Huge statue of Goddess Durga in Nagaon:
দেৱী বন্দনাৰে মুখৰিত আকাশ – বতাহ ৷ আটকধুনীয়া ৰূপত সজ্জিত হৈছে পূজা মণ্ডপ সমূহ। দুৰ্গা পূজাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে পূজামণ্ডপসমূহে।
ব্যতিক্ৰমী পূজা মণ্ডপত নিৰ্মাণত পিছ পৰি থকা নাই নগাঁও ৷ ৰাজ্যৰ তৃতীয় বৃহৎ চহৰ খনত পূজা মণ্ডপ নিৰ্মাণত এখন পূজা কমিটিয়ে এইবাৰ নিৰ্মাণ কৰিছে প্ৰায় ৫১ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা ৷ কলকাতাৰ পৰা অহা শিল্পীৰ দল এটাই ১১লাখ টকা ব্যয়ৰে এমাহযোৰা প্ৰচেষ্টাত অন্তত নিৰ্মাণ কৰি উলিয়াইছে সুবিশাল দুৰ্গা প্ৰতিমা ৷
ADVERTISEMENT
চহৰ খনৰ হয়বৰগাঁও শণি মন্দিৰ পথ দুৰ্গা পূজা কমিটিয়ে এইবাৰ সুবিশাল প্ৰতিমা নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,শণি মন্দিৰ পথ দুৰ্গা পূজা কমিটিয়ে বিগতবৰ্ষত ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া আৰু ১০ টকীয়া মুদ্ৰাৰে সাজি উলিয়াইছিল ‘কইন টেম্পল ‘।