Moral policing case In Guwahati:
মহানগৰীৰ কাহিলীপাৰাৰ জটিয়াত সোমাবাৰে পুৱাতে সংঘটিত হ’ল নাৰকীয় ঘটনা ৷ এপেকেট গাখীৰ চুৰিৰ অপৰাধত এজন কিশোৰৰ ওপৰত জপিয়াই পৰিল দুজনকৈ লোক ৷
প্ৰাপ্ত খবৰ অনুসৰি জটিয়াৰ এখন দোকানৰ পৰা পুৱাতে চুৰি হয় গাখীৰৰ পেকেট ৷ দোকানৰ গৰাকীয়ে হাতেলোটে কৰায়ত্ত কৰে কিশোৰ চোৰ টিক ৷ ইয়াৰ পিচত কিশোৰ জনক দোকানৰ সন্মুখৰ এটা খুটাত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুজন লোকে। আনহাতে এই হুলস্থূল শুনি সেই স্থানত উপস্থিত থকা আন দুই এজনেও কিশোৰীক চৰিয়াই ৷
আনহাতে দানৱৰ দৰে দুই যুবকে কিশোৰজনক বাহেঁৰে প্ৰহাৰ কৰে ৷ প্ৰহাৰ কৰাত আনকি ফালি যায় বাঁহো ৷ এজনে মুৰত ভৰিৰে গচকি চকুত বাইকৰ চাবিৰে খোচে ৷ ফলত তেজেৰে তুমৰলি হৈ মাটিত পৰি চিৎকাৰ দি কিশোৰটিয়ে কান্দি কান্দি কৈ থাকিল ‘মোক এৰি দিয়ক আজিৰ পৰা নকৰো’।
ইয়াৰ পিছতো ক্ষান্ত হোৱা নাই দানৱ ৰূপী দুই যুৱক । কিশোৰটিৰ ওপৰত চলাই গৈছিল মৰেল পুলিচিঙ ৷ কিশোৰটিৰ মুমুৰ্ষ অৱস্থা দেখি কেইজনমান হৃদয়ৱান লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত ভৰ্তি কৰে হায়াত হাস্পতালত ৷ মৰেল পুলিচিঙৰ বলি হোৱা কিশোৰৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটজনক। হাস্পতালৰ বিছনাত কিশোৰজনে যুঁজিছে জীৱন-মৃত্যুৰে ৷
আনহাতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা দুই পাষণ্ডক ইতিমধ্যে ভগদত্তপুৰ আৰক্ষীয়ে আটক কৰি হাজিৰ কৰিছে আদালতত ৷ দুই অভিযুক্তৰ নাম হিমাংশু বৈশ্য, জয়ন্ত তালুকদাৰক ৷ শেহতীয়া খবৰ অনুসৰি সংশ্লিষ্ট দোকান খনৰ গৰাকীকো আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে।
প্ৰশ্ন হ’ল কিশোৰটিয়ে চুৰ কৰিছে ৷ তাৰ শাস্তি আইনে দিব ৷ কিন্ত আইন হাতত তুলি দানৱীয় অত্যাচাৰ কৰাৰ অধিকাৰ কোনো দিলে মৰেল পুলিচিঙ কৰা দুই যুৱকক। সচেতন মহলৰ দাবী দুই যুৱকক আৰক্ষী কঠোৰ শাস্তি দিয়ক ৷