Chinese troops are on alert at a new base near Lake Pyangong in Ladakh:লাডাখৰ প্যায়াংগং হ্ৰদৰ কাষত নতুন ঘাটিত গোলা-বাৰুদেৰে সষ্টম চীনা সৈন্য

কৃত্রিম উপগ্ৰহৰ দ্বাৰা সংগৃহীত আলোকচিত্ৰত চীনৰ শেহতীয়া আগ্রাসন উন্মোচিত, ভাৰতে দাবী কৰা অঞ্চলক সামৰি ৭০টা স্থায়ী গৃহ নির্মাণ , ক্ষেপণাস্ত্ৰ ৰোধৰ কৌশল

ladakh 1

Chinese troops are on alert at a new base near Lake Pyangong in Ladakh:

ভাৰতে দাবী কৰি অহা লাডাখ সীমান্তৰ ভূমিত প্রতিবেশী চীনে সংগোপনে এটা নতুন ঘাটি পতাৰ তথ্য পোহৰলৈ আহিছে। সম্পূর্ণ পৰিকল্পিতভাবে চুবুৰীয়া দেশখনে লাডাখৰ প্যায়াংগং হ্ৰদৰ উত্তৰ পাৰত এই ঘাটি স্থাপন কৰিছে। ভাৰতৰ দাবীক সমুলি আওকাণ কৰি চুবুৰীয়া দেশখনে স্থাপন কৰা এই নতুন ঘাটিত বায়ুসেনা ঘাটিৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপো সম্ভৱ বুলি একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে।

কৃত্রিম উপগ্ৰহই তোলা ফটোত চীনৰ এই গোপন ঘাটি আবদ্ধ হৈছে। সম্প্রতি ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াবর্গই এই উপগ্রহীয় ফটোসমূহ বিশ্লেষণ কৰিছে। এই ফটোসমূহ বিশ্লেষণৰ স’তে জড়িত সেনা বিষয়াবর্গই মত পোষণ কৰিছে যে চীনৰ এই নতুন ঘাটিৰ স’তে দেশখনৰ আন ঘাটিসমূহৰ পাৰ্থক্য আছে। সামৰিক অস্ত্র-শস্ত্ৰও মজুত কৰা চীনৰ এই নতুন ঘাটি প্রকৃত নিয়ন্ত্ৰণৰেখা (এলএচি) ৰ চীনৰ ভূখণ্ডৰ পৰা পূবে ৩৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

উল্লেখ্য যে কিছুমাহ পূর্বে চীনৰ সেনাই প্যায়াংগং হ্ৰদৰ পাৰ সংযোগ কৰি এখন নতুন দলং নিৰ্মাণ কৰে। এই দলঙৰ পৰা ১৫ কিলোমিটাৰ দূৰত চীনৰ এই নতুন ঘাটি অৱস্থিত। প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ মুক্ত অঞ্চলত চাপ বৃদ্ধিৰ উদ্দেশ্যে চীনে এই ঘাটি নিৰ্মাণ কৰা বুলি ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াবৰ্গই ধাৰণা কৰিছে। এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত সামৰিক সূত্ৰই কয়, ‘চীনৰ এই নতুন ঘাটিত বিক্ষিপ্ত ৰূপত ৭০ টা স্থায়ী গৃহ আছে।

এনেদৰে গৃহবোৰ নিৰ্মাণৰ উদ্দেশ্য সম্ভাব্য ক্ষেপণাস্ত্র আক্ৰমণৰ প্ৰভাৱ দূৰ কৰা বুলি ভাৰতীয় সেনাৰ শীৰ্য বিষয়াবৰ্গই ধাৰণা কৰিছে। অর্থাৎ এক কৌশলী পৰিকল্পনাৰে চীনে লাডাখ সীমান্তত এই নতুন ঘাটি স্থাপন কৰিছে বুলি ধাৰণা কৰা হৈছে। সামৰিক সূত্ৰই ধাৰণা কৰা মতে, মূলতঃ দুটা মূল কাৰ্যৰ বাবে চীনে এই ঘাটি স্থাপন কৰিছে। ইয়াৰে এটা হৈছে সীমান্তত সেনাবাহিনী আৰু দেশখনে সীমান্তত চলাই থকা নিয়োজিত কুলীসকলৰ বাবে আশ্রয়স্থলৰ ব্যৱস্থা কৰা।

আনহাতে, সামৰিক বিশেষজ্ঞসকলৰ মতে, চীনে এই নতুন ঘাটিত নির্মাণ কৰা ৭০ টা গৃহৰ প্ৰতিটোতে ছয়-আঠজন সৈন্য আৰু গোলা-বাৰুদসহ ১০ টন পর্যন্ত ৰছদপাতি মজুত ৰাখিব পাৰে। আনহাতে, চীনৰ এই নির্মাণ কার্য সম্পর্কত উপগ্রহীয় ফটো বিশ্লেষক ডামিয়েন ছাইমনে সংবাদ মাধ্যমৰ আগত কয়, সীমান্তবর্তী অঞ্চলটোত ক্রেনকে ধৰি গধুৰ যন্ত্রপাতিৰ চাল-চলনৰ প্ৰমাণ পোৱা গৈছে।’ লক্ষ্যণীয় যে বিগত কিছু বছৰৰ পৰা চীন-ভাৰতৰ সম্পৰ্কত অৱনতি ঘটিছে।

আনকি শেহতীয়াভাৱে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়েও লাডাখৰ পৰিস্থিতি স্বাভাৱিক নহয় বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰে। একেদৰে অৰুণাচল প্ৰদেশৰ চীন সীমান্ততো ভাৰতীয় সেনাই অত্যাধুনিক গোলা-বাৰুদ মজুত কৰিছে। স্বাভাৱিকতে এনে অৱস্থাত চীনৰ লাডাখ সীমান্তত স্থায়ী গৃহ নিৰ্মাণ কাৰ্যই বহুতৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে।

সীমান্তত চীনে এই নির্মাণ কাৰ্য যুদ্ধৰ উদ্দেশ্যেও কৰিব পাৰে বুলি আশংকা কৰি ভাৰতীয় সেনাৰ নৰ্ডাৰ্ণ কমাণ্ডৰ প্ৰাক্তন মুৰব্বী লেফটেনেন্ট জেনেৰেল ডি এছ হুদা (অৱসৰপ্ৰাপ্ত)ই সংবাদ মাধ্যমৰ আগত কয়, ‘চীনে সাধাৰণ লোকৰ চাল-চলনৰ বাবেহে এই নিৰ্মাণ কাৰ্য কৰা বুলি যুক্তি দিব পাৰে। কিন্তু এই নির্মাণ কার্য দ্বৈত কাৰ্যত ব্যৱহৃত হ’ব পাৰে। ইয়াক যুদ্ধৰ সময়ত সেনায়ো ব্যৱহাৰ কৰিব পাৰে।’

লক্ষ্যণীয়ভাবে এই নির্মাণ কার্যই চীন-ভাৰতৰ মাজত ২০০৫ত স্বাক্ষৰিত চুক্তিৰ সপ্তম অনুচ্ছেদ মতে হোৱা নাই বুলি উল্লেখ কৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনে লগতে কয়, ‘দুয়োখন দেশে সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকৰ স্বাৰ্থৰক্ষা কৰাৰ চুক্তি আছে। কিন্তু ভাৰতে দাবী কৰি অহা ভূমিত চীনে এই গাঁওসমূহ (গৃহ) স্থাপন কৰিছে। অথচ অঞ্চলটোত কোনো বাসিন্দা নাই।

চীনে নতুন অঞ্চল দাবী কৰিবলৈ লৈছে আৰু আমাৰ দাবীক দুৰ্বল কৰিছে। এয়া হৈছে দীঘলীয়া কৌশল।’ একেদৰে আন এজন অৱসৰপ্ৰাপ্ত শীর্ষ সেনা বিষয়া লেফটেনেন্ট জেনেৰেল সতীশ ডুৱাই কয়, চীনে ইতিমধ্যে প্যায়াংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰি নিৰ্মাণ কৰা দলঙৰ জৰিয়তে দেশখনৰ সেনাবাহিনীয়ে অঞ্চলটোক ৰছদপাতি কেন্দ্ৰত পৰিণত কৰিব পাৰে। তদুপৰি এই দলং ব্যৱহাৰ কৰি চীনে প্রত্যক্ষভাৱে সামৰিক বাহিনী সালসলনি কৰিব পাৰে।S

গতিকে সীমান্তৱৰ্তী অঞ্চলটোত চলি থকা এই কুচকাৱাজ আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকিব লাগিব। কোনো ভাৰত বিৰোধী কাম-কাজৰ আগতীয়া সতর্কবাণী আমি প্ৰেৰণ কৰিব পাৰিব লাগিব।’

Exit mobile version