Actor Allu Arjun:
বলিউডৰ নহয়, দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ জনপ্রিয় অভিনেতা অল্লু অর্জুন ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেতা হিচাপে স্বীকৃত হ’ল। ট্রেক তালিউডৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি অল্লু অর্জুনে শেহতীয়াভাৱে ‘পুষ্পা-২’ত অভিনয়ৰ বাবদ ৩০০ কোটি টকাৰ পাৰিশ্ৰমিক গ্রহণ কৰিলে।
এই বৃহৎ পৰিমাণৰ পাৰিশ্ৰমিক গ্ৰহণৰ জৰিয়তে ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক দাবী কৰা অভিনেতা হিচাপে অল্লুৱে ৰজনীকান্ত আৰু শ্বাহৰুখ খানক অতিক্রম কৰিলে। উল্লেখ্য যে অল্প অভিনীত ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনে বিশ্বজুৰি ৩৫০.১ কোটি টকাৰ ব্যৱসায় কৰিছিল। এইখন ছবিৰ সফলতাৰ পাছৰে পৰা অভিনেতা অল্লুৱে তেওঁৰ পাৰিশ্রমিক যথেষ্ট বৃদ্ধি কৰিলে।
সর্বাধিক পাৰিশ্ৰমিক গ্ৰহণ কৰা অভিনেতাৰ তালিকাত দ্বিতীয় স্থানত আছে দক্ষিণ ভাৰতৰ অভিনেতা থলাপতি বিজয়। বিজয়ে অন্তিমখন ছবিত অভিনয়ৰ বাবদ ২৭৫ কোটি টকাৰ পাৰিশ্ৰমিক লৈছিল। আনহাতে, তৃতীয় স্থানত শ্বাহৰুখ খানে প্ৰতিখন ছবিৰ অভিনয়ৰ বাবদ ২৫০ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰে। আহিছে। – চতুর্থ স্থানত থকা ৰজনীকান্তে ১২৫-২৭০ কোটি টকাৰ পাৰিশ্রমিক দাবী কৰি আহিছে ৷