Union Minister Sarbananda Sonowal:সৰ্বভাৰতীয় ১৩ বছৰ অনূৰ্ধৰ য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টত অসমৰ বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

sarba 1 scaled

Union Minister Sarbananda Sonowal:

সৰ্বভাৰতীয় ১৩ বছৰ অনূৰ্ধৰ য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টত অসমৰ বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ |

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২৫ৰপৰা ৩০ অক্টোবৰলৈ সফলতাৰে আয়োজিত সৰ্বভাৰতীয় ১৩ বছৰ অনূৰ্ধৰ য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টে দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক প্ৰতিভা প্ৰদৰ্শনৰ এখন উপযুক্ত মঞ্চ প্ৰদানৰ জৰিয়তে উদ্বুদ্ধ কৰিলে। এই টুৰ্ণামেণ্টত অসমৰ খেলুৱৈসকলেও দাঙি ধৰিলে উন্নত প্ৰদৰ্শন।

আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰ ডিব্ৰুগড়ৰ বাসগৃহত অসমৰ বিজয়ী খেলুৱৈসকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু প্ৰশিক্ষকসকলক ব্যক্তিগতভাৱে সম্বৰ্ধনা তথা অভিনন্দন জ্ঞাপন কৰে আৰু মত বিনিময় কৰে। সোণোৱালে কয়, খেলুৱৈসকলে অনাগত দিনবোৰতো ন উদ্যমেৰে আৰু উন্নত প্ৰদৰ্শনেৰে জিলিকি উঠি ৰাজ্যখনৰ ক্ৰীড়া জগতৰ সুনাম বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

অসমত বিগত এটা দশকত ক্ৰীড়াৰ এক নৱজাগৰণৰ সূচনা হৈছে। ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পৰাই গঢ় লৈছে ন ন খেলুৱৈ প্ৰতিভা। আগন্তুক দিনবোৰত অসমে দেশৰ ক্ৰীড়া মানচিত্ৰত নতুন ৰূপত জিলিকি উঠিব লাগিব। ইয়াৰ বাবে সকলোৱে মিলি ক্ৰীড়া জগতক উজ্জীৱিত কৰি তুলিব লাগিব । এইক্ষেত্ৰত দ্বৈত ইঞ্জিন চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।

Exit mobile version