Deadbody Recovered In East Nalbari:পুৱ নলবাৰীৰ সন্ধা শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সন্মুখৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

মৃতদেহটো বৰভাগৰ কোহাঁৰঝাৰৰ জয়ন্ত শৰ্মা বুলি চিনাক্ত

nalbari image

Deadbody Recovered In East Nalbari:

নলবাৰী জিলাৰ পূৱ প্ৰান্তৰ সন্ধা গাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সন্মুখৰ ৰে’ল আলিৰ সমীপৰ পুখুৰীত উদ্ধাৰ এটা মৃতদেহ। ইতিমধ্যে মৃতদেহটো বৰভাগৰ কোহাঁৰঝাৰ জয়ন্ত শৰ্মা বুলি চিনাক্ত কৰা হয়।

উল্লেখ্য যে যোৱা ১৮ নবেম্বৰত সন্ধা শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সন্মুখৰ পুখুৰীত কোনো অচিনাকী লোক পুখুৰীত পৰা বুলি একাংশ লোকে সন্দেহ কৰিছিল। পিছত নলবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত আহি কোনো উপযুক্ত প্ৰমাণ নোহোৱাত সকলোকে পঠিয়াই দিয়ে।

উল্লেখ্য যে একেটা দিনতে বৰভাগৰ কোহাঁৰঝাৰৰ জয়ন্ত শৰ্মা [৪৭] নামৰ যুৱকজন নলবাৰী ৰাস মহোৎসৱৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে ইতিমধ্যে নলবাৰী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ প্ৰদান কৰে । লগতে ১৯ নবেম্বৰত সন্ধাত উক্ত পুখুৰী পাৰলৈ আহিও অনুসন্ধান চলাইছিল যদিও কিন্তু কোনো শুংসূত্ৰ লাভ কৰা নাছিল।

 

আজি পুৱাই স্থানীয় লোকে উক্ত পুখুৰীটোত এটা মৃতদেহ উদ্ধাৰ কৰে। পিছত সন্ধানহীন জয়ন্ত শৰ্মাৰ পৰিয়ালৰ লোকে চিনাক্ত কৰে উক্ত মৃতদেহটো জয়ন্ত শৰ্মাৰ বুলি। ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰোণত্তোৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য কোহাঁৰঝাৰৰ অবিবাহিত যুৱকজন কি কাৰণত সন্ধা গাঁৱৰ পিনে আহিছিল সেয়া সাথঁৰ হৈ ৰ’ল।

Exit mobile version