India collected Rs 1.87 lakh crore in GST in October:
কেন্দ্ৰীয় চৰকাৰে অক্টোবৰ ২০২৪৩ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ জৰিয়তে ১.৮৭ লাখ কোটি টকা সংগ্ৰহ কৰিলে। বার্ষিক আধাৰত দেশত জিএছটি সংগ্ৰহৰ পৰিমাণ ন শতাংশ বৃদ্ধি পালে। এবছৰ পূৰ্বে অক্টোবৰ ২০২৩ত ভাৰতত ১.৭২ লাখ কোটি টকাৰ জিএছটি চৰকাৰে লাভ কৰিছিল।
আনহাতে, ছেপ্টেম্বৰ ২০২৪ত জিএছটিৰ জৰিয়তে চৰকাৰে লাভ কৰিছিল ১.৭৩ লাখ কোটি টকা। স্মৰ্তব্য যে ভাৰতত এক জুলাই ২০১৭ত জিএছটি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
সেই সময়ৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ১৭ কৰ আৰু ১৩ উপকৰ প্রত্যাহাৰ কৰি দেশত জিএছটি ব্যৱস্থা অব্যাহত আছে। জিএছটিত বর্তমানে ৫, ১২, ১৮ আৰু ২৮ শতাংশ হাৰৰ কৰ আৰোপৰ ব্যৱস্থা আছে।