Six states have banned firecrackers ahead of Diwali:
দীপাৱলীত দেশৰ সাতখন ৰাজ্যত নিষিদ্ধ হ’ল ফটকা। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ লগতে ছখন ৰাজ্যত দীপাৱলীৰ ফটকা নিষিদ্ধ কৰা হৈছে। দিল্লী, পঞ্জাব, তামিলনাড়ু, বিহাৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, পশ্চিমবংগত নিষিদ্ধ কৰা হৈছে ফটকা।
ADVERTISEMENT
পশ্চিমবংগত সেউজ ফটকা ব্যৱহাৰত অনুমতি দিয়া হৈছে। কেৰালাত নিশা আঠ বজাৰ পৰা ১০ বজা আৰু তামিলনাডুত পুৱা ছয় বজাৰ পৰা সাত বজা, সন্ধিয়া সাত বজাৰ পৰা আঠ বজালৈকে ফটকা ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। বিহাৰত ফটকা ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
মহাৰাষ্ট্ৰত সেউজ ফটকা ব্যৱহাৰত অনুমতি দিয়া হৈছে। আনহাতে, কর্ণাটক আৰু পঞ্জাৱত নির্দিষ্ট সময়ত ফটকাবাজীৰ অনুমতি দিয়া হৈছে।