Sagarmanthan:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজধানীত অনুষ্ঠিত হোৱা বিশ্ব পৰ্যায়ৰ সামুদ্রিক অনুষ্ঠান “সাগৰমন্থন: দ্য গ্রেট অ’চেনছ্ ডায়লগ”ৰ সফল আয়োজন সন্দর্ভত মত প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানৱতাৰ এক সমৃদ্ধ ভৱিষ্যতৰ অংশীদাৰিত্বৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত সামুদ্রিক খণ্ডৰ সহমত গঢ়ি তুলিবলৈ সাগৰমন্থনৰ সফলতাৰ সন্দৰ্ভত আলোকপাত কৰে।
নাইজেৰিয়াৰ কেম্প অফিচৰ পৰা প্ৰেৰণ কৰা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, “সুৰক্ষিত সামুদ্রিক নেটৱৰ্কৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ আমি পোষকতা কৰিছোঁ। ভাৰত মহাসাগৰে হওক বা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলেই হওক সামুদ্রিক খণ্ডৰ ৰূপান্তৰ সাধনত প্রধানমন্ত্রী মোদীয়ে কয়, সুৰক্ষিত সামুদ্রিক নেটৱকৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ আমি পোষকতা কৰিছোঁ।
ভাৰত মহাসাগৰে হওক বা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলেই হওক সামুদ্রিক খণ্ডৰ ৰূপান্তৰ সাধনত আমি বিশেষ অগ্ৰাধিকাৰ দিছোঁ। ‘ভাৰত প্ৰশান্ত মহাসাগৰ পদক্ষেপ’ৰ অধীনত সামুদ্রিক সম্পদক ৰাষ্ট্ৰৰ বিকাশৰ শক্তিশালী স্তম্ভ হিচাপে পৰিকল্পনা কৰা হৈছে। ‘সাগৰমন্থন’ কার্যসূচীয়ে সামুদ্রিক বিশ্ব শৃংখলাক অধিক শক্তিশালী কৰিব আৰু ৰাষ্ট্ৰসমূহৰ মাজত শান্তি, বিশ্বাস আৰু বন্ধুত্ব বৃদ্ধি কৰিব।
যিহেতু আমি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীত উপনীত হ’বলৈ চেষ্টা কৰি আছোঁ, সাগৰমন্থনৰ দৰে পদক্ষেপে সামুদ্রিক খণ্ডত অংশীদাৰিত্ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে এক সমৃদ্ধ সামুদ্রিক ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে অমূল্য অৱদান আগবঢ়াব। সকলো অংশীদাৰৰ সামূহিক প্ৰচেষ্টাৰ সৈতে মই নিশ্চিত যে এই আলোচনাবোৰৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব, যাৰ ফলত এক উজ্জ্বল, অধিক সংযোজিত ভৱিষ্যতৰ পথ প্রশস্ত হ’ব।”
ভাৰতৰ সামুদ্রিক খণ্ডটোক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতৰ সামুদ্রিক পৰম্পৰা আৰু ইতিহাস কেইবা সহস্রাব্দৰ পুৰণি আৰু বিশ্বৰ আটাইতকৈ সমৃদ্ধ সামুদ্রিক শক্তিৰ ভিতৰত অন্যতম। সমৃদ্ধ বন্দৰ চহৰ লোথাল আৰু ঢোলাভিৰা, চোল ৰাজবংশৰ নৌশক্তি, ছত্রপতি শিৱাজী মহাৰাজৰ নৌকেন্দ্রিক কার্যকলাপ ইতিহাসৰ বুকুত সজীৱ হৈ আছে। সাগৰ-মহাসাগৰ হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ জীৱনৰেখা। বৰ্তমান সময়ত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু সমৃদ্ধি মহাসাগৰৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে।
সাগৰ-মহাসাগৰৰ সম্ভাৱনাক উপলব্ধি কৰি ভাৰতৰ সামুদ্রিক সামর্থ্য অধিক ত্বৰান্বিত কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰা হৈছে। যোৱা এক দশকত ‘সমৃদ্ধিৰ বাবে বন্দৰ,’ ‘প্ৰগতিৰ বাবে বন্দৰ’ আৰু ‘উৎপাদনশীলতাৰ বাবে বন্দৰ’ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰি আমি আমাৰ বন্দৰসমূহৰ ক্ষমতা দুগুণ কৰিছোঁ। বন্দৰৰ দক্ষতা বৃদ্ধি কৰি, পৰিৱৰ্তনৰ সময় হ্রাস কৰি আৰু এক্সপ্ৰেছৱেৰ জৰিয়তে অন্তিম মাইলৰো সংযোগ শক্তিশালী কৰি, ৰে’লৱে আৰু ৰিভাৰিন নেটৱৰ্কৰ জৰিয়তে সংযোগ শক্তিশালী কৰি আমি ভাৰতৰ উপকূলীয় অঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰিছোঁ।
সামুদ্রিক খণ্ডৰ অভূতপূর্ব সম্ভাৱনা আৰু ৰূপান্তৰ সন্দৰ্ভত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সর্বানন্দ সোণোৱালে ‘সাগৰমন্থন: দ্য গ্রেট অ’চেনছ ডায়লগ’ৰ প্ৰথম সংস্কৰণৰ অভূতপূর্ব সফলতাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে।
সৰ্বানন্দ সোণোৱালে কয়, প্ৰধানমন্ত্ৰী মোদীৰ গতিশীল নেতৃত্বত ভাৰতে সামুদ্রিক খণ্ডত এক পৰিৱৰ্তনশীল অভিজ্ঞতা লিপিবদ্ধ কৰিছে। প্রধানমন্ত্রী মোদীয়ে ‘সাগৰমন্থন’ৰ বাবে দিয়া বার্তাটোৱে এই প্রথম সামুদ্রিক চিন্তাধাৰাৰ নেতৃত্ব মঞ্চ ‘সাগৰমন্থন’ৰ লক্ষ্য সবল ৰূপত ত্বৰান্বিত কৰিছে। মোদীয়ে ‘সামূহিক সহযোগিতা আৰু প্ৰচেষ্টাই কেনেদৰে সমৃদ্ধি নিশ্চিত কৰাৰ বাবে প্রয়োজনীয় দিক্-দৰ্শন কৰিব পাৰে’, তাক কেন্দ্ৰ কৰি এখন বিকশিত ভাৰতৰ পৰিকাঠামোটো অধিক শক্তিশালী কৰাত অগ্ৰাধিকাৰ দিছে। বিশ্বৰ আটাইতকৈ জনপ্রিয় নেতা নৰেন্দ্ৰ মোদীক ‘সাগৰমন্থন’ৰ অতুলনীয় সফলতাৰ আঁৰত তেখেতৰ দূৰদৰ্শী জ্ঞান, অন্তর্দৃষ্টি আৰু নিৰ্দেশনা তথা দিহা-পৰামৰ্শৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।