Justice Sanjiv Khanna Takes Oath: দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ সঞ্জীৱ খান্নাই

ছমাহৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে অধিষ্ঠিত সঞ্জীৱ খান্না

cjioo

Justice Sanjiv Khanna Takes Oath:

দেশৰ ৫১সংখ্যক মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হ’ল ন্যায়াধীশ সঞ্জীৱ খান্না। সদ্য প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অৱসৰৰ পাছত ন্যায়াধীশ সঞ্জীৱ খান্নাক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে ৷

সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সঞ্জীৱ খান্নাই। পুৱা ৰাষ্ট্ৰপতি ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে শপত বাক্য পাঠ কৰাই ন্যায়াধীশ সঞ্জীৱ খান্নাক ৷
অনুষ্ঠানত উপস্থিত থাকে বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় সহ কেন্দ্ৰীয় চৰকাৰৰ কে’বাগৰাকী উচ্চপদস্থ বিষয়াবৰ্গ সহ বিশিষ্ট ব্যক্তি। উল্লেখ্য যে, ১০ নৱেম্বৰত অৱসৰ লয় দেশৰ সদ্য প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।

দেশৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই সৰ্বোচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিয়োজিত হোৱাৰ পূৰ্বে দেশৰ কোনো এখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা নাছিল৷ ২০১৯ ৰ ১৮ জানুৱাৰীত ন্যায়াধীশ খান্নাই সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ন্যায়াধীশ খান্নাই বহু কেইটা গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰায়দান দিছিল ৷বিশেষকৈ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু উপ- মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ জামিনৰ ৰায় প্ৰদান কৰিছিল ন্যায়াধীশ খান্নাই ৷

স্মতৰ্ৱ্য যে,ন্যায়াধীশ খান্নাই মাত্ৰ ছমাহৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷ কিয়নো ২০২৫ ৰ ১৩ মে’ত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ গৰাকীয়ে। উল্লেখযোগ্য দেশৰ মুখ্য ন্যায়াধীশৰ কাৰ্যকাল দুবছৰীয়া

Exit mobile version