It matters how you sit. Bad posture may attack your brain:একেৰাহে দীর্ঘ সময় বহি থকাৰ অভ্যাসে কৰিব পাৰে মগজু বিকল

এম আৰ আই স্কেনত ধৰা পৰাতহে কোনো মতে ৰক্ষা পৰিলো, বহাৰ ভংগিমাই মোক মাৰি আনিছিল, অভিজ্ঞতা বৰ্ণনা কৰিলে কোটিপতি ছফটৱেৰ উদ্যোগীয়ে, শাৰীৰিক ব্যায়াম অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আহ্বান

brain

It matters how you sit. Bad posture may attack your brain:

হাতত থকা ম’বাইল ফোন অথবা সম্মুখত ৰখা কম্পিউটাৰৰ স্ক্ৰীণত দুই চকু নিবদ্ধ কৰি একেৰাহে ঘণ্টাৰ পাছত ঘণ্টা সময় পাৰ কৰা নিয়মীয়া অভ্যাস আছে নেকি ? যদি আছে, তেন্তে সাৱধান হওক। বিশেষকৈ চকীত বহি এনে অভ্যাস গঢ়ি তোলাসকল সতর্ক হোৱা উচিত।

কাৰণ এনে ধৰণৰ অভ্যাস স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক ৰূপে প্রতিপন্ন হৈছে। কম্পিউটাৰ ছফটৱেৰ উদ্যোগীৰূপে বিশ্বজুৰি পৰিচিতি থকা ব্রায়ান জনছনে নিজৰ এক অভিজ্ঞতা শেহতীয়াভাৱে ৰাজহুৱা কৰিছে। কোটিপতি উদ্যোগ পতিজনে প্রকাশ কৰা অনুসৰি তেওঁ পূর্বে নিতৌ একেৰাহে কে’ বা ঘণ্টা সময় ১০ ম’বাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰ কৰিছিল। অর্থাৎ কাৰ্যালয়ৰ চকীত বহি তেওঁ নিতৌ ম’বাইল ফোন বা কম্পিউটাৰৰ স্ক্ৰীণত একেৰাহে কে’বা ঘণ্টা সময় দুই চকু নিবদ্ধ ৰাখিছিল।

এই অভ্যাসে তেওঁৰ স্বাস্থ্যৰ প্ৰচুৰ ক্ষতিসাধন কৰে বুলি সদৰী কৰি উদ্যোগীজনে সামাজিক মাধ্যমযোগে কয়, ‘এক এমআৰআই স্কেনত ধৰা পৰিল যে মোৰ বহাৰ ভংগিমাই মোক ক্রমে নিঃশেষ কৰি আনিছে। মই এই এমআৰআই স্কেন কৰোৱাৰ আগলৈকে জানিব পৰা নাছিলো যে মোৰ অভ্যাসে মোক নিঃশেষ কৰিবলৈ ধৰিছে।’

নিতৌ কার্যালয়ত বহি কে’বাঘণ্টা সময় কম্পিউটাৰ বা ম’বাইল ফোনৰ স্ক্রীণত দৃষ্টি নিবদ্ধ ৰখাটোৱে তেওঁৰ মগজু বিকল কৰাৰ উপক্ৰম ঘটায়। সম্প্রতি জনছনৰ বয়স ৪৬ বছৰ। নিজৰে বহি থকা ভংগিমাই বিপদ মাতি অনাৰ বিষয়ে অধিক তথ্য সদৰী কৰি তেওঁ আৰু কয়, ‘এমআৰআইৰ পৰীক্ষাত ধৰা পৰিল যে মোৰ এই অভ্যাসে মোৰ মগজুক ধীৰে ধীৰে হত্যা কৰিবলৈ লৈছে।

মোৰ ছীজাৰ, ষ্ট্ৰ’ক হোৱাৰ আশংকা আছিল।’ এই এম আৰ আইৰ পৰীক্ষাৰ পাছতে তেওঁ অভ্যাস সলনি কৰে বুলি জানিবলৈ দিয়ে। এই সম্পর্কত তেওঁ কয় যে নিতৌ একেৰাহে বহু সময় কোনো ব্যক্তিয়ে বহি থাকিব নালাগে। নিতৌ চকীত বহি গোটেই দিন বহি থকাসকল সতর্ক হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে এনে অভ্যাসে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

এনে অভ্যাসক বদভ্যাস আখ্যা দি উদ্যোগীজনে পুনৰ কয় যে এই বদভ্যাসৰ ফলত মাংসপেশীৰ বিষ, শৰীৰত তেজৰ সঞ্চালনত সমস্যা, খাদ্য হজমত সমস্যা, হাঁওফাঁওৰ সমস্যা, স্নায়ুৰ সমস্যা, ৰাজহাড়ৰ সমস্যা, মানসিক চাপ, অত্যধিক ভাগৰ অনুভৱ কৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেৱল সেয়াই নহয়, এনে বদভ্যাসে নিদ্রাত ব্যাঘাতো জন্মাব পাৰে।

ইতিমধ্যে নিতৌ চকীত বহি কে’বা ঘণ্টা ধৰি কাম কৰাটো বহু লোকৰ ক্ষেত্ৰত অভ্যাসত পৰিণত হৈছে। স্বাস্থ্য ৰক্ষাৰ খাতিৰত এনে অভ্যাস সলনিৰ কে’বাটাও পৰামৰ্শ আগবঢ়াইছে জনছনে। ইতিমধ্যে তেওঁ এই পৰামৰ্শসমূহ নিজৰ ক্ষেত্ৰতে প্রয়োগ কৰিছে বুলিও সদৰী কৰিছে।

উদ্যোগীজনে আগবঢ়োৱা এই পৰামৰ্শসমূহ হ’ল-

(১) চকীত বহি কাম কৰি থকাৰ মাজতে ৩০ মিনিট সময় বিৰতি ল’ব লাগে। এই বিৰতিৰ সময়ত খৰধৰকৈ খোজকাঢ়িব লাগে। পৰাপক্ষত খটখটি বগাই ওপৰলৈ উঠিব লাগে। সম্ভৱ হ’লে নৃত্য কৰিব লাগে। ইয়াৰ জৰিয়তে শৰীৰ পুনৰ সক্রিয় হয়। কাৰণ এনে শাৰীৰিক কামৰ জৰিয়তে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়।

(২) নিতৌ শাৰীৰিক ব্যায়াম অনুশীলন কৰিব লাগে।

(৩) চকীত বহি থকাৰ সময়ত মেৰুদণ্ড পোন কৰি ৰাখিব লাগে। সন্মুখত থকা কম্পিউটাৰ অথবা ম’বাইল ফোনৰ স্ক্রীণ চকুৰ স’তে একেটা পৰ্যায়ত ৰাখিব লাগে। ইয়াকে কৰিলে মূৰ তল কৰিবলগীয়া নহয়। কাৰণ বহি থকা অৱস্থাত মূৰ তল কৰি কম্পিউটাৰ বা ম’বাইল ফোনৰ স্ক্ৰীণত দৃষ্টি নিবদ্ধ কৰি ৰখাৰ অভ্যাসে শৰীৰৰ ক্ষতিসাধন কৰে।

জনছনে কয় যে প্ৰথম অৱস্থাত এনে ধৰণৰ শাৰীৰিক ব্যায়াম অনুশীলনৰ ফলত এজন ব্যক্তিয়ে শৰীৰত অসুবিধা অনুভৱ কৰিব পাৰে। কিন্তু এনে অসুবিধাই তেওঁৰ শৰীৰ তথা স্বাস্থ্যৰ বাবে উপকাৰীহে বুলি উদ্যোগ জনে উল্লেখ কৰিছে। এনে ব্যায়াম অনুশীলনে শৰীৰৰ পৰা ক্ষতিকাৰক দ্ৰব্য বাহিৰলৈ উলিয়াই পঠিয়াও বুলিও তেওঁ মন্তব্য কৰিছে।

লক্ষ্যণীয় যে স্বাস্থ্য অটুট ৰখাৰ বাবে উদ্যোগী জনছনে বছৰি দুই নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত কমেও এক কোটি ৬০ লাখ টকা ব্যয় কৰে। অৱশ্যে তেওঁ বার্ধক্য প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ পক্ষপাতী নহয়। পূর্বে জনছনে ছফটৱেৰ উদ্যোগত কাৰ্যবাহীৰূপে নিয়োজিত আছিল। শেহতীয়াভাৱে তেওঁ পুৰুষৰ চুলি সৰা সমস্যা প্ৰতিৰোধৰো কেতবোৰ উপায় দিছিল।

তেওঁ প্রকাশ কৰিছিল যে প্রাকৃতিক উপায় অৱলম্বন কৰি মাথোঁ এবছৰৰ ভিতৰত তেওঁ চুলি সৰা বন্ধ কৰিব পাৰিছিল। ইয়াৰ পূৰ্বে তেওঁ শৰীৰৰ পৰা ক্ষতিকাৰক দ্ৰব্য নিৰ্গত কৰি পঠিওৱাৰ উদ্দেশ্য ‘টুটেল প্লাজমা’ বিনিময় নামৰ এক চিকিৎসা গ্রহণ কৰিছিল। সম্প্রতি তেওঁ কৈছে যে চকীত বহি থকাৰ ভংগিমা সলনি কৰিলে এজন ব্যক্তিৰ মনৰ উৎসাহ-উদ্দীপনাও বৃদ্ধি পায়।

Exit mobile version