Devendra Fadnavis is on track to become the Cm of Maharashtra:
সকলো থিকে থাকিলে অহা সপ্তাহত মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। বিজেপিৰে মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত দিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই ৷ অৱশ্যে এতিয়াও ঘোষণা কৰা হোৱা নাই মুখ্যমন্ত্ৰীৰ নাম ৷
উল্লেখ্য যে,দেশৰ দ্বিতীয় বৃহত্তম ৰাজ্য খনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি মহাযুটিয়ে কংগ্ৰেছ নেতৃত্বাধীন মহা আঘাড়ীক শোচনীয়ভাৱে পৰাভূত কৰিছিল ৷ মুঠ ২৮৮ খন আসনৰ ১৩২ খন লাভ কৰি বিজেপি সৰ্ব বৃহৎ দল ৰূপে বিবেচিত হয় ৷আনহাতে শিৱসেনাই ৫৬,এনচিপিয়ে ৪১ খন পোৱাৰ বিপৰীতে মহা আঘাড়ীৰ শিৱসেনা(ইউবিটি)২১, এনচিপি(শৰত পাৱাৰ)১০,কংগ্ৰেছ ১৪ আৰু অনান্যই ১০ খনতে সীমাবদ্ধ থাকে ৷
বিজেপি মহাযুটিয়ে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাতকৈ বহু অধিক আসন লাভ কৰিলে যদিও মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব এই বিষয়ক লৈ দল তিনিটাৰ একমত হ’ব পৰা যোৱা পাঁচদিন ধৰি ৷ বিহাৰৰ ফৰ্মলাৰে মুখ্যমন্ত্ৰী আসনত সিন্দেক দিয়াৰ দাবী শিৱসেনাৰ বিধায়কৰ ৷ইয়াৰ বিপৰীতে সৰ্ববৃহৎ দল ৰূপে বিজেপিৰ বিধায়ক বৰ্গই ফাড়নবিছকে বিচাৰে ৷আনহাতে এনে ঘটনাক্ৰমৰ মাজতে এন চিপিৰ মুৰব্বী অজিত পাৱাৰে ফাড়নবিছ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে ৷ এনে প্ৰেক্ষাপটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব ৷ ইয়াকে লৈ অব্যাহত থকা তীব্ৰ উৎকণ্ঠাৰ মাজতে গোটেই বিষয়টো এতিয়া প্ৰধানমন্ত্ৰীৰ কৰ্টত ৷
উল্লেখ্য যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ফাড়নবিছকে মুখ্যমন্ত্ৰী পতাৰ ইংগিত দিছে যদিও, বিতৰ্কৰ সূত্ৰপাত নঘটিবলৈকে মহাযুটিয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণাত সময় লৈছে। লক্ষণীয়ভাবে বিজেপি কৰ্মকৰ্তাই ২০২২ চনৰে পৰা ফাড়নবিছক মুখ্যমন্ত্ৰী পতাৰ দাবী তুলি আহিছে। কিন্তু ২০২২ত বিজেপিৰে শিৱসেনাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত একনাথ সিন্দেই লোৱা ভূমিকাৰ বাবে বিজেপি শীৰ্ষ নেতৃত্বই সিন্দেক মুখ্যমন্ত্ৰীৰ পদেৰে সন্মানিত কৰিলে। কিন্তু এইবাৰ বিধান সভাৰ আসনৰ দিশৰ পৰা ১৩২খন আসনেৰে বিজেপি বহু শক্তিশালী।
ইফালে বিজেপি সূত্ৰই অহা সপ্তাহত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি ইংগিত দিছে যদিও এতিয়াও মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হোৱা নাই। এনে ৰাজনৈতিক ঘটনাক্ৰমৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপিয়ে পৰ্যবেক্ষক কমিটি গঠন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱো থকা এই পৰ্যবেক্ষক কমিটিয়ে দুই এদিনতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব। পৰ্যবেক্ষক কমিটিখন বৃহস্পতিবাৰে নিশা বা শুকুৰবাৰে পুৱাৰ ভাগতে মুম্বাইত উপস্থিত হ’ব।
শেহতীয়া খবৰ অনুসৰি শিৱসেনাৰ মুৰব্বী সিন্দেই দেবেন্দ্র ফাড়নবিছ মুখ্যমন্ত্রী হ’লে আপত্তি নাই বুলি আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ ফাড়নবিছকে শিৱসেনাই মানি ল’ব ৷ অৰ্থাৎ মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত হ’ল দেবেন্দ্ৰ ফাড়নবিছৰ ৷ ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই গঠন কৰি দিয়া কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পৰ্যবেক্ষক কমিটিয়ে মুম্বাইত উপস্থিত হৈ শিৱসেনা -এনচিপিৰ দুই মুৰব্বী একনাথ সিন্দে আৰু অজিত পাৱাৰৰ স’তে মতবিনিময় কৰি মাত্ৰ আনুষ্ঠানিকতাহে ৰক্ষা কৰিব ৷ অশ্বিনী বৈষ্ণৱে আনুষ্ঠানিকতা ৰক্ষা কৰি মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী ৰূপে দেবেন্দ্ৰ ফাড়নবিছৰ নামকে ঘোষণা কৰাটো নিশ্চিত হৈছে ৷