Nomination Filed Tanjil Hussain:চামগুৰিত কে’বা সহস্ৰাধিক সমৰ্থকক লগত লৈ শক্তি প্ৰদৰ্শন তাঞ্জিল হুছেইনৰ

বিশাল সমদলৰে মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ, সমদলত অংশগ্ৰহণ ভূপেন বৰা,দেৱব্ৰত শইকীয়া,গৌৰৱ গগৈ সহ বহু কেই গৰাকী বিধায়ক

tangil scaled

Nomination Filed Tanjil Hussain:

কে’বা সহস্ৰাধিক সমৰ্থকক লগত লৈ বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ তনয় তাঞ্জিল হুছেইনে । এপিচিচিৰ সভাপতি সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া,সাংসদ ৰকিবুল হুছেইন,প্ৰদ্যুৎ বৰদলৈ,গৌৰৱ গগৈ ,বিধায়ক ৰেকিবুদ্দিন আহমেদ,শিৱামণি বৰা, ৱাজেদ আলী চৌধুৰী,নুৰুল হুদা, ভাস্কৰ বৰুৱা ,ৰিপুণ বৰা সহ কেবা গৰাকী কংগ্ৰেছ নেতা-কৰ্মীৰে এক বিশাল সমদল কৰি কাৰ্যত শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছে।

চামগুৰিস্থ ব্লক কংগ্ৰেছৰ পৰা বৃহৎ সমদল উলিয়াই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ হাতত দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে। মনোনয়ন পৰ্বত উপস্থিত থকা এপিচিচিৰ সভাপতি সভাপতি ভূপেন বৰাই কয় ,চামগুৰিত ২০২১ ৰ দৰে আজিও দলৰ কৰ্মী সকলৰ উৎসাহ দেখি অভিভূত হৈ পৰিছো৷ চামগুৰিত উপ নিৰ্বাচনত এইবাৰ বিপুল ভোটৰ ব্যৱধানত দলীয় প্ৰাৰ্থী তাঞ্জিল হুছেইন জয়ী হব বুলি দাবী কৰে ভূপেন বৰাই।

বৰাই কয় যে, এক ৰাজনৈতিক ইতিহাস থকা ঘৰৰ উদীয়মান যুৱক তাঞ্জিল হুছেইন এজন যোগ্য প্ৰাৰ্থী। পিতৃৰ স’তে ছাঁৰ দৰে থাকি দীৰ্ঘদিন ধৰি চামগুৰিৰ উন্নয়নত অগ্ৰাধিকাৰ দিয়াৰ লগতে চামগুৰিবাসীৰ লগত একাত্ম হৈ আছিল ৷ যাৰ ফলস্বৰূপে আজি দলে তেওঁৰ দৰে যোগ্যজনক প্ৰাৰ্থীত্ব দিছে ৷ বিপুল ভোটৰ ব্যৱধানত পৰাভূত হ’ব বিজেপি প্ৰাৰ্থী গৰাকী ৷

আনহাতে, চামগুৰিত জয়ী হোৱাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰিছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন। প্ৰাৰ্থী গৰাকীৰ মতে, সংবিধান ৰক্ষা কৰা আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি হাজাৰ হাজাৰ লোক এইদৰে কংগ্ৰেছৰ লগত ওলাই আহিছে । আমাৰ জনপ্ৰিয়তাক তিষ্ঠিব নোৱাৰি আমাৰ নেতা- কৰ্মীক টাৰ্গেট কৰি ঠায়ে-ঠায়ে বিজেপিৰ উদণ্ড কৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

আজিও মনোনয়ন দাখিল কৰাৰ সময়তো চামগুৰিত বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ স’তে খণ্ডযুদ্ধত লিপ্ত হৈছে। ইয়াৰ প্ৰত্যুত্তৰ পাব ১৩ নৱেম্বৰত৷ চামগুৰিবাসীয়ে বিজেপিৰ বিৰুদ্ধে সময়োচিত জবাব দিব বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷

Exit mobile version