ASTC is full of hundreds of idle buses:শ শ অচল বাছেৰে ভৰিছে এএছটিচি !

অতীত হোৱাৰ পথত গঁড়ৰ প্ৰতীক সম্বলিত ৰঙা বাছ, ৰূপনগৰৰ চৌহদত কৰুণ দৃশ্য, বছৰি গড়ে উপাৰ্জন ১১৫-১২০ কোটিৰ বিপৰীতে ব্যয় ২০৫-২১০ কোটি, পাঁচ শতাধিক বাছেই চলি থকা অৱস্থাত নাই বুলি জনালে কর্তৃপক্ষই

astc 1

ASTC is full of hundreds of idle buses:

মৃত্যুঘণ্টা বাজিছে এসময়ত অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা এশিঙীয়া গঁড়ৰ প্রতীক সম্বলিত ৰঙা বাছসমূহৰ। শাৰী শাৰী শ শ অচল ৰঙা বাছে সম্প্রতি ভৰি পৰিছে মহানগৰীৰ ৰূপনগৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদ।

উল্লেখ্য যে বিশাল সম্পত্তি আৰু যথেষ্ট সম্ভাৱনীয়তা থকাৰ পাছতো একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ ফলতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে। লগতে অভাৱনীয় আর্থিক সংকটৰ ফলত ৰাজহুৱা খণ্ডৰ এই প্রতিষ্ঠানটো সম্প্রতি ইতিহাস হোৱাৰ দিশত গতি কৰিছে।

বিভাগীয় তথ্য অনুসৰি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ১,১৩২ খন বাছ আছে; কিন্তু ইয়াৰে গৰিষ্ঠ সংখ্যক বাছেই সম্প্রতি অচল হৈ গুৱাহাটীৰ ৰূপনগৰস্থিত চৌহদৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত পৰি ৰৈছে। অৱশ্যে কিছু সংখ্যক বাছ মেৰামতি কৰিলে পুনৰ ৰাজপথত চলাচল কৰিব পাৰে যদিও অচল হৈ পৰা গৰিষ্ঠ সংখ্যক বাছেই সম্প্রতি জহি-খহি গৈছে।

কোনোবা এখন বাছৰ যদি খণ্ড বিখণ্ড হৈ ক’ৰবাত পৰি ৰৈছে, আন কিছুমান বাছ হাবি-জংঘলে সম্পূর্ণ ঢাকি পেলাইছে। নিগমৰ স’তে জড়িত কৰ্মচাৰীয়ে সদৰী কৰা অনুসৰি, ৰূপনগৰস্থিত চৌহদত তিনি-চাৰি শতাধিক বাছ বিকল হৈ পৰি আছে। বিভাগীয় তথ্য অনুসৰি, নিগমৰ অধীনত সম্প্রতি ছয় শতাধিক বাছ চলাচল কৰি আছে; কিন্তু এই সংখ্যাত সন্দেহ আছে বুলি প্ৰকাশ কৰিছে একাংশ চালকে। অৱশ্যে বিভাগে স্পষ্ট কৰি দিছে যে নিগমৰ পাঁচ শতাধিক বাছ পথত চলি থকা অৱস্থাত নাই।

অৱশ্যে শতাধিক বাছৰ মেৰামতিৰ সম্ভৱ যদিও গৰিষ্ঠসংখ্যক বাছৰে মেৰামতি সম্ভৱ নহয়। উল্লেখ্য যে গুৱাহাটী মহানগৰীত নিগমৰ অধীনত চলি থকা দুশখন বৈদ্যুতিক গ্রীণ বাছ আৰু এশখন চিএনজি বাছ গুৱাহাটী স্মার্ট চিটিয়ে যোগান ধৰা। লগতে বিভাগে চলি থকা বুলি দাবী কৰা ৬৪৬খন বাহনৰ ভিতৰত দুই শতাধিক বাহন অইল ইণ্ডিয়া, বিচিপিএল আৰু অ’এনজিচিৰ অধীনত চলি আছে। ইয়াৰ বিপৰীতে চলাচল কৰি থকা উল্লিখিত বাহনসমূহৰ পৰা লাভৰ বিপৰীতে ব্যাপক লোকচানৰহে সম্মুখীন হৈছে বিভাগ।

ফলত মেৰামতি কৰিবলৈ পর্যাপ্ত ধনৰ অভাৱত সম্প্রতি চৌহদতে পচি যোৱাৰ উপক্রম হৈছে বাছসমূহ। এক কথাত ক’বলৈ গ’লে গুৱাহাটী স্মার্ট চিটিৰ অধীনত চলাচল হৈ থকা গ্রীণ বাছসমূহেহে যেন সম্প্ৰতি নিগমৰ অস্তিত্ব ধৰি ৰাখিছে।

উল্লেখ্য যে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বর্ষলে প্রায় ছশ কোটি টকাৰ লোকচানৰ সম্মুখীন হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম। বিভাগটোৱে বছৰি গড়ে ১১৫-১২০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় যদিও বিপৰীতে ব্যয় হয় ২০৫-২১০ (গড়ে) কোটি টকা। এই লোকচানৰ পৰিমাণ হ্ৰাস কৰিবলৈ তথা এসময়ৰ লাভজনক বিভাগটো পুনৰ উজ্জীৱিত কৰিবলৈ আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল।

ফলশ্রুতিত বিভাগটো আজি অস্তিত্বহীন হৈ পৰিছে। ইফালে, ব্যক্তিগত খণ্ডৰ বাছসমূহে লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও তথা ৰাজ্যৰ ৰাজ পথসমূহত ব্যক্তিগত অত্যাধুনিক নতুন নতুন বাছৰ চলাচল অব্যাহত আছে যদিও চৰকাৰী খণ্ডৰ এটা বিয়াগোম বিভাগৰ অধীনত চলা বাছসমূহে লোকচানৰ সন্মুখীন হৈ অহা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে। দায়িত্বশীল বিষয়া-মন্ত্ৰী আৰু এএছটিচিৰ অধ্যক্ষৰ অভাৱৰ লগতে চৰকাৰৰ অমনোযোগিতাৰ ফলতে বিভাগটোৰ মৃত্যুঘণ্টা বাজিছে বুলি বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে।

Exit mobile version