Installation of radio Color equipment in the neck of wild elephants in Jartaluk :
অবাধ বন ধ্বংসৰ ফলত বনাঞ্চল সংকুচিত হৈ অহাৰ ফলত তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে শেহতীয়াকৈ নলবাৰী জিলাৰ বিভিন্ন প্রান্ততো বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাকে তামুলপুৰ জিলাৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্রান্ততো উপদ্ৰৱ চলোৱাত বিনিদ্র ৰজনী কটাবলগা হয় জনসাধাৰণে।
বনৰীয়া হাতীৰ গতি বিধি নিৰীক্ষণ কৰাৰ বাবে আজি এক শিহৰণকাৰী অভিযান চলাই শেহতীয়াকৈ নলবাৰী আৰু তামুলপুৰত উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ ডিঙিত সংস্থাপন কৰে অত্যাধুনিক ৰেডিও কলাৰ। বাকসা আৰু তামুলপুৰ জিলা বন বিভাগৰ লোকে তামুলপুৰ জিলাৰ জাৰতালুকৰ সমীপৰ পাগলাদিয়া নদীৰ পাৰৰ হাবিয়নীত অৱস্থান কৰি থকা বনৰীয়া হাতীৰ বৃহৎ জাকৰ এটা দঁতাল হাতীক জাকৰ পৰা বিচ্ছিন্ন কৰি ৰেডিও কলাৰ সংস্থাপন কৰা হয়।
বাকসা জিলা আৰু তামুলপুৰ জিলা বন বিভাগৰ উচ্চপদস্থ বিষয়া, হাতী বিশেষজ্ঞ, পশু চিকিৎসক, বন্যপ্রাণী সুৰক্ষাৰ হৈ কাম কৰা এনজিঅ’ৰ সদস্যৰ উপস্থিতিত আজি বন্যহস্তীৰ বৃহৎ জাকটোৰ এটা হাতীক ট্রেংকুলাইজ কৰি হাতী দুটাৰ দেহত সংস্থাপন কৰা হয় অত্যাধুনিক ৰেডিও কলাৰ যন্ত্ৰ। ইয়াৰ জৰিয়তে বনৰীয়া হাতীৰ গতিবিধি নিৰীক্ষণ কৰি হাতী উপদ্ৰৱ ৰোধ কৰিব বন বিভাগে। বন বিভাগৰ লোকে সদৰী ৰকা মতে ৰেডিও কলাৰৰ জৰিয়তে বনৰীয়া হাতীৰ গতি বিধি নিৰীক্ষণ কৰি হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ জৰিয়তে হাতীৰ উপদ্ৰৱ ৰোধ কৰি মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি তথা খেতি আদিৰক্ষা কৰিব পৰা যাব।
উল্লেখ্য যে বিগত এমাহ ধৰি ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটা পাগলাদিয়া নদীৰ বুকুৱেদি উজাই আহি তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰো বিভিন্ন প্রান্তত উপদ্ৰৱ চলাই পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে শ শ বিঘা পকাধান খায় তহিলং কৰাৰ লগতে পাচলি খেতি, কলৰ বাগান তামোলবাৰী, নাৰিকল আদি ভাঙি তহিলং কৰি আহিছে। আজিৰ বন বিভাগৰ অভিযানত বাকসা জিলা আয়ুক্ত গৌতম দাস, জিলা বন বিষয়া গোলাপ বনিয়া, তামুলপুৰ, বাতাবাৰী, কুমাৰীকাটাৰ বনাঞ্চলিক বিষয়াসহ বনকর্মী আৰু আৰক্ষী বাহিনীৰ লোক উপস্থিত থাকে।