Asom Sahitya Sabha:সাহিত্য সভাত সভাপতিকেন্দ্রিক জটিলতা অৱশেষত আতঁৰিল

সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে প্রস্তুত চূড়ান্ত পেনেল, উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বৈঠকত প্ৰস্তুত পাঁচজনীয়া প্রার্থীৰ পেনেল, পেনেলত স্থান লাভ ড: বসন্ত কুমাৰ গোস্বামী, ড:গোবিন্দ প্রসাদ শর্মা, ডঃ উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী, ড: ভীমকান্ত বৰুৱা, এইবাৰ প্ৰধান সম্পাদক-উপ সভাপতি পদত তিনিজনকৈ প্রার্থী অৱতীৰ্ণ

sahitya sabha

Asom Sahitya Sabha:

একাংশৰ পদৰ লালসাৰ বাবেই বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসম সাহিত্য সভা। এইবাৰো নির্বাচনকেন্দ্রিক বিতর্ক তুংগত উঠা সত্ত্বেও গা নলৰিল সেইসকলৰ। ইয়াৰ পৰিণতিতে সভাপতিকেন্দ্রিক জটিলতা অব্যাহত আছিল যদিও মঙলবাৰে সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে প্রস্তুত কৰা হয় চূড়ান্ত পেনেল ৷ সাহিত্য সভাৰ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বৈঠকত পাঁচজনীয়া প্রার্থীৰ পেনেল চুড়ান্ত কৰা হয় ৷

পেনেলত স্থান লাভ কৰে ড: বসন্ত কুমাৰ গোস্বামী, ড:গোবিন্দ প্রসাদ শর্মা। ডঃ উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ড: ভীমকান্ত বৰুৱাই ৷ ইয়াৰ পূৰ্বে সভাৰ সভাপতিৰ নাম চুড়ান্ত কৰিবলৈ আজি উচ্চ ক্ষমতাসম্পন্ন বৈঠকত কেতবোৰ বিষয়ৰ ওপৰত খৰচি মাৰি আলোচনা কৰে ৷

এটা পক্ষই অন্ততঃ মর্যাদা কিছু পৰিমাণে ৰক্ষা কৰিবলৈ এগৰাকী মহিলা সাহিত্যিক আৰু এগৰাকী জনগোষ্ঠীয় সাহিত্যিকক পেনেলত স্থান দিবলৈ প্রচেষ্টা অব্যাহত ৰাখে ৷ একেদৰে পূৰ্বৰ বিতর্কিত তালিকাখনত স্থান লাভ কৰা কে’বাজনৰো নাম কর্তন হ’লেও যাক কেন্দ্ৰ কৰি প্ৰথম তালিকাখনত বিতৰ্কৰ বিশেষভাৱে সূত্রপাত হৈছিল সেইজন গিৰীশ সন্দিকৈৰ নাম কর্তন হয় আজিৰ উচ্চ ক্ষমতাসম্পন্ন বৈঠকত । আনহাতে সোমবাৰে উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ মনোনয়ন পত্র সমূহ পৰীক্ষা কৰি চূড়ান্ত তালিকা প্রস্তুত কৰা হয়; কিন্তু এই তালিকাও বিতৰ্কৰ পৰা মুক্ত নহ’ল।

মনোনয়ন পৰীক্ষাৰ অন্তত প্রধান সম্পাদকৰ তিনিওজন দাবীদাৰ যোগ্য বিবেচিত হয়। ইয়াৰ বিপৰীতে উপ-সভাপতিৰ দুজনৰ মনোনয়ন বাতিল হোৱা বুলি সভাৰ সূত্ৰই সদৰী কৰে। কিন্তু প্রধান সম্পাদকৰ তালিকাখনক লৈ পুনৰ বিতৰ্ক আৰম্ভ হৈছে। পদটোৰ বাবে তিনিজনৰ মাজত নির্বাচন অনুষ্ঠিত হ’ব। প্রার্থীকেইজন হ’ল সঞ্জীৱ শৰ্মা, দেৱজিৎ বৰা আৰু অজিত প্রসাদ শর্মা।

চর্চা অনুসৰি বৰ্তমানৰ প্রধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ সম্পৰ্কীয় ভ্রাতৃ অজিত প্রসাদ শৰ্মাৰ এই পদত প্রতিদ্বন্দ্বিতাৰ অৰ্হতা নাই। প্রধান সম্পাদক হ’ব লাগিলে এজন প্রার্থীয়ে একেৰাহে ন্যূনতম দুবছৰ সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হ’ব লাগে। তদুপৰি প্রার্থীজনৰ বিৰুদ্ধে কোনো গুৰুতৰ তথা ৰাজহুৱা অভিযোগ আদি থাকিব নালাগে। চর্চা অনুসৰি শৰ্মাৰ ক্ষেত্ৰত ইয়াৰে এটাও চর্ত নিমিলে। মানসিক নির্যাতন চলাই সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ এজন কৰ্মচাৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈ আছে শর্মা। গতিকে তাৰ পাছতো প্রার্থিত্বৰ যোগ্যতা আহৰণ কৰিবলৈ সক্ষম হোৱাটোক লৈ সভাৰ মজিয়াতে চর্চা তীব্ৰতৰ হৈছে।

ইপিনে, উপ-সভাপতি পদৰ বাবেও তিনিজনৰ মাজত প্রতিদ্বন্দ্বিতা অনুষ্ঠিত হ’ব। তেওঁলোক হ’ল বিপিন কলিতা, পদুম ৰাজখোৱা আৰু চহিৰ ভূঞা। মনোনয়ন বাতিল হয় নৰহৰি চুতীয়া আৰু অজয় সিংহৰ। সাহিত্য সভাৰ নিৰ্বাচনক লৈ শাখা সাহিত্য সভাৰ সংখ্যাৰ বিষয়েও বিতৰ্কৰ সৃষ্টি কৰিছে।

ভোটদান কৰিবলগীয়া শাখা সাহিত্য সভাৰ সংখ্যা পূর্বে আছিল ৭৫০ খন । সেই সংখ্যা এইবাৰ বৃদ্ধি হৈছে ৮৪৯ খনলৈ। এনে সংখ্যা বৃদ্ধি ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ বাবে প্রথম দৃষ্টিত শুভ লক্ষণ বুলি ধাৰণা হ’লেও ইয়াৰ অন্তৰালত নির্বাচন কেন্দ্রিক উদ্দেশ্যহে অধিক নিহিত আছে। নিজৰ পক্ষে ভোট বৃদ্ধিৰ অংকৰে এনেদৰে শাখা সভা গঠনত উপেন্দ্ৰজিৎ শৰ্মা আৰু অজিত প্ৰসাদ শৰ্মাৰ বিশেষ ভূমিকা থকাৰ কথা সভাৰ বহুতৰে এতিয়া মুখে মুখে। ইয়াৰ পূর্বেও সভাৰ একাংশ প্রাক্তন কাণ্ডাৰীয়ে শাখা সভা গঠন কৰি নিজৰ ভোট বৃদ্ধিৰ অংক কৰিছিল। পৰৱৰ্তী সময়ত তেনে অধিকাংশ শাখা সভা নিষ্ক্রিয় হৈ পৰে।

Exit mobile version