World Heritage Week is celebrated in Charaideo:
বিশ্ব ঐতিহ্য সপ্তাহ’ উদযাপনৰ অংশ হিচাপে আজি কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে চৰাইদেউ মৈদাম স্থলীত উপস্থিত হয় আৰু যুগজয়ী আহোম স্বৰ্গদেউসকলৰ প্ৰতি সশ্রদ্ধ প্রণিপাত জনায়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতিপ্রাপ্ত চৰাইদেউ মৈদাম আহোম যুগৰ স্থাপত্যবিদ্যাৰ এক অনন্য নিদর্শন, যিয়ে মহান স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ চানেকি বহন কৰি আহিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্রচেষ্টাত চৰাইদেউ মৈদামে ইউনেস্কোৰ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বাবে অসমবাসী মোদীৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ’ব। চৰাইদেউ মৈদামৰ ঐতিহ্য জাকত-জিলিকা হৈ থাকক আৰু মহান স্বৰ্গদেউসকলৰ অম্লান আদর্শ তথা কৰ্মচেতনাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত আমাক পথ প্ৰদৰ্শন কৰি যাওক, তাৰেই কামনা কৰিলোঁ।”
আজিৰ এই সময়ছোৱাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্ৰ- কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল।
সর্বানন্দ সোণোৱালে লগতে উল্লেখ কৰে, মহান আহোম স্বৰ্গদেউসকলৰ শৌর্য-বীর্য, বীৰত্ব আৰু অদম্য সাহসৰ স্মৃতিগাথা বহন কৰি অহা চৰাইদেউৰ মৈদামসমূহ বৃহত্তৰ অসমীয়া জাতিৰ বাবে স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক। সদ্যঘোষিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থলীৰ তালিকা (সাংস্কৃতিক শাখা)ত চৰাইদেউৰ মৈদামো অন্তর্ভুক্ত হোৱাত আমি অতিশয় আনন্দিত হৈছোঁ। মৈদামসমূহলৈ এই অনন্য স্বীকৃতিয়ে যুগজয়ী আহোম স্বৰ্গদেউসকলৰ বৰ্ণাঢ্য ইতিহাস বিশ্বদৰবাৰত জিলিকাই তুলিব।
টাই আহোমসকলৰ বৰ্ণিল ইতিহাসক এইদৰে বিশ্ব প্রেক্ষাপটত জিলিকাই তোলাৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা অসমবাসীৰ সুহৃদ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উক্ত তালিকাত স্থান লাভ কৰা উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথম ঐতিহ্য স্থলী হিচাপে পৰিগণিত হোৱা চৰাইদেউৰ মৈদামসমূহ ভ্ৰমণ কৰি আহোম যুগৰ অনন্য স্থাপত্যশৈলী তথা চহকী ঐতিহ্যৰ সাক্ষী হ’বলৈ পর্যটকসকলক আহ্বান জনালোঁ। প্রায় ৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় অধ্যায়ৰ চানেকি ধৰি ৰখা মৈদামসমূহৰ এই বিশ্বজনীন স্বীকৃতিয়ে অসমীয়া জাতিক উদ্বুদ্ধ কৰিছে আৰু মহান আহোম স্বৰ্গদেউসকলৰ আদৰ্শেৰে স্বদেশ- স্বজাতিৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিছে।
সোণোৱালে লগতে কয়, স্বৰ্গদেউ চাওলুং চ্যুকাফাই তেৰ শতিকাতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক লগত লৈ ‘সাত ৰাজ সামৰি এক ৰাজ’ কৰা নীতিৰে ইয়াত সুশাসনৰ পাতনি মেলিছিল, বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। সেই একেই আদৰ্শক সাৰোগত কৰি ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে মোদীৰ ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি এখন শক্তিশালী, বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ পথ প্রশস্ত কৰিছে। মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে ভাৰতৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্রা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্রা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্রা।
চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি লাভৰ কিছু আঁৰৰ কথা:
উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত এইক্ষেত্রত আগভাগ লৈছিল। তেখেতে ২০২০ চনত চৰাইদেউত ৰাজ্য চৰকাৰৰ উদ্যোগত “মে-ডাম্-মে-ফী”ৰ আয়োজনত আগভাগ লোৱাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰাইদেউৰ ঐতিহ্যৰ বিষয়ে অৱগত কৰি এই পৱিত্ৰ স্থলৰ গুৰুত্ব ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবলৈ অনুৰোধ জনাইছিল। চৰাইদেউ মৈদামে যাতে বিশ্ব ঐতিহ্য স্থলীৰ মৰ্যাদা লাভ কৰিব পাৰে, তাৰ বাবে তদানীন্তন মুখ্যমন্ত্রী সোণোৱালৰ নিৰ্দেশত অসম চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰীসকলৰ উপস্থিতিত কেইবাখনো পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল। ২০১৭ চনৰ ফেব্ৰুৱাৰীত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ চৰাইদেউৰ অধিৱেশনত সর্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি চৰাইদেউ অঞ্চলত এক সাংস্কৃতিক ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা হ’ব বুলি মুকলি সভাত ঘোষণা কৰি আৰম্ভণিতে পাঁচ কোটি টকা বাজেটত ধৰা হ’ব বুলি ঘোষণা কৰে। সেই ঘোষণা অনুসৰি সেইবাৰৰ বাজেটত ধনৰাশি ধৰাও হৈছিল। পৰৱৰ্তী বছৰত Archeological Headত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে পঁচিশ কোটিৰ আবণ্টন দিয়া হৈছিল।
তদানীন্তন মন্ত্ৰীৰ দায়িত্বত আছিল কেশৱ মহন্ত। তদুপৰি কেন্দ্ৰীয় পুৰাতাত্ত্বিক বিভাগৰ প্রাক্তন সঞ্চালক ড° কে চি ন’উৰিয়ালক মুখ্য দায়িত্ব দি অসম চৰকাৰে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে আৰু সমিতিয়ে যাৱতীয় কাম আৰম্ভ কৰে। চৰকাৰে ২৫ কোটি টকা মুকলিও কৰি দিয়ে। সেইমতে ড° ন’উৰিয়ালৰ নেতৃত্বত ড:যোগেন ফুকন, ড: দয়ানন্দ বৰগোহাঁই, গড়গাঁৱৰ ড: দিলীপ বুঢ়াগোঁহাই, জীতেন বৰপাত্ৰ গোহাঁই, ড: জাৰিবুল আলম আদিয়ে সকলো সমস্যা, প্রত্যাহ্বান আওকাণ কৰি সময়তকৈ বহুত আগতেই মূল ডচিয়াৰ তৈয়াৰ কৰি দিল্লীত দাখিল কৰে। পৰৱৰ্তীকালত কেন্দ্রীয় কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰা সর্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত সবিশেষ অৱগত আৰু উপস্থাপন কৰি ডচিয়াৰখন ইউনেস্কোলৈ পঠিওৱাত আগভাগ লয়।