Machines in the form of God, AI Jesus in churches in Switzerland:
ছুইজাৰলেণ্ডৰ লিউচৰ্ণ চহৰত এটা গীর্জাত কৃত্রিম বুদ্ধিমত্তা (এআই) ধাৰী হ’ল’গ্রাম যীশুখ্ৰীষ্টৰ মেচিন স্থাপন কৰা হৈছে। গীর্জালৈ স্বীকাৰোক্তি (কনফেচন) দিবলৈ অহা ব্যক্তিৰ স্বীকাৰোক্তি শুনিব এই কৃত্রিম বুদ্ধিমত্তাধাৰী যীশুৱে। এই নতুন মেচিনৰ নাম ‘ডেউচ ইন মচিনা’ অর্থাৎ মেচিনত ভগৱান ৰখা হৈছে। এই মেচিনটো লিউচৰ্ণ ইউনিভাৰছিটি অৱ এপ্লাইড ছায়েন্সেছ এণ্ড আৰ্টছৰ কম্পিউটাৰ বিজ্ঞানী আৰু ধর্ম বিশেষজ্ঞই যৌথভাৱে তৈয়াৰ কৰিলে।
এআই যীশুৱে ১০০ ভাষাত বাৰ্তালাপ কৰিবলৈ সক্ষম। গীর্জালৈ অহা ভক্তই এতিয়াৰে পৰা উক্ত গীর্জাত থকা কনফেচনেল বুথলৈ গৈ এআই যীশুৰ আগত নিজৰ স্বীকাৰোক্তি ব্যক্ত কৰিব পাৰিব। এই এআই যীশুৱে ভক্তৰ স্বীকাৰোক্তি শুনাৰ পাছত তেওঁলোকক প্রয়োজনীয় দিহা-পৰামৰ্শ বিহাৰ লগতে একেবাৰে শেষত ‘শান্তি আপোনাৰ স’তে থাকক’ বুলি আশীর্বাদো দিব।
ইতিমধ্যে কৃত্রিম বুদ্ধিমত্তাধাৰী যীশুৰ সেৱা গ্ৰহণ কৰা একাংশ ব্যক্তিয়ে এই যন্ত্ৰৰ বিশেষ প্রশংসা কৰিছে। অৱশ্যে আন একাংশই গীর্জাত এনে যন্ত্র নিয়োগ কৰাৰ বিৰোধিতা কৰি কয় যে ভক্তৰ স্বীকাৰোক্তি শুনাৰ দায়িত্ব পাড়ুৰিৰ আৰু মেচিনক এনে দায়িত্ব দিয়া অনুচিত। ধর্ম কর্মত এই ধৰণৰ কৃত্রিম বুদ্ধিমত্তাধাৰী যন্ত্র নিয়োগ কৰাটো কিমান উচিত তাক লৈয়ো এক বিতৰ্কৰ সৃষ্টি হৈছে।