Prominent social worker Balladev Sarma passes away:নগাঁৱৰ বিশিষ্ট সমাজকর্মী বল্লদেৱ শৰ্মাৰ দেহাৱসান

baldev sarma

Prominent social worker Balladev Sarma passes away:

সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্রধান সম্পাদক আৰু নগাঁও শ্রীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ আজি চিকিৎসাধীন অৱস্থাতে পৰলোক প্রাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।

উল্লেখযোগ্য যে যোৱা ২ অক্টোবৰত গুৱাহাটীৰ কাৰ্যালয়ৰ কামত ব্যস্ত থকাৰ সময়তে হৃদৰোগত আক্রান্ত হৈছিল শর্মা। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত তেওঁৰ মগজুৰ ৰক্তক্ষৰণৰ সমস্যা চিনাক্ত কৰা হয়।
যোৱা ৫ অক্টোবৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ অস্ত্রোপচাৰ কৰা হৈছিল যদিও শর্মা চেতনাহীন হৈয়ে থাকিল। যোৱা ২২ অক্টোবৰত শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছিল। চিকিৎসকৰ যত্ন সত্ত্বেও আজি দিনৰ ১.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বল্লদেৱ শর্মাই।

নগাঁৱৰ চহৰৰ পাশ্বৱৰ্তী ঘাঁহী ভাটিকুৰীত জন্ম গ্রহণ কৰা বল্লদেৱ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট সমাজকর্মী ৰূপে পৰিচিত হৈ উঠে। প্রায় চাৰি দশকৰ আগতে তেওঁ প্রতিষ্ঠা কৰা সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাই আজি সমগ্ৰ অসমতে বিস্তাৰ লাভ কৰিছে। সমাজৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ যুৱ বঁটাও লাভ কৰিছিল।

নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত কলংপাৰৰ স্বত্বাধিকাৰী বল্লদেৱ শর্মা শ্রীমন্ত শংকৰ মিশ্যনৰো সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছিল। এবছৰৰ পূৰ্বে পত্নীৰ বিয়োগ হোৱা শৰ্মাই মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ জীয়ৰী অভিলেখ শৰ্মাক এৰি গৈছে। বল্লদেৱ শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে নগাঁৱৰ বৃহৎ সংখ্যক লোকক শোকাভিভূত কৰি তুলিছে ৷

Exit mobile version