Two Indian-American leaders have key responsibilities in the Trump administration:
আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে তেওঁৰ প্ৰশাসনৰ বিভিন্ন বিভাগৰ দায়িত্বৰ আবণ্টন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে ৷
ভাৰতীয় মূলৰ মার্কিন নেতা বিবেক ৰামাস্বামী আৰু তুলসী গাৰ্বাডক অৰ্পণ কৰিলে গুৰু দায়িত্ব ৷ সেই অনুসৰি বিবেক ৰামস্বামীক ডিপার্টমেন্ট অৱ গভর্ণমেন্ট এফিচিয়েন্সি (ডিঅ’জিই)ৰ মুৰব্বী হিচাপে নিযুক্ত কৰাৰ বিপৰীতে তুলসী গাৰ্বাডক ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ (ডি এন আই) সঞ্চালিকা হিচাপে নিয়োজিত কৰে ৷
উল্লেখ্য যে তুলসী গাৰ্বাড ২০১৩ৰ পৰা ২০২১ লৈ ডেমক্ৰেটিক পাৰ্টিৰ সদস্য থকাৰ সূত্ৰে মাৰ্কিন কংগ্ৰেছ(চিনেট)ৰ সদস্য আছিল ৷কিন্ত ২০২২ত ৰিপ্লাবিকান দলৰ সদস্যতা গ্ৰহণ কৰে। ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ পূৰ্বে তুলসী আছিল মাৰ্কিন সেনাৰ কৰ্ণেল ৷ মাৰ্কিন সেনাৰ কৰ্ণেল হোৱাৰ সূত্ৰে তেওঁ ইৰাক- কুৱেটত নিয়োজিত আছিল ৷ যুক্তৰাষ্ট্ৰৰ সেনাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহৰে অভিজ্ঞতা পুষ্টৰ বাবেই হয়তো ৰাষ্ট্ৰপতি ট্ৰাম্পে তুলসীক মাৰ্কিন চোৰাংচোৱাৰ শীৰ্ষ পদত অধিষ্ঠিত কৰে।
আনহাতে ভাৰতীয় মূলৰ মার্কিন নেতা বিবেক ৰামাস্বামী ৰিপ্লাবিকান দলৰ এজন জ্যেষ্ঠ নেতা ৷ তেওঁ ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালতো হোৱাইট হাউচৰ শীৰ্ষ বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
একেদৰে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি তথা টেছলা, এক্স আৰু স্পেচএক্সৰ স্বত্ত্বাধিকাৰী এলন মাস্কক ডিপার্টমেন্ট অৱ গভর্ণমেন্ট এফিচিয়েন্সি (ডিঅ’জিই)ৰ মুৰব্বী নিযুক্ত কৰিলে ট্রাম্পে। এক বিবৃতিত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিজনে এইদৰে ক’লে, ‘মাস্ক মোৰ প্ৰশাসনৰ বাবে চৰকাৰী ব্যয় হ্রাস, অতিৰিক্ত নিয়ম হ্রাস আৰু অপ্রয়োজনীয় ব্যয় কৰ্তনৰ লগতে যুক্তৰাষ্ট্ৰীয় এজেন্সীৰ পুনৰ গঠনৰ পথ নিৰ্মাণ কৰিব।’ ট্রাম্পে এইদৰে ঘোষণা কৰি মাস্কক ‘গ্রেট এলন মাস্ক’ (মহান এলন মাস্ক) বুলিও অভিহিত কৰে। আনহাতে, ভাৰতীয় মূলৰ বিবেকক ট্রাম্পে ‘দেশভক্ত মার্কিন’ বুলি মন্তব্য কৰে।
উল্লেখ্য যে মার্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ পৰাই মাস্কে ট্রাম্পৰ সমৰ্থনত প্ৰচাৰ চলাইছিল। সেই সময়তে ট্রাম্পে তেওঁৰ প্ৰশাসনত মাস্কক গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিব বুলি প্রতিশ্রুতি দিছিল।