সাংগঠনিক দিশটোত গুৰুত্ব দিবলৈ সলনি কৰিব বিচৰা হৈছে সাংগঠনিক সাধাৰণ সম্পাদক পদটোত।

তাৰ ভিত্তিতে অসমলৈ পুনৰ ওভতাই আনিব বিচৰা হৈছে ফণীন্দ্ৰ নাথ শৰ্মাক। বর্তমান এই পদটোত কাৰ্যনিৰ্বাহ কৰি আছে জি আৰ ৰবীন্দ্ৰ ৰাজুৱে। হাৰিয়ানাৰ পৰা আনি যোৱা লোকসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে ৰাজুক এই নিযুক্তি দিয়া হৈছিল।

আনহাতে, ৰাজুৰ স্থানত নিযুক্তি দিয়া হৈছিল ফণীন্দ্ৰ নাথ শৰ্মাক। ৰাজুক নতুনকৈ ক’ত নিযুক্তি দিয়া হ’ব সেয়া স্পষ্ট নহ’লেও শর্মাক অসমত নিযুক্তি দিব বিচৰাটো নিশ্চিত হৈছে। বিধানসভা নির্বাচনলৈ প্রায় ১৬ মাহ থকা অৱস্থাত শর্মাক পুনৰ অসমৰ দায়িত্ব দিব বিচৰা হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো সম্মতি প্রদান কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে শৰ্মা সংঘৰ পূৰ্ণাংগ কর্মকর্তা।বিজেপিৰ সূত্ৰই লগতে জনায় যে শর্মাই দায়িত্ব লোৱাৰ পাছত সাংগঠনিক দিশতো পৰিৱৰ্তন অনা হ’ব। যিহেতু শর্মাই দীর্ঘদিন অসমত কাম কৰিছে, গতিকে তেনে বিষয়ত বিশেষ জটিলতাৰ সৃষ্টি নহ’ব বুলিয়ে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভাবে।

প্রসংগক্রমে উল্লেখ্য যে বিভিন্ন বিষয়ক লৈ বিজেপি বর্তমান অসমত যথেষ্ট প্রত্যাহ্বানমূলক সময়ৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে। বিৰোধীও ক্রমে শক্তিশালী হৈ উঠিছে। এনে ক্ষেত্রত অসমৰ দৰে ৰাজ্য এখনত মাত্র দুটা কাৰ্যকালৰ পাছতে চৰকাৰ হেৰুওৱাৰ পক্ষত বিজেপি নাই। সেয়েহে সাংগঠনিক সাল-সলনিৰ জৰিয়তে বিবিধ পৰিৱৰ্তন আনিবলৈ দলটোৱে সিদ্ধান্ত লৈছে।

Exit mobile version