OC has been suspended for beating up a food delivery boy:মহানগৰীৰ ৰাজপথত গুণ্ডামি কৰি নিলম্বিত পানবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰা

ফুড ডেলিভাৰী বয় এজনক ফাঁচী বজাৰত কৰিছিল লপাথপা, ফুড ডেলিভাৰী বয়জন আছিল প্ৰাক্তন কটনিয়ান জ্ঞানদীপ হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ণৰত আছিল জ্ঞানদীপ, ফুড ডেলিভাৰী কৰি পৰিয়াল পোহপাল দিয়াৰ বাবে জ্ঞানদীপে ফুড ডেলিভাৰীৰ অংশকালীন কাম কৰিছিল, কটনিয়ানক লপাথপা দিয়া আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা, পানবজাৰ থানাও ঘেৰাও কৰি আৰক্ষীক বান্ধি দিলে সময়সীমা, সোমবাৰৰ ভিতৰত নিলম্বিত অ'চি ভাৰ্গৱ বৰবৰাই ক্ষমা নুখুজিলে বৃহৎ আন্দোলনৰ হুংকাৰ কটনিয়ানৰ, নিলম্বিত নহয় বৰ্খাস্ত কৰক অ'চি জনক :উংপল শৰ্মা

panbazar main foto

OC has been suspended for beating up a food delivery boy:

ৰাইজৰ বাবে আৰক্ষী ৷ এই মন্তব্যৰে আৰক্ষীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ পৰামৰ্শ দি আহিছে যদিও একাংশ উদণ্ড – অবাধ্য আৰক্ষীৰ উদ্ধতালিৰে ৰাইজক ক্ষুব্ধ কৰি তুলিছে। একাংশ আৰক্ষীয়ে এতিয়া ৰাজপথত গুণ্ডামি কৰাটো চিৰাচৰিত নিয়মত পৰিণত হৈছে ৷

বৃহস্পতিবাৰে নিশা মহানগৰীৰ মাজমজিয়াৰ ফাঁচী বজাৰত এজন ফুড ডেলিভাৰী বয়ৰ ওপৰত জপিয়াই পৰিল পানবজাৰ আৰক্ষী থানাৰ অ’চি ভাৰ্গৱ বৰবৰা । ফুড ডেলিভাৰী বয়জনৰ দোষ আছিল  ৷ তেওঁ ন’এন্টিত ৰখাইছিল তেওঁৰ বাইক খন  ৷ লঘু দোষত ফুড ডেলিভাৰী যুৱকজনক ৰাজহুৱাকৈ লপা থপা দিয়ে ৷

আনহাতে এই কাৰ্য এগৰাকী সচেতন মহিলাই ৰেকৰ্ডিং কৰি ফেচবুকত ভাইৰেল কৰে। এই দৃশ্যাৱলীৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এক্স যোগে ৰাজপথত গুণ্ডামী কৰা পানবজাৰ আৰক্ষী থানাৰ অ’চি ভাৰ্গৱ বৰবৰাক তৎকালীনভাৱে নিলম্বন কৰাৰ লগতে তদন্তৰ ঘোষণা কৰে ৷

উল্লেখ্য যে ফুড ডেলিভাৰী বয়জনৰ ওপৰত আৰক্ষীজনৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাজ্যব্যপি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ডেলিভাৰী বয়জন আছিল কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৷ বৰ্তমান অৰ্থনৈতিক বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত জ্ঞানদীপ হাজৰিকা নামৰ শোণিতপুৰৰ সংগ্ৰামী ছাত্ৰজনে নিজৰ পৰিয়ালৰ পোহপাল আৰু নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ বাবে সময় উলিয়াই দৈনিক কৰি গৈছিল ফুড ডেলিভাৰী কামটো ৷

কিন্ত শুকুৰবাৰে কৰ্মৰত অৱস্থাতে জ্ঞানদীপ হাজৰিকাই সন্মুখীন হ’বলগীয়া হয় এক অবাঞ্চিত পৰিস্থিতিৰ ৷ ইতিমধ্যে কটনিয়ানৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে গৰজি উঠে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ৷ শণিবাৰে শতাধিক কটনিয়ানে নিলম্বিত অ’চি জনৰ শাস্তিৰ দাবী পানবজাৰৰ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কটনিয়ানে আৰক্ষী প্ৰশাসনৰ সোমবাৰলৈ বান্ধি দিলে সময়সীমা ৷ সোমবাৰৰ ভিতৰত গুণ্ডাৰূপী আৰক্ষী বিষয়াজনে ৰাজহুৱাকৈ জ্ঞানদীপৰ ওচৰত ক্ষমা নুখুজিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব ৷ অচল কৰি দিয়া হ’ব পানবজাৰ

আনহাতে নিলম্বিত ভাৰ্গৱ বৰবৰাৰ এই কাণ্ডক গৰিহনা দিয়ে আছুৰ সভাপতি উৎপল শৰ্মাই ৷ বিষয়াজনক নিলম্বন নহয় চাকৰিৰ পৰাই বৰ্খাস্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই ৷

ইপিনে,আৰক্ষীৰ হাতত প্ৰহৃত জ্ঞানদীপৰ মাতৃ বেবী হাজৰিকাই পুত্ৰৰ ওপৰত বৰ্বৰতা দেখুওৱা কাৰ্যক দুখ প্ৰকাশ কৰে ৷তেওঁ কয়, ‘শুকুৰবাৰে নিশা ৮ঃ-৩০ বজাত জ্ঞানদীপৰ লগৰ বন্ধু এজনে মোক খবৰ দিছিল যে জ্ঞানদীপে ইয়াত পাৰ্ট টাইম কাম কৰে। তাক আজি পুলিচে মাৰিছে। আপুনি চিন্তা নকৰিব। আমি তাৰ স’তে আছোঁ।’

আনহাতে মাতৃ গৰাকীয়ে আৰু কয় যে, ‘তাক মই সি ভাড়া লোৱা ৰূমৰ ভাৰাৰ লগতে পঢ়াৰ খৰচ দি আহিছো ৷ গুৱাহাটীত চলিবলৈ অধিক টকাৰ প্ৰয়োজন ৷ হয়তো নিজৰ পকেট খৰচ উলিয়াবলৈকে হয়তো মোৰ অলক্ষিতে ডেলিভাৰীৰ কামটোৰ পথ বাছি লৈছিল । নিজৰ লগতে বৰ্তমান অধ্যয়ণৰত ভনীয়েক গৰাকীৰ দায়িত্ব বুজি সি ঘৰত কোনেও নজনাকৈ এই কামটো বাছি লৈছিল ৷ নিজ পুত্ৰক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সন্দৰ্ভত কয় ,বিষয়াজনে প্ৰথমে ন’এন্টি কৰাৰ বাবে বিভাগীয় যি জৰিমনা হয় সেয়াহে কৰিব লাগিছিল। কিন্ত তাকে নকৰি আইন হাতত তুলি জ্ঞানদীপক প্ৰহাৰ কৰিছিল ৷ আৰক্ষী বিষয়া
গৰাকীয়ে বেয়া কাম কৰিছে। আন কাৰো লগত এনে নহওক।’

Exit mobile version