Priyanka’s victory in Wayanad could be hampered by the Congress-friendly CPI :ৱাইনাড়ত প্রিয়ংকাৰ জয়ত বাধা হ’ব পাৰে কংগ্ৰেছৰ বন্ধু চিপিআই

pianka

Priyanka’s victory in Wayanad could be hampered by the Congress-friendly CPI :

ৰাষ্ট্ৰীয় পর্যায়ত ইণ্ডি মৰ্চাৰ অধীনত কংগ্ৰেছ আৰু চিপিআই হৈছে পৰস্পৰৰ বন্ধু। কিন্তু কেৰালাৰ ৱাইনাড় সমষ্টিত বন্ধু বামদলৰ দ্বাৰা ক্ষতিগ্রস্ত হ’ব পাৰে কংগ্ৰেছ প্রার্থী প্রিয়ংকা গান্ধী ভদ্রা

কংগ্ৰেছ প্রার্থীক ৰীতি মতে প্রত্যাহ্বান জনাই ৱাইনাড় লোকসভা উপ-নির্বাচনত বাম গণতান্ত্রিক মৰ্চাই প্রার্থিত্ব প্রদান কৰিলে চিপিআইৰ অন্যতম জ্যেষ্ঠ নেতা সত্যেন ম’কেৰীক। প্রার্থিত্ব লাভৰ পাছতে ম’কেৰীয়ে কংগ্ৰেছ প্রার্থী প্রিয়ংকাক হুংকাৰ দিলে।

ম’কেৰীয়ে কয় যে কংগ্রেছে ৱাইনাড়ত বিজয় সহজ বুলি গণ্য কৰিলে ভুল কৰা হ’ব। চিপিআই প্রার্থীজনে লগতে কয় যে ইন্দিৰা গান্ধীও পৰাস্ত হৈছিল আৰু আমেঠিত ৰাহুল গান্ধীও পৰাজিত হৈছিল। ৱাইনাড়ত এইবাৰ প্ৰিয়ংকা গান্ধী ভদ্রা
পৰাজিত হ’ব বুলি ম’কেৰীয়ে দাবী কৰিলে।

কংগ্ৰেছে ৱাইনাড়বাসীৰ স’তে প্ৰতাৰণা কৰাৰ ফল এই উপ-নির্বাচনত ভুগিব লাগিব বুলি চিপিআই প্রার্থীজনে মন্তব্য কৰে। উল্লেখ্য যে ৰাইবৰেলীৰ লগতে ৱাইনাড়তো ৰাহুল গান্ধী সাংসদ নির্বাচিত হৈছিল। ৰাহুলে ৱাইনাড়ৰ সাংসদ পদ ত্যাগ কৰাত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হ’ব।

Exit mobile version