Attempted kidnapping of teenager for rejecting love:
গুৱাহাটী মহানগৰী ক্ৰমাৎ পৰ্যবেক্ষিত হৈছে অপৰাধীৰ ভূস্বগলৈ ৷ সঘনে ইটোৰ পাছত সিটোকৈ অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে যদিও মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে এই সমূহ ঘটনা ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি অহাৰ অভিযোগ উদ্থাপিত হৈছে।
বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী কিশোৰীক অপহৰণৰ চেষ্টা চলাই তিনি যুৱকে ৷
কিশোৰী গৰাকীক তেওঁৰ পিতৃয়ে মতা বুলি কৈ সন্ধিয়া জিএমচিএইছ পাহাৰৰ টি ভি টাৱাৰৰ সমীপলৈ নিয়ে তিনি যুৱকে ৷ স্থানীয় কোনো লোকে যুৱকৰ স’তে কিশোৰী গৰাকীক প্ৰত্যক্ষ কৰি কিশোৰী গৰাকীৰ পিতৃক খবৰ দিয়ে ৷ খবৰ লাভ কৰি ততাতৈয়াকৈ পিতৃ ঘটনাস্থলীত উপস্থিত হোৱাত পলায়ন কৰে তিনি যুৱক ৷
পলাতক যুৱক কেইজন হ’ল ছলমান আলী, ইয়ামিন হুচেইন আৰু শ্বাহজাহান আলী ৷ ইতিমধ্যে কিশোৰী গৰাকীৰ পিতৃয়ে যুৱক কেইজনৰ বিৰুদ্ধে ভঙাগড় থানাত দাখিল কৰিছে এজাহাৰ ৷