Supply department failed to crack down on middlemen:
নিজৰেই আঁচনি ৰূপায়ণত অসম চৰকাৰৰ যোগান বিভাগ ব্যর্থ হোৱাৰ অন্যতম উদাহৰণ হৈ ৰ’ব ন্যূনতম সমর্থিত মূল্য (এমএছপি)ত ধান ক্রয় ব্যৱস্থা। এই আঁচনিখন ৰূপায়ণৰ পৰা বিগত বৰ্ষলৈকে অসম চৰকাৰে সফলতাৰ মুখ দেখা নাই। বিফলতাৰ সেই ধাৰাবাহিকতা অৱশেষত ২০২৩-২৪ বর্ষতো বাহাল থাকিল।
তাৎপর্যপূর্ণ বিষয় এয়ে যে চৰকাৰে ধান বিক্ৰীৰ বাবে নাম পঞ্জীয়ন কৰা কৃষকসকলকে আজিলৈকে আঁচনিখনত সহযোগিতাৰ বাবে উৎসাহিত কৰিব নোৱাৰিলে। এনে ক্ষেত্ৰত ধান ক্ৰয়ৰ পৰিমাণ এমএছপিয়ে বৃদ্ধি কৰা সত্ত্বেও শেহতীয়া বিত্তীয় বর্ষটোত তথৈবচ হৈয়ে থাকিল। শস্য বিক্ৰীৰ বাবে নাম পঞ্জীয়ন কৰা অসমৰ কৃষকৰ সংখ্যা হ’ল ৭০,১৩৬ গৰাকী। তাৰে মাত্র ৩৯,৫৭৭ গৰাকীৰ পৰাহে ২০২৩-২৪ বিত্তীয় বর্ষত ধান ক্রয় কৰিবলৈ সক্ষম হয়। অর্থাৎ গড় হিচাপত মাত্র ৫৬ শতাংশৰ পৰাহে ধান ক্রয় কৰাটো সম্ভৱ হয়। অথচ কৃষকসকলক উৎসাহিত কৰিবলৈকে এইবাৰ প্ৰতি কুইণ্টল ধানৰ এমএছপি ধার্য কৰা হৈছিল ২৯,১৮৩ টকা।
আনহাতে, ধান ক্রয়ৰ লক্ষ্য লোৱা হৈছিল ৭,৪৯,৪০০ মেট্রিক টন। ইয়াৰে মাত্র ৫৪ শতাংশ অর্থাৎ ৩,৯৪,১৪৬ মেট্রিক টন ধানহে ক্রয় কৰাটো সম্ভব হয়। বিত্তীয় বর্ষটোত দুটা পর্যায়ত ধান ক্ৰয় কৰি নিৰ্ধাৰিত পৰিমাণ স্পৰ্শ কৰিব বিচৰা হৈছিল। সেই অনুসৰি, প্ৰথমতে যোৱা ডিচেম্বৰৰ পৰা জুনলৈ আৰু দ্বিতীয় পর্যায়ত জুলাইৰ পৰা ছেপ্টেম্বৰলৈ ধান ক্ৰয় কৰা হয়।
লক্ষ্যণীয় যে বাৰম্বাৰ লক্ষ্য পূৰণত ব্যর্থ হোৱাৰ বাবে এইবাৰ ধান ক্ৰয়ৰ লক্ষ্য নির্ধাৰিত পৰিমাণো হ্রাস কৰা হৈছিল। ইয়াৰ পূৰ্বে লক্ষ্য নির্ধাৰিত পৰিমাণ আছিল ১০ লাখ মেট্রিক টন। এইবাৰ সেই পৰিমাণ প্রায় ৭.৫০ লাখ টনলৈ হ্রাস কৰা হয়। তদুপৰি ক্ৰয় সংস্থাৰ সংখ্যাও ছটাৰ পৰা চাৰিটা কৰা হয়। তৎসত্ত্বেও লক্ষ্য পূৰণ নোহোৱাটো অত্যন্ত দুর্ভাগ্যজনক ৰূপে পৰিগণিত হৈছে।
উল্লেখ্য যে ২০২৩-২৪ বিত্তীয় বৰ্ষত যোৱা ৩০ ছেপ্টেম্বৰলৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে দুটা পর্যায়ত লক্ষ্য নির্ধাৰিত ৫,৩৭,৬৬০ মেট্রিক টনৰ বিপৰীতে ৩,৩৯,০০৪.০২ মেট্রিক টন ধান ক্রয় কৰিবলৈ সক্ষম হয়। নিগমে প্রথম পর্যায়ত ২,৭১,০৬১.০২ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ৬৭,৯৪৩ মেট্রিক টন ধান ক্রয় কৰে।
আনহাতে, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে দুয়োটা পৰ্যায়ত ১০ হেজাৰ মেট্রিক টনৰ বিপৰীতে ৫,৩৬১.৭৮ মেট্রিক টন ধান ক্রয় কৰে। প্ৰথম পৰ্যায়ত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ৩,৫০৩.৭৮ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ১,৮৫৮ মেট্রিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয়।
আন এটা সংস্থা ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ ধান ক্রয় লক্ষ্য আছিল ৮০ হেজাৰ মেট্রিক টন। অতি দুর্ভাগ্যজনকভাৱে নিগমে মাত্র ১৩,২৬৭.২৪ মেট্রিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয়। খাদ্য নিগমে প্রথম পর্যায়ত ১২,১০০.২৪ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ১,১৬৭ মেট্রিক টন ধান ক্রয় কৰে। চতুৰ্থটো সংস্থা ৰাষ্ট্ৰীয় কৃষি সমবায় বিতৰণ ফেডাৰেছন (নাফেড) ৰ ধান ক্ৰয়ৰ লক্ষ্য আছিল ১,১৬,৮০০ মেট্রিক টন।
ইয়াৰ বিপৰীতে কেন্দ্রীয় সংস্থাটোৱে ক্ৰয় কৰিবলৈ সক্ষম হোৱা ধানৰ পৰিমাণ হ’ল ৩৬,৫২৩.৪৮ মেট্রিক টন। সংস্থাটোৱে প্রথম পর্যায়ত ২৮,২৭২.৫১ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ৮,২৫০.৯৮ মেট্রিক টন ধান ক্রয় কৰে। কেৱল যে এমএছপি বৃদ্ধিৰ জৰিয়তে কৃষকৰ উপকাৰ সাধন কৰিব পাৰি, সেয়া নহয়। এই কথাটো অসমৰ ক্ষেত্ৰতে প্রমাণিত হৈছে।
কৃষকক সজাগ কৰা, মধ্যভোগী-দালালৰ পৰিৱৰ্তে উচিত মূল্যত চৰকাৰক ধান বিক্রী কৰা আদিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰ যে চূড়ান্ত ব্যর্থ হৈছে, এয়াই তাৰ প্ৰমাণ। একে সময়তে এইটোও স্পষ্ট হৈছে যে চৰকাৰে এমএছপিৰ পৰিমাণ বৃদ্ধি কৰিলেও ৰাজ্যত মধ্যভোগী-দালালৰ দদপনি পূর্ণমাত্রাই চলি আছে; অথচ উচ্চ পৰিমাণৰ এমএছপিত কৃষকৰ পৰা ধান ক্ৰয়ৰ আঁচনিখনৰ লক্ষ্যই হ’ল দুখীয়া কৃষকক সকাহ দিবলৈ মধ্যভোগী-দালালক উৎখাত কৰা। ইয়াতেই চৰম ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ।