‘মই নিয়মীয়া ভাৱে গো-মূত্ৰ পান কৰিছিলো’- এই অকপট স্বীকাৰোক্তি অক্ষয় কুমাৰৰ।ইনষ্টাগ্ৰামত বিয়েৰ গ্ৰীলছ আৰু হুমা কুৰেছিৰ লগত আড্ডা জমি উঠাৰ সময়তে এইদৰে নিজৰ ‘ফিটনেছ ছিক্ৰেট’ স্বীকাৰ কৰিলে ‘খিলাড়ী নম্বৰ ৱান’য়ে ।
উল্লেখ্য যে বিয়েৰ গ্ৰীলছৰ স’তে ‘ইনতু দ্য ৱাইল্ড’ অনুষ্ঠানত দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰক ।অনুষ্ঠানৰ দৃশ্য গ্ৰহণৰ সময়ত গভীৰ অৰণ্যত নানান ৰহস্যৰ উন্মোচনৰ কথাই দেখিবলৈ পোৱা যাব দুই ৰোমাঞ্চপ্ৰেমীৰ মুখেৰে ।ইনষ্টাগ্ৰামৰ আড্ডাত এই প্ৰসংগতে হুমাই জানিব বিচাৰিছিল হাতীৰ মলৰে চাহ পান কৰা অভিজ্ঞতাৰ কথা।উত্তৰ দিবলৈ গৈ অক্ষয় কুমাৰে অৱলীলা ক্ৰমেই কৈ উঠে যে তেওঁ এসময়ত দৈনিক নিয়মীয়া ভাৱে গো-মূত্ৰ পান কৰিছিল।
আয়ুৰ্বেদত এই অভ্যাসক শৰীৰৰ পক্ষে উপকাৰী বুলি উল্লেখ কৰা হৈছে ।সেয়েহে হাতীৰ মলেৰে চাহ বনাই খোৱাৰ সময়ত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল।কেৰাটেৰ ব্লেক বেল্ট অক্ষয় কুমাৰৰ জীৱন যাপন ‘বি টাউনৰ’ অন্যান্য তাৰকাসকলৰ দৰে নহয় ।অক্ষয়ে ধূমপান অথবা মদ্যপান নকৰে ।নিশা ন বজাতে বিছনাত উঠে ।পুৱা চাৰি বজাতে নিদ্ৰা ত্যাগ কৰি দৌৰিবলৈ যায়।কিন্তু এই কথাবিলাক সকলোৱে জানে কিন্তু অক্ষয় কুমাৰৰ গো-মূত্ৰ পানৰ বিষয়ে হঠাতে জানিব পাৰি অনুৰাগীসকলো অবাক হৈ পৰিছে ।
শাসক দলৰ লগত অক্ষয়ৰ ঘনিষ্ঠাক লৈও পূৰ্বৰে পৰা প্ৰশ্ন উঠি আহিছে ।এই কথাৰ পাছত অক্ষয়ক ভক্ত হিচাপে অভিহিত কৰি বহুতে কটাক্ষ কৰি আহিছে ।অক্ষয়ক নিজৰ এডভেন্সাৰৰ লগৰীয়া হিচাপে লাভ কৰি উৎফুল্লিত বিয়েৰ গ্ৰীলছ।অহা ১৪ ছেপ্টেম্বৰত ‘ইনটো দ্য ৱাইল্ড উইথ বিয়েৰ গ্ৰীলছ ‘ৰ অক্ষয়ৰ খণ্ডটি সম্প্ৰচাৰ হ’ব ।






























